বহু সময়ত কোনো স্থান, সময় বা মানুহৰ নাম পাহৰি পেলায়৷ কোনোপ্ৰকাৰেই সেই নাম মনত পেলাব নোৱাৰে৷ বয়সৰ সৈতে এই পাহৰি যোৱাৰ সমস্যা বাঢ়ি থাকিলে সেয়া অৱহেলা কৰা উচিত নহয়৷ বৰ্তমান সময়ত ডিমেনছিয়া আৰু আলঝাইমাৰ্ছ ৰোগ ক্ৰমশ বাঢ়িছে৷ এই ৰোগসমূহে কেৱলমাত্ৰ স্মৃতিবিভ্ৰম ঘটোৱাই নহয়, বৰং মস্তিষ্কৰ সঠিক কামসমূহকো ধীৰে ধীৰে বিঘ্নিত কৰি থাকে৷
মস্তিষ্কৰ স্বাস্থ্য সঠিক ৰাখিবলৈ বজাৰত একাধিক ঔষধ পোৱা যায়৷ সেইসমূহ সাধাৰণতে বহু দামী৷ বিজ্ঞানীয়ে দাবী কৰে যে কিছু সহজ আৰু লাভজনক উপায় অৱলম্বন কৰি মস্তিষ্কৰ স্বাস্থ্য ভালে ৰাখিব পাৰিব৷ সেইসমূহৰ ভিতৰত আছে ভিটামিন বি৷ বিশেষকৈ ভিটামিন বি৬, বি৯ আৰু বি১২৷ এইসমূহে দীৰ্ঘ সময় ধৰি মস্তিষ্ক সচল ৰখাত সহায়ক হয়৷
কি কৈছে ৰিচাৰ্ছে?
২০১১ চন আৰু ২০১৪ চনৰ ভিতৰত ৰাষ্ট্ৰীয় স্বাস্থ্য আৰু পোষণ পৰীক্ষা সৰ্বেক্ষণৰ এক ডাঙৰ গৱেষণাত দেখা গৈছে, ভিটামিন বি বয়স বঢ়াৰ লগে লগে মানুহৰ মস্তিষ্কৰ স্বাস্থ্যত প্ৰভাৱ পেলাব৷ মানুহে ভাৱিব, মনত ৰাখিব আৰু একাগ্ৰ থকাৰ ক্ষেত্ৰত কেনেকৈ সাহায্য কৰে ভিটামিন বিয়ে? জানি থওক গৱেষণাৰ তথ্য৷
ই ৰিচাৰ্ছৰ মাধ্যমেৰে জনা গৈছে, ভিটামিন বি৯, ভিটামিন বি১২, পৰ্যাপ্ত পৰিমাণে শৰীৰত প্ৰৱেশ কৰিলে স্মৃতিবিভ্ৰাট হোৱাটো কিছুপৰিমাণে কমি যায়৷ এই দুই ভিটামিনে মস্তিষ্কৰ পৰিবৰ্তন ধীৰ কৰি দিয়ে আৰু সক্ৰিয় থকাত সহায় কৰে৷ ভিটামিন বি৬য়ে অন্যহাতে ফোকাচ বজায় ৰখাত সহায় কৰে৷ দ্ৰুত ভাৱনাচিন্তা কৰাৰ ক্ষমতাও বঢ়ায়৷ যিকোনো কামত ফূৰ্তি থাকে৷
কিয় জৰুৰী ভিটামিন বি?
মস্তিষ্কৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে৷ হেমোচিষ্টিন নামৰ ক্ষতিকৰ পদাৰ্থক নিয়ন্ত্ৰণত ৰাখে৷ ই বাঢ়ি গলে মূৰৰ কোষ ক্ষতিগ্ৰস্থ হব পাৰে৷
মুড আৰু স্মৃতি অনুসৰি প্ৰয়োজনীয় কেমিকেল তৈয়াৰ কৰে৷ বি ভিটামিন চেৰিটোনিন, ডোপামাইনৰ দৰে নিউৰোট্ৰেন্সমিটাৰ তৈয়াৰত সহায়ক হয়৷ সেই ঔষধে মুড, টোপনি আৰু স্মৃতি আৰু উন্নত কৰে৷
নাৰ্ভ মজবুত ৰাখে৷ ভিটামিন বি১২ নাৰ্ভৰ চাৰিওপাশে অৱস্থিত মাইলিনক মজবুত ৰাখে৷ ইয়াত মস্তিষ্ক দ্ৰুত কাম কৰে আৰু চিন্তাভাৱনা, বিচাৰ বিবেচনা কৰাৰ ক্ষমতা সঠিক ৰাখে৷
ভিটামিন বি কিহৰ পৰা লাভ কৰিব?
ভিটামিন বি৬ঃ ভিটামিন বি৬ মাছ, আলু, কল আৰু সেউজীয়া পাচলিত পোৱা যায়৷
ভিটামিন বি৯ঃ সেউজীয়া পাচলি, দাইল, ড্ৰাই ফ্ৰুইট আৰু ফলৰ পৰা পোৱা যায়৷
ভিটামিন বি৯ঃ কণী, দৈ, মাংস আৰু মাছ খালে শৰীৰত ভিটামিন বি৯ৰ ঘাটি পূৰণ হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















