• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

6 months ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

1 hour ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

2 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

3 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

4 hours ago
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

5 hours ago
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

6 hours ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

7 hours ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

8 hours ago
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

8 hours ago
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

10 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

21 hours ago
চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব...! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

editor by editor
December 5, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?
0
SHARES
791
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দ্বিতীয় দিনাও ইণ্ডিগৰ বিমান পৰিসেৱা স্বাভাৱিক হোৱা নাই৷ বৃহস্পতিবাৰে দিনজুৰি মুঠ ৫৫০ খন বিমান বাতিল কৰিলে ইণ্ডিগ’ই৷ চলিত অব্যৱস্থাৰ বাবে বৃহস্পতিবাৰে নিশা যাত্ৰীসকলৰ ওচৰত ক্ষমাও বিচাৰিছে ইণ্ডিগ’ই৷ বৃহস্পতিবাৰে দিনে নিশাই দেশৰ বিভিন্ন বিমানবন্দৰত ইণ্ডিগ’ বিমান চলাচলত বিষম গাফিলতি দেখা গৈছে৷ ইণ্ডিগ’ৰ যাত্ৰীসকলৰ অভিযোগ যে যথাযথ খাদ্য আৰু আশ্ৰয় অবিহনেই ঘণ্টাৰ পাছত ঘণ্টা বিমানবন্দৰত অপেক্ষা কৰিছে তেওঁলোকে৷ কিন্তু ঠিক কোন সময়ত নিৰ্দিষ্ট গন্তব্যৰ বিমান এৰিব সেয়া এতিয়াও বিমানসংস্থাৰ তৰফৰ পৰা জনোৱা হোৱা নাই৷

হায়দৰাবাদৰ পৰা কলকাতা, দিল্লীৰ পৰা মুম্বাই-দেশৰ বিভিন্ন বিমানবন্দৰৰ টাৰ্মিনেলত যাত্ৰীসকলে বেগপত্ৰ, ছুটকেছ জমা কৰিছে৷ বহু যাত্ৰীয়ে বাধ্য হৈ টাৰ্মিনেলৰ ভিতৰত শুয়েই নিশা কটাইছে৷ বহুতেই খাদ্য আৰু পানীৰ বাবে হাহাকাৰ কৰি ক্ষোভো উজাৰিছে৷ বিমানসংস্থাৰ বিৰুদ্ধে শ্লোগানো উঠিছে বিভিন্ন বিমানবন্দৰত৷ এগৰাকী যাত্ৰীয়ে কয়, ‘আমি ১২ ঘণ্টা ধৰি অপেক্ষা কৰি আছো৷ প্ৰতিবাৰেই ইণ্ডিগ’ই কৈছে এক-দুইঘণ্টা পলম হব৷ তেওঁলোকৰ কৰ্মীসকলেও একো কব খোজা নাই৷’ যাত্ৰীসকলৰ একাংশৰ প্ৰশ্ন-বৰ্তমান পুৰণি যাত্ৰীসকলকলে যদি পঠিয়াব পৰা নাই আকৌ নতুনকৈ টিকট দি যাত্ৰীসকলক কিয় বিমানবন্দৰলৈ আনি থকা হৈছে?

বিভিন্ন সংবাদসংস্থাৰ প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰে ইণ্ডিগৰ বহু আন্তৰ্জাতিক বিমানো বাতিল কৰিছে৷ কেৱল দিল্লী বিমানবন্দৰতেই ১৭২ খন বিমান বাতিল কৰা হৈছে৷ মুম্বাই আৰু বাংগালুৰুত এই সংখ্যা ক্ৰমে ১০০ আৰু ৭৫৷ বৃহস্পতিবাৰে নিশা চাৰে ১১ বজাত সামাজিকমাধ্যমত এটা পোষ্ট কৰি ইণ্ডিগৰ এই খেলিমেলিৰ বাবে ক্ষমাও খুজিছে৷ সেই পোষ্টত তেওঁলোকে জনাইছে যে পৰিসেৱা স্বাভাৱিক কৰাৰ বাবে ইণ্ডিগই ভাৰতৰ বিমানবন্দৰ কৰ্তৃপক্ষ উৰাণ নিয়ন্ত্ৰক সংস্থা আৰু সংশ্লিষ্ট অন্যান্য সংস্থাসমূহে কাম কৰি আছে৷ সংবাদসংস্থা পিটিআইৰ সূত্ৰৰ উদ্ধৃতি দি জনাইছে যে দিল্লীসহ দেশৰ বিভিন্ন বিমানবন্দৰ মিলাই শুকুৰবাৰে ৪০০খন বিমান বাতিল কৰিছে ইণ্ডিগই৷

ইতিমধ্যেই পৰিস্থিতি মোকাবিলাৰ বাবে দেশৰ অসামৰিক বিমান পৰিবহন সংস্থাই কাম আৰম্ভ কৰিছে৷ বিমানমন্ত্ৰী ৰামমোহন নায়ডুয়ে সামগ্ৰিক পৰিস্থিতিক লৈ তেওঁৰ মন্ত্ৰণালয়ৰ অধিকাৰি আৰু ইণ্ডিগ কৰ্তাসকলৰ সৈতে কথা পাতিছে৷ ইণ্ডিগৰ তৰফৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীক জনোৱা হৈছে যে তেওঁলোকৰ পৰিসেৱা সম্পূৰ্ণ স্বাভাৱিক কৰিবৰ বাবে ১০ ফেব্ৰুৱাৰী পৰ্যন্ত সময় লাগিব৷

পৰিসেৱাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰাৰ বাবে প্ৰযুক্তিগত ত্ৰুটি, শীতকালীন সময়সূচী পৰিবৰ্তন, প্ৰতিকূল বতৰ, বিমান ব্যৱস্থাৰ ক্ৰমবৰ্ধমান যানজট আৰু বিমানকৰ্মীসকলৰ কামৰ সংশোধিত সময়সূচী বুলি জনাইছে ইণ্ডিগই৷ বিগত মাহত বিমানকৰ্মীসকলৰ সংশোধিত কামৰ সময়সূচী বা ফ্লাইট ডিউটি টাইম লিমিটেছন অনুসৰি এজন বিমানকৰ্মীয়ে দিনে ৮ ঘণ্টা সময়, সপ্তাহত ৩৫ ঘণ্টা, মাহত ১২৫ ঘণ্টা আৰু বছৰত সৰ্বোচ্চ ১০০০ ঘণ্টা কাম কৰাৰ কথা৷ ইণ্ডিগৰ খবৰ অনুসৰি এই নিয়ম আৰম্ভ হোৱাৰ পাছতেই সংস্থাৰ কৰ্মীসংখ্যা কমিছে৷ তাৰ ওপৰিও যাত্ৰীৰ ভিৰ বাঢ়ি গলে অত্যধিক চাপ লব লগা হৈছে ডিউটিত থকা কৰ্মীসকলে৷ সেই কাৰণেই পাইলট আৰু পৰ্যাপ্ত কেবিন ক্ৰু নথকাৰ বাবে বহু উৰান বাতিল কৰা হৈছে৷ কেতিয়াবা কেতিয়াবা আৰু উৰানৰ সময়সূচীও সলনি কৰা হৈছে৷
বুধবাৰৰ দিনাও ইণ্ডিগৰ ২০০খনতকৈ বেছি বিমান বাতিল হৈছিল৷ যাৰ বাবে দিল্লী, মুম্বাই, বাংগালুৰুৰ দৰে দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিমানবন্দৰত ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰিব লগা হৈছিল যাত্ৰীসকলে৷ কেৱল সেয়াই নহয় জানিব পৰা মতে সমগ্ৰ নৱেম্বৰ মাহত মুঠ ১২৩২ খন ইণ্ডিগ বিমানৰ উৰান বাতিল হৈছিল৷ বৃহস্পতিবাৰেও একেই পৰিবেশ৷ আজিও একেই পৰিবেশ৷ সেয়ে এই পৰিস্থিতিৰ বাবে এতিয়া বহুসংখ্যক যাত্ৰীয়েই  ইণ্ডিগ বিমানৰ টিকট বাতিল কৰি অন্য বিমানসংস্থাৰ শৰণাপন্ন হৈছে৷ সেই ক্ষেত্ৰত অন্য সংস্থাসমূহৰ টিকটৰ দাম বঢ়াই দিব পাৰে বুলিও ধাৰণা কৰিছে বহুসংখ্যক লোকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?
বিশ্ব

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

June 16, 2026
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?
বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

June 16, 2026
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম
শিক্ষা

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

June 16, 2026
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?
বিশ্ব

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

June 16, 2026
Next Post
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.