নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বেই ফোন ক্ৰয় কৰাৰ পৰিকল্পনা আছে৷ কাৰণ ২৫ ডিচেম্বৰৰ পূৰ্বে একাধিক কোম্পানীৰ ফোনৰ ডিছকাউণ্ট বিক্ৰি আৰম্ভ হৈছে৷ সেই তালিকাত কাম আছে iPhone 13-ৰ৷ ফলত একেবাৰে সস্তাতেই পাব এই ফোনটো৷ আইফোন ১৩ লঞ্চ কৰা হৈছিল ৪ বছৰ পূৰ্বে৷ কোনোধৰণৰ সমস্যা অবিহনে আৰু ৪বছৰলৈ এই ফোনৰ চাৰ্ভিছ পোৱা যাব৷
আইফোন ১৩ৰ প্ৰকৃত দাম ৪৯,৯০০ টকা৷ এই দামৰ মাজত ১২৮ জি বি ষ্টোৰেজ ভেৰিয়েণ্ট পোৱা যাব৷ এতিয়া ডিছকাউণ্ট চেলৰ ৱেবচাইটত এই ভেৰিয়েণ্টটো পোৱা যাব ৪৪,৯০০ টকা৷ বৰ্তমান ৫০০০ টকা ফ্লেট ডিছকাউণ্টত এই মোবাইলটো লাভ কৰিব৷ ইয়াৰোপৰি কোম্পানীটোৱে ইয়াৰ ওপৰত ৫ হাজাৰ টকাৰ বেংক ডিছকাউণ্টো দিছে৷ উভয় ডিছকাউণ্টৰ পাছত ফোনটোৰ দাম ১০,০০০ টকা কমি ৪০,০০০ টকাৰ তললৈ আহিব৷
বেংক অফাৰৰ আওতাত ICICI বেংক ক্ৰেডিট কাৰ্ড, SBI ক্রেডিট কার্ড আৰু IDFC ফাৰ্ষ্ট ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি ৫,০০০ টকা বচাব পৰা যাব৷ এই ৰেহাইৰ পাছত মূল্য হব ৩৯,৯০০ টকা৷ আইফোন ১৩ত ৬.১ ইঞ্চিৰ OLED ডিছপ্লে আছে৷ স্মাৰ্টফোনটো এপল A15 বায়োনিক প্ৰছেচৰ সহযোগত তৈয়াৰী৷ ফোনটোত লেটেষ্ট IOS-ত আপডেটো কৰা হৈছে৷ কিন্তু এপল ইণ্টেলিজেন্স ফিচাৰ এই ফোনত নাই৷ ফোনত আছে 12MP + 12MP ডুয়েল ৰিয়াৰ কেমেৰা ছেটআপ৷ ফ্ৰণ্ট কেমেৰাও আছে 12MPৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















