ভাৰতত ঐতিহ্যগতভাৱেই সোণৰ গুৰুত্ব অপৰিসীম৷ ভাৰতৰ দৰে সোণৰ গহনাৰ প্ৰতি আকৰ্ষণ অন্য ক’তোৱেই নাই৷ ইয়াৰোপৰি সোণক সকলো সময়তে নিৰাপদ বিনিয়োগ হিচাপে বিবেচনা কৰা হয়৷ কিন্তু সময় সলনি হৈছে৷ এতিয়া মানুহে ক্ৰমশ ঐতিহ্যবাহী সোণতকৈ ডিজিটেল সোণ ক্ৰয়ক গুৰুত্ব দিছে৷ লকাৰ বা নিৰাপত্তাৰ চিন্তা নকৰাকৈ ডিজিটেল গল্ডত বিনিয়োগ কৰিব পাৰে৷
মোবাইল এপ বা অনলাইন প্লেটফৰ্মৰ মাধ্যমেৰে ইয়াক ক্ৰয় কৰিব পাৰে৷ অন্যহাতে নিয়মিত সোণৰ ক্ষেত্ৰত ক্ৰয়, বিশুদ্ধতা আৰু সংৰক্ষণৰ কিছু অসুবিধা থাকে৷ ডিজিটেল সোণত এনে কোনো অসুবিধা নাই৷ সেয়ে বহুতেই এতিয়া ডিজিটেল সোণত বিনিয়োগ কৰিবলৈ লৈছে৷
ডিজিটেল সোণ নে ফিজিকেল সোণত বিনিয়োগ বেছিকৈ লাভজনক?
ডিজিটেল সোণৰ সুবিধা বেছি হোৱা হেতুকে বৰ্তমান ফিজিকেল সোণৰ গহনাৰ তুলনাত ডিজিটেল সোণত বিনিয়োগ বাঢ়িছে৷ ডিজিটেল সোণত বিনিয়োগৰ সকলোতকৈ ডাঙৰ সুবিধা হৈছে, ঘৰত এই সোণ সংৰক্ষণৰ প্ৰয়োজন নাই৷ ডিজিটেল সোণ ক্ৰয়ত আপুনি যিকোনো পৰিমাণৰ সোণ ক্ৰয় কৰিব পাৰে, মাত্ৰ ১০০ টকাৰো সোণ আপুনি ক্ৰয় কৰিব পাৰে৷ আৰু ই খাটি ২৪ কেৰেট সোণৰ বিনিয়োগ৷ ভৱিষ্যতে যিকোনো সময়ত ইয়াক বিক্ৰিও কৰিব পাৰে৷ Paytm, Google Pay আৰু PhonePe-ৰ দৰে প্লেটফৰ্মতো ইয়াক ক্ৰয় কৰিব পাৰে৷ সোণ এক সুৰক্ষিত ভল্টত সংৰক্ষণ কৰা হয় বাবে চুৰি বা ক্ষতিৰ কোনো ভয় নাই৷ ই বিনিয়োগক তৰল কৰি তোলে যাৰ অৰ্থ প্ৰয়োজনত ই দ্ৰুত নগদলৈ ৰূপান্তৰিত কৰা যায়৷ সৰু বিনিয়োগকাৰীসকলৰ বাবে ই এক ভাল বিকল্প৷
সাধাৰণ সোণৰ সুবিধা ডিজিটেল সোণৰ তুলনাত ফিজিকেল সোণৰ নিজস্ব সুবিধা আছে৷ ডিজিটেল সোণ ডিজিটেলভাৱে সংৰক্ষণ কৰা হয় আৰু এই সোণ আপুনি পিন্ধিব নোৱাৰে৷ কিন্তু ফিজিকেল সোণ আপুনি অলংকাৰ হিচাপে পিন্ধিব পাৰে৷ জনসাধাৰণে ইয়াক কেৱল এক বিনিয়োগ হিচাপে নহয়, বৰং এক পাৰিবাৰিক সম্পদ হিচাপেও ৰাখে৷ ঋণ লাভৰ বাবে সোণৰ গহনা বহুতে বন্ধকো দিয়ে৷ যেতিয়া বজাৰত সোণৰ দাম বাঢ়ি যায় তেতিয়া লাভ অৰ্জনৰ বাবে এই সোণ বহুতে বিক্ৰিও কৰে৷ অৱশ্যে ডিজিটেল সোণ এক নিৰাপদ সম্পদ হিচাপে ভাল৷ ঐতিহ্য আৰু আৱেগগত মূল্যৰ কাৰণে নিয়মিত সোণে এতিয়াও তাৰ স্থান ধৰি ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ