জুবিন গাৰ্গক মুখাগ্নি মুঠ চাৰিজনে ব্যক্তিয়ে৷
১.ভনীয়েক পাল্মী বৰঠাকুৰ
২.ভায়েক ঋতু প্ৰয়াগ গাৰ্গ (খুৰাকৰ পুত্ৰ)
৩.ৰাহুল গৌতম শৰ্মা,আৰু
৪.অৰুণ গাৰ্গ।
কিন্তু এই অৰুণ গাৰ্গ কোন? সেই প্ৰশ্ন বহুতৰে মনত উত্থাপন হৈছে৷ দৌলবাগান শিৱসাগৰৰ এজন আদিবাসী চাহ জনগোষ্ঠীয় ল’ৰা৷ গুৱাহাটীলৈ আহি জুবিনদাৰ পৰিয়ালত এজন কৰ্মচাৰী হিচাপে আহিছিল ৷ আৰু জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্য হৈ পৰিল অৰুণ৷ অৰুণে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়াহঁতৰ লগত কাহিলীপাৰাতে থাকে ৷ জুবিন গাৰ্গেই তাক উপাধি দিছিল গাৰ্গ ৷ শেষত সেয় সেই সাধাৰণ লৰাজনৰ পৰিচয় হ’ল অৰুণ গাৰ্গ।
অৰুণ গাৰ্গে আজি জুবিন গাৰ্গৰ মুখাগ্নি কৰিছে ৷ জুবিন গাৰ্গে নিজকে মানুহ বুলি কৈছিল৷ জুবিনে কৈছিল, মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই৷ মই মুক্ত৷ মই মানুহ৷ সেয়াই জুবিন৷ বিগত দুটা দিনত সেই কথা বিশ্বই দেখিছে৷ বিগত দুদিন সৰুসজাইত জুবিন গাৰ্গৰ কফিন দিনে নিশাই মচি থকা লৰাজনেই অৰুণ গাৰ্গ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















