প্ৰসিদ্ধ বুলগেৰিয়ান ভৱিষ্যদ্বক্তা ভাংগা বাবাই কৰা ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি সদায়ে চৰ্চা থাকে। বাবা ভাংগাই কৰা ভৱিষ্যদ্বাণী মতেই বৰ্তমান ইউৰোপে প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ কবলত পৰিছে। বাবা ভাংগাই কৰা ভৱিষ্যদ্বাণী মতেই আমেৰিকা-ইৰানৰ যুদ্ধ তিনিমাহ ধৰি চলিছিল। অৱশ্যে বাবা ভাংগাৰ ভৱিষ্যদ্বাণীৰ সত্যতাৰ বিষয়ে বহুজনৰ বহু মত আছে আৰু ইয়াৰ প্ৰধান কাৰণ হৈছে এই ভৱিষ্যদ্বাণীসমূহৰ নাই কোনো বৈজ্ঞানিক প্ৰমাণ। তথাপিও তেওঁৰ ভৱিষ্যদ্বাণীসমূহ সমগ্ৰ বিশ্বজুৰি কোটি কোটি লোকে আগ্ৰেহেৰে পঢ়ে। বাবা ভাংগাৰ ভৱিষ্যদ্বাণীৰ সাৰমৰ্ম অনুসৰিয়েই জুলাই মাহটো বিশেষকৈ ৫টা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ধন লাভ, কৰ্মজীৱনত উন্নতি আৰু নতুন সুযোগ লাভৰ শক্তিশালী সম্ভাৱনা দেখা গৈছে। আহকচোন জানো বাবা ভাংগাৰ ভৱিষ্যদ্বাণী মতে কোনবোৰ ৰাশিৰ জাতক-জাতিকাৰ এই মাহটো উত্তম হ’ব।
মেষ (Aries)
বাবা ভাংগাৰ মতে, মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই মাহটো কৰ্মজীৱনত সফলতাৰ নতুন অধ্যায় আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা আৰু সহযোগিতা লাভ কৰিব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা পদোন্নতি, দৰমহা বৃদ্ধি বা নতুন দায়িত্ব লাভৰ সম্ভাৱনাও নাকচ কৰিব নোৱাৰি। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি, লাভজনক ব্যৱসায়িক সম্পৰ্ক আৰু আয় বৃদ্ধিৰ সুযোগ আহিব পাৰে। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেওঁলোকৰ বাবেও সময় অনুকূল বুলি ধৰা হৈছে। আৰ্থিক দিশত খৰচ নিয়ন্ত্ৰণত ৰাখিলে সঞ্চয় বৃদ্ধি পাব পাৰে। আত্মবিশ্বাস আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা এই মাহত অধিক শক্তিশালী হ’ব, যাৰ ফলত বহু গুৰুত্বপূৰ্ণ কাম সফলভাৱে সম্পূৰ্ণ কৰাৰ সুযোগ থাকিব।
বৃষ (Taurus)
বৃষ ৰাশিৰ বাবে এই মাহটো ধন-সম্পদৰ দিশৰ পৰা বিশেষ শুভ বুলি বিবেচনা কৰা হৈছে। বহুদিন ধৰি ৰৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়, চাকৰি বা আন উৎসৰ পৰা আয় বৃদ্ধি হ’ব পাৰে। নতুন বিনিয়োগ বা সম্পত্তি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰতো ইতিবাচক ফল লাভৰ সম্ভাৱনা দেখা গৈছে। কেৰিয়াৰত নতুন সুযোগ আহিব পাৰে আৰু কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন হ’ব। পাৰিবাৰিক জীৱনত সুখ-শান্তি বজাই থাকিব আৰু সদস্যসকলৰ সৈতে সম্পৰ্ক অধিক মজবুত হ’ব। এই সময়ছোৱাত ধৈৰ্য আৰু বিচক্ষণতাৰে সিদ্ধান্ত ল’লে দীৰ্ঘম্যাদী লাভ হোৱাৰ সম্ভাৱনা অধিক।
সিংহ (Leo)
সিংহ ৰাশিক এই মাহৰ আটাইতকৈ ভাগ্যৱান ৰাশিসমূহৰ অন্যতম বুলি ধৰা হৈছে। বহুদিন ধৰি পাবলগীয়া থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰত নতুন সুযোগ, পদোন্নতি বা ডাঙৰ দায়িত্ব লাভ হ’ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ গুণ আৰু দক্ষতাৰ বিশেষ প্ৰশংসা হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক লাভ কৰিব পাৰে আৰু ব্যৱসায় সম্প্ৰসাৰণৰ পথ মুকলি হ’ব পাৰে। আত্মবিশ্বাস আৰু ইতিবাচক মনোভাৱে আপোনাক প্ৰতিটো ক্ষেত্ৰতে আগুৱাই নিয়াত সহায় কৰিব। ব্যক্তিগত জীৱনত সুখৰ পৰিৱেশ সৃষ্টি হ’ব আৰু বহুদিন ধৰি অসম্পূৰ্ণ হৈ থকা কিছুমান ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনাও আছে।
বৃশ্চিক (Scorpio)
বৃশ্চিক ৰাশিৰ বাবে এই মাহত ধন লাভ আৰু সফলতাৰ শক্তিশালী যোগ দেখা গৈছে। নতুন আয়ৰ উৎস সৃষ্টি হ’ব পাৰে অথবা ব্যৱসায়ত অপ্রত্যাশিত লাভ হোৱাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলে নতুন সুযোগ, দায়িত্ব বা প্ৰকল্প লাভ কৰিব পাৰে, যিয়ে ভৱিষ্যতে কেৰিয়াৰ উন্নত কৰাত সহায় কৰিব। ব্যক্তিগত জীৱনতো ইতিবাচক পৰিৱৰ্তন দেখা যাব। পৰিয়ালৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় হ’ব আৰু বহুদিন ধৰি চলি থকা ভুল বুজাবুজিৰ অৱসান ঘটিব পাৰে। মানসিকভাৱেও অধিক আত্মবিশ্বাসী আৰু শান্ত অনুভৱ কৰিব। সঠিক পৰিকল্পনা আৰু কঠোৰ পৰিশ্ৰমে এই মাহত ডাঙৰ সফলতা কঢ়িয়াই আনিব পাৰে।
মকৰ (Capricorn)
মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই মাহত আৰ্থিক উন্নতিৰ নতুন দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। নতুন আয়ৰ উৎস সৃষ্টি, ব্যৱসায়ত লাভ বৃদ্ধি আৰু চাকৰিত ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে ভাল সুযোগ আহিব পাৰে। পাৰিবাৰিক জীৱনত সুখ-শান্তি বজাই থাকিব আৰু শুভ সংবাদ লাভৰ সম্ভাৱনা আছে। সম্পত্তি, বিনিয়োগ বা দীৰ্ঘম্যাদী আৰ্থিক পৰিকল্পনাৰ ক্ষেত্ৰতো লাভজনক ফল লাভ কৰিব পাৰে। নিজৰ দক্ষতা আৰু পৰিশ্ৰমৰ জৰিয়তে সমাজত সন্মান বৃদ্ধি পাব আৰু ভৱিষ্যতৰ বাবে এক শক্তিশালী ভিত্তি গঢ়ি তুলিবলৈ এই মাহটো সহায়ক হ’ব পাৰে।
(স্পষ্টীকৰণঃ উপৰিউক্ত তথ্যসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। এয়া সাধাৰণ তথ্যহে। উপৰিউক্ত তথ্যসমূহৰ বাবে Asom Live24 কোনো ধৰণে জড়িত নহয়)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















