বতৰ গৰম হোৱাৰ লগে লগে পিঁপৰাৰ আক্ৰমণ বাঢ়ি যায়! বহুতে পিঁপৰা খেদিবলৈ বিভিন্ন ৰাসায়নিক পদাৰ্থ বা স্প্ৰে ব্যৱহাৰ কৰে। কিন্তু মনত ৰাখিব যে সকলো ৰাসায়নিক পদাৰ্থৰ পাৰ্শ্বক্ৰিয়া থাকে। গতিকে ঘৰুৱা উপায়ৰ ওপৰত নিৰ্ভৰ কৰক। এই ৫ টা টিপছে আপোনাক পিঁপৰা-
বেকিং ছ’ডা আৰু ব’ৰিক এচিড: এই দুটা উপাদান একেলগে মিহলাই স্প্ৰে’ বটলত ভৰাই লওক। য’ত পিঁপৰা বেছি থাকে তাতেই স্প্ৰে’ কৰিব লাগে। ই পিঁপৰাৰ বাবে বিষৰ দৰে কাম কৰে।
ভিনেগাৰ: এটা স্প্ৰে বটলত সমান অংশ ভিনেগাৰ আৰু পানী মিহলাই লওক। য’তেই পিঁপৰা সঘনাই থাকে তাতেই স্প্ৰে’ কৰিব লাগে।
চাবোনেৰে ভৰা পানী: বাচন ধোৱাৰ তৰল চাবোন পানীৰ লগত মিহলাই স্প্ৰে’ৰ বটল এটা ভৰাই লওক। পিঁপৰাৰ ওপৰত স্প্ৰে’ কৰিব লাগে, পিঁপৰাবোৰ পলাই যাব।
জলকীয়াৰ গুড়ি: জলকীয়াৰ গুড়ি পানীৰ লগত মিহলাই স্প্ৰে’ বনাব। ইয়াৰ প্ৰবল, তিতা গোন্ধটো পিঁপৰাবোৰে সহ্য কৰিব নোৱাৰে।
নেমুৰ ৰসঃ নেমুৰ ৰস পানী মিহলাই স্প্ৰে কৰিলে পিঁপৰাক ভয় খুৱাব। এচিডৰ প্ৰবল, তিতা গোন্ধ পিঁপৰাবোৰে সহ্য কৰিব নোৱাৰে।
পিঁপৰাবোৰে প্ৰায়ে দল বান্ধি উপদ্ৰৱ কৰে। পিঁপৰাবোৰে নিজৰ শৰীৰৰ ওজনৰ দহগুণতকৈ অধিক কঢ়িয়াই নিব পাৰে। পিঁপৰাবোৰে নিজৰ শৰীৰৰ পৰা ফেৰ’মন নামৰ এক প্ৰকাৰৰ দুৰ্গন্ধযুক্ত ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে। ক’ৰবালৈ গ’লে গোটেই ৰাস্তাত বিয়পাই দিয়ে। ঘূৰি আহিলে সেই গোন্ধটো পাই উভতি যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














