নতুন বছৰৰ আৰম্ভণিতে এক অত্যন্ত বিৰল যোগ আৰম্ভ হব। হিন্দু পঞ্জিকা অনুসৰি ২০২৬ চনৰ প্ৰথম মাহতেই সূৰ্য আৰু মঙ্গলে শনিৰ ঘৰত অৱস্থান কৰিব। এই গ্ৰহৰ অৱস্থান তিনিটা ৰাশিৰ বাবে অত্যন্ত শুভ বুলি ধাৰণা কৰা হৈছে। জ্যোতিষীৰ অনুমান যে শনিৰ ঘৰ মঙলত সূৰ্যৰ সংযোগে এই তিনিটা ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰীসকলৰ বাবে উল্লেখযোগ্য কেৰিয়াৰ গঢ়ি তুলিব।
সূৰ্য-মঙ্গল গ্ৰহৰ সংযোগ কেতিয়া হব?
দৃক পঞ্চাংগ অনুসৰি ১৪ জানুৱাৰীত সূৰ্য আৰু শনিৰ শাসনাধীন মকৰ ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰপাছতেই ১৬ জানুৱাৰীত মঙলে একেই ৰাশিত প্ৰৱেশ কৰিব। মকৰ ৰাশিত সূৰ্য আৰু মঙলৰ সংযোগে আদিত্য মঙ্গল ৰাজযোগ তৈয়াৰ কৰিব। যি ১৩ ফেব্ৰুৱাৰী পৰ্যন্ত স্থায়ী হব।
এই ৩ৰাশিৰ জাতকে সুফল পাব
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতক জাতিকাৰ পদোন্নতি, দৰমহা বৃদ্ধি আৰু সপোনৰ চাকৰি পোৱাৰ সুবৰ্ণ সুযোগ আহিব। আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব। এই সময়ত ব্যৱসায়িক লাভো বৃদ্ধি পাব। আপুনি এক লাভজনক চুক্তি কৰিব পাৰে। এই বিৰল সংযোগে অবিবাহিত ব্যক্তিৰ বিবাহৰ সম্ভাৱনা বঢ়াই তুলিব পাৰে।
তুলা ৰাশি
শনিৰ ঘৰত সূৰ্য আৰু মঙ্গলৰ সংযোগে আপোনাক সম্পদ, সম্পত্তি, যানবাহন বা নতুন ঘৰ ক্ৰয়ৰ ,সুযোগ দিব পাৰে। আপুনি অপ্ৰত্যাশিত আৰ্থিক লাভ পাব পাৰে। আপোনাৰ সামাজিক প্ৰভাৱ বৃদ্ধি পাব। আপোনাৰ পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হব আৰু আপোনাৰ বিবাহিত জীৱন সুখৰ হব। এই সময়ত আপুনি চাকৰি বা ব্যৱসায়ো কৰিব পাৰে। এই পদক্ষেপ দীৰ্ঘম্যাদত খুবেই লাভজনক প্ৰমাণিত হব।
মকৰ ৰাশি
যিহেতু সূৰ্য মঙ্গলে আপোনাৰ ৰাশিচক্ৰৰ ৰাশিত প্ৰৱেশ কৰিছে সেয়ে এই সংযোগ আপোনাৰ বাবে খুবেই উপকাৰী হব পাৰে। আপুনি নতুন উদ্যোগ আৰম্ভ কৰিব যিয়ে আপোনাৰ পাৰিবাৰিক ব্যৱসায় সম্প্ৰসাৰণত সুফল দিব। আপোনাৰ কৰ্মজীৱনত সন্মান আৰু সাফল্যৰ সম্ভাৱনা আছে। হঠাৎ আৰ্থিক লাভৰো প্ৰৱল সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















