• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যুৰ দিনা গাবলৈ গান,চিতাত জাপিবলৈ নিজে ৰোৱা চন্দন গছজোপাৰ কাঠ ব্যৱহাৰ কৰিব পৰাকৈ থৈ যোৱা মানুহ আছিল জুবিন, কি দি যোৱা নাই জুবিনে অসমক?

মৃত্যুৰ দিনা গাবলৈ গান,চিতাত জাপিবলৈ নিজে ৰোৱা চন্দন গছজোপাৰ কাঠ ব্যৱহাৰ কৰিব পৰাকৈ থৈ যোৱা মানুহ আছিল জুবিন, কি দি যোৱা নাই জুবিনে অসমক?

1 year ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

1 hour ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

2 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

3 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

3 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

4 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

5 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

5 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

6 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

7 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

7 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মৃত্যুৰ দিনা গাবলৈ গান,চিতাত জাপিবলৈ নিজে ৰোৱা চন্দন গছজোপাৰ কাঠ ব্যৱহাৰ কৰিব পৰাকৈ থৈ যোৱা মানুহ আছিল জুবিন, কি দি যোৱা নাই জুবিনে অসমক?

মৃত্যুৰ দিনা গাবলৈ গান,চিতাত জাপিবলৈ নিজে ৰোৱা চন্দন গছজোপাৰ কাঠ ব্যৱহাৰ কৰিব পৰাকৈ থৈ যোৱা মানুহ আছিল জুবিন, কি দি যোৱা নাই জুবিনে অসমক?

editor by editor
September 23, 2025
in জীৱনশৈলী
0
মৃত্যুৰ দিনা গাবলৈ গান,চিতাত জাপিবলৈ নিজে ৰোৱা চন্দন গছজোপাৰ কাঠ ব্যৱহাৰ কৰিব পৰাকৈ থৈ যোৱা মানুহ আছিল জুবিন, কি দি যোৱা নাই জুবিনে অসমক?
0
SHARES
750
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কি আছিল জুবিন গাৰ্গ? জুবিন গাৰ্গক লৈ সামাজিক মাধ্যমত গায়ত্ৰী প্ৰান্তিক শৰ্মাই লিখিছে-

মৃত্যুৰ দিনা গাবলৈ গান (নে প্ৰাৰ্থনা!) এটা লিখি থৈ যোৱাৰ পৰা চিতাত জাপিবলৈ নিজে ৰোৱা চন্দন গছজোপাৰ কাঠ ব্যৱহাৰ কৰিব পৰাকৈ থৈ যোৱা মানুহ আছিল জুবিন।

◆ প্ৰতিটো পৰিস্থিতিৰ সৈতে মিলি যোৱাকৈ গীতবোৰ নিজেই গাই থৈ যোৱা মানুহ আছিল জুবিন। আজি তিনিদিন ৰাতিয়ে দিনে গীতকে বাজি থাকিল কিন্তু এটাও আনৰ গান বজাবলগীয়া নোহোৱাকৈ গাই থৈ যোৱা মানুহ আছিল জুবিন।

◆ ‘ভাৰত চৰকাৰে কি দিবহে মোক! আমিহে ওলোটাই চাহ দিছোঁ, গড় দিছোঁ আৰু জুবিন গাৰ্গ দিছোঁ’ বুলি বুকু ফিন্দাই ক’ব পৰা মানুহ আছিল জুবিন।

◆ এখন মঞ্চত থিয় হৈ সত্ৰাধিকাৰক, চৰকাৰক সৎ সাহসেৰে বুকুত উদয় হোৱা প্ৰশ্নবোৰ কৰিব পৰা মানুহ আছিল জুবিন।

◆ গান গোৱা মানুহ এজনে চিনেমা এখন বনালে। তাকো দৌৰি দৌৰি মানুহক চাবলৈ নিব পৰা মানুহ আছিল জুবিন।

◆ ‘মোৰ মৃত্যুত সাতদিন বন্ধ হ’ব’ বুলি কৈ থৈ যাব পৰা মানুহ আছিল জুবিন।

◆ হাজাৰ হাজাৰ মানুহ হোৱা এওঁৰ অনুষ্ঠান এটাত আৰক্ষীয়ে চম্ভালিব নোৱাৰাকৈ উৎপাত কৰে তেওঁৰ অনুৰাগীয়ে। আৰক্ষীয়ে চম্ভালিব নোৱাৰি হতাশ হোৱাৰ সময়তে তেওঁ মাইক্ৰ’ফোনটো লৈ এবাৰ মাত্ৰ কৈ উঠে- ‘ ঐ উৎপাত কমকৈ কৰ। একদম হুলস্থুল নকৰিবি’- মাত্ৰ এষাৰ বাক্যতে শান্ত হৈ পৰে অগণন জনতা। সেই শক্তি আছিল কেৱল জুবিনৰ মাতত।

সেইজন মানুহ গ’লগৈ। আৰু এজন জুবিন গাৰ্গ নোলায় সেয়া সঁচা কথা। কিন্তু এইকেইদিনৰ অসমখন চাই এনে ভাৱ হৈছে যে জুবিনে তেওঁৰ দৰেই হ’বলৈ মানুহবোৰক শিকাই থৈ গ’ল।

এজন মানুহৰ মৃত্যুত যে বিশিষ্ট লোকৰ পৰা আৰম্ভ কৰি পদপথৰ মগনীয়াজনলৈকে, কণ কণ শিশুৰ পৰা আৰম্ভ কৰি নব্বৈ বছৰীয়া বৃদ্ধজনলৈকে মানুহে কান্দিব পাৰে সেয়া কেৱল জুবিনেহে শিকাই থৈ গ’ল। ডিউটি দি থকা আৰক্ষীয়ে হুকহুকাই কান্দিলে, বৃদ্ধ চিকিউৰীতি গাৰ্ডজনে কলপাতত ফুল কেইপাহমান লৈ ৰৈ থাকিল। কুকৰকেইটা, বান্দৰটো ফটোৰ সন্মুখত দীঘল দি পৰি থাকিল, খোজ কাঢ়িব নোৱাৰা আইতাগৰাকীয়ে লাখুটিত ভৰ দি দি সৰুসজাই পালেগৈ… এয়া কেৱল জুবিনেহে পাৰিছিল। ‘মানুহ হোৱাৰ সমান ধৰ্ম নাই’ এয়া কেৱল জুবিনে শিকাব পাৰিছিল। দৈনিক এশটা মৃত্যুৰ খবৰ দিয়া সাংবাদিকে সকলো এথিকছ পাহৰি, মেচিন হ’বলৈ পাহৰি হুকহুকাই কান্দি বাতৰি পঢ়িলে- এই চকুপানী কেৱল জুবিনৰ বাবে আছিল।

এইকেইদিন দেখা অসমখন চাই ওপৰৰ পৰা এবাৰ হ’লে জুবিন গাৰ্গে সুখেৰে হাঁহিছে। মনে মনে চাগে কৈছেও

‘ মোৰ অৱৰ্তমানত ইহঁতবোৰে মোৰ অসমখনক অসম কৰি ৰাখিব। ইয়াতকৈ মোৰ আত্মাক আৰু লাগে কি! ইয়াতকৈ বেছি আৰু মই বিচাৰিছিলোঁনো কি’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
Next Post
ইযে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ, ইযে ৰূদ্ধ আত্ম বেদনা নিজৰি ওলোৱা অনল ভাঁপ…জুবিন বিহীন অসম

ইযে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ, ইযে ৰূদ্ধ আত্ম বেদনা নিজৰি ওলোৱা অনল ভাঁপ...জুবিন বিহীন অসম

জুবিনৰ লগতে থাকিব জুবিনক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰও চলাই থকা হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বেই কৈছিল এই কথা

জুবিনৰ লগতে থাকিব জুবিনক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰও চলাই থকা হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বেই কৈছিল এই কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.