পলাই থকা বুলি কোৱা শ্যামকানু মহন্তই নিজৰ সামাজিক মাধ্যম একাউণ্টত শ্বেয়াৰ কৰিছে এটা ভিডিঅ৷ শ্যামকানুৱে কৈছে- মই আজি গুৱাহাটীলৈ যোৱাৰ কথা আছিল৷ মোক গুৱাহাটীলৈ অহিলে কাটিম মাৰিম বুলি মেছেজ আহি আছে বাবে মই যাব পৰা নাই৷ গৰিমা মোৰ ভগ্নীৰ নিচিনা৷ মই তেওঁৰ কাষত ঠিয় দিব পৰা নাই৷ জুবিন গাৰ্গক আমি কিয় মাতি আনিছিলো৷ প্ৰথম আমি ২০১৩ চনত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলো৷ তেতিয়াৰে পৰাই জুবিন আমাৰ সৈতে জড়িত হৈ আছে৷ আমি যতেই অনুষ্ঠান কৰো তেওঁৰ লগত আলোচনা কৰিহে কৰো৷ কাৰণ তেওঁ আমাৰ বেণ্ড এম্বেছাডৰ৷ পূৰ্বেও দুবাৰকৈ তেওঁ বেংককলৈ গৈছে৷
এইবাৰো আমি ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে তেওঁক সুধিছো৷ তেওঁ যাম বুলি কৈছিল৷ লগতে সন্দীপনক লৈ যোৱাৰ কথা কয় তেওঁ৷ ছিংগাপুৰলৈ আমি জুবিনক মতাতো পাপ নহয়৷ তেওঁ অসমৰ আটাইতকৈ ডাঙৰ ছিংগাৰ গতিকে আমি তেওঁক মতাতো কেনেকৈ ভুল হব পাৰে? তেখেতে ১৭ ছেপ্টেম্বৰত ছিংগাপুৰলৈ আহিছিল৷ তেওঁৰ দলটোক আমি পেন পেছিফিক হোটেলত ভালকৈ ৰাখিছিলো৷ তেওঁ ভুপেন হাজৰিকাক তাৰ পৰা ট্ৰিবিউট দিয়াৰ কথা আছিল৷
১৯ ছেপ্টেম্বৰত আমাৰ মিটিং চলি থকাৰ সময়ত ঘটিছে৷ আমাৰ মিটিং আৰম্ভ হৈছিল ১২ মান বজাত আৰু ঘটনাৰ খবৰ পাইছিলো ৩.৩০ মিনিটত৷ সিদ্ধাৰ্থই খবৰটো দিছিল৷ ঘটনাটো শুনি আমি কি কৰিব নকৰিম ভাৱিব পৰা নাছিলো৷ এই ঘটনা শুনি আমি অনুষ্ঠান বাতিল কৰিছিলো৷ ভাৰতীয় ৰাষ্ট্ৰদূতে আমাৰ অনুষ্ঠানতো সম্পূৰ্ণ বাতিল কৰিছিল৷ আমি মৰ্গত থাকি জুবিনৰ শৰীৰটো পঠিওৱাৰ ব্যৱস্থা কৰাত লাগিলো৷ মই কব খুজিছো এই ঘটনাৰ সৈতে আমি কোনো প্ৰকাৰে জড়িত নহয়৷ কেইজনমান ব্যক্তিয়ে মিলি আমাক হত্যা কৰাৰ পৰিকল্পনা চলিছে৷ কিয় কৰিছে নাজানো৷ SIT তদন্তক আমি সহযোগ কৰিম৷ আমি শ্ৰদ্ধা জনাইছো এই কাৰ্যক৷
এই ঘটনাই আমাক সম্পূৰ্ণভাৱে বিধ্বস্ত কৰিছে৷ জুবিন আমাৰ হৃদপিণ্ড আছিল৷ আমি সকলো বিধ্বস্ত৷ আমাৰ ফেক ভিডিঅ, ফেক ফোনকল ভাইৰেল হৈছে৷ তেওঁ আমাৰ অনুষ্ঠানটোৰ গুৰুত্ব বুজিছিল৷ আমাৰ জুবিনৰ স্মৃতিত কৰিব লগা বহু আছে৷ আমি বিচাৰিছো ন্যায় হওক৷ দেশত আইন আছে৷ আমি ন্যায়ালয়ত সুৰক্ষা বিচাৰিছো, চৰকাৰৰ পৰা সুৰক্ষা বিচাৰিছো, ৰাইজৰ পৰা ন্যায় বিচাৰিছো৷ আশীৰ্বাদ কৰিব ধন্যবাদ৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















