অসম লাইভ ২৪ঃ লাডাখৰ গালৱানত চীন-ভাৰতৰ ৰক্তক্ষয়ী সংঘাতৰ পাছত দক্ষিণ এছিয়াৰ কূটনৈতিক সমীকৰণ প্ৰতিপলে সলনি হৈছে। ভাৰতক প্ৰতিবেশী দেশসমূহৰে সম্পৰ্ক বিঘ্নিত কৰি এঘৰীয়া কৰাৰ কৌশল জাৰি ৰাখিছে বেইজিঙে। চীনৰ এই ৰণনীতিয়ে ইতিমধ্যে প্ৰভাৱ পেলাইছে ভাৰত-নেপাল বা ভাৰত-ভূটান দ্বিপাক্ষিক সম্পৰ্কত। আন্তঃজাতিক বিশেষজ্ঞসকলৰ মতে, চীনৰ এই কৌশলৰ আঁৰত আছে সাম্ৰাজ্যবাদী মনোভাৱৰ ভৌগোলিক আগ্ৰাসন। আছে, সমগ্ৰ এছিয়াতে বজাৰ দখলৰ অভিসন্ধিও। এনে উদ্দেশ্য আগত ৰাখিয়ে বাংলাদেশক বহু বছৰ ধৰি টাৰ্গেট কৰি আহিছে ড্ৰেগনৰ দেশে। ভাৰতৰ চুবুৰীয়া দেশখনৰ প্ৰায় প্ৰতিখন বজাৰতে এতিয়া চীনা পণ্যৰ পয়োভৰ। আনকি ঢাকাৰ শ্বেয়াৰ বজাৰতো বেইজিঙৰ প্ৰভাৱ বৃদ্ধি পাইছে। ৰঙা চীনৰ এনে হাতোৰাৰ পাছতো দিল্লীৰে সু-সম্পৰ্ক বজাই ৰাখিছে ঢাকাই। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সদায়ে ভাৰতক সমৰ্থন কৰি আহিছে বাংলাদেশে। সম্প্ৰতি চীন-ভাৰতৰ বৈৰিতাই মুকলি ৰণৰ পৰিৱেশ সূচনা কৰিছে। গালৱানত ২৪ ঘন্টাই বাজিছে যুদ্ধৰ দামামা। এনে প্ৰেক্ষাপটত প্ৰশ্ন উঠিছে, ভাৰতৰ বন্ধু ৰাষ্ট্ৰখনে কাৰ পক্ষ ল’ব- জিংপিং নে মোদীৰ? বাংলাদেশৰ সংবাদ মাধ্যমৰে হোৱা এক সাক্ষাৎকাৰত দেশখনৰ বিদেশ মন্ত্ৰী এ কে আব্দুল মোমনে স্পষ্ট ভাষাত কৈছেঃ ‘দুয়োখন দেশে বাংলাদেশৰ ঘনিষ্ঠ দেশ। দুয়োখন দেশৰ শান্তিপূৰ্ণ সহাৱস্থান আমি বিচাৰো। উন্নয়নৰ বাবে শান্তি আৰু স্থিতিশীলতাৰ প্ৰয়োজন।‘ দুয়োখন দেশে সংযম হৈ অবিলম্বে উত্তেজনা প্ৰশমণৰ পদক্ষেপ ল’বলৈয়ো আহ্বান জনায় হাছিনা চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ