২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ বেংকিং পৰিসেৱাৰ কিছু গুৰুত্বপূৰ্ণ পৰিবৰ্তন আনিব৷ যিয়ে দেশৰ লাখ লাখ বেংক একাউণ্টধাৰীক প্ৰভাৱিতও কৰিব৷ এই পৰিবৰ্তনৰ ফলত কিছু একাউণ্ট বন্ধও হৈ পৰিব৷ একাউণ্টধাৰীসকলে নতুন নিয়মসমূহ জানি থলে বন্ধ কৰিব খোজা একাউণ্ট পুনৰ এক্টিভ কৰিব পাৰিব৷
বেংকিং ব্যৱস্থাক আৰু নিৰাপদ, স্বচ্ছ আৰু দক্ষ কৰি তোলাৰ বাবে আৰ বি আইয়ে নিৰ্দিষ্ট কিছু ধৰণৰ বেংক একাউণ্ট বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ উদ্দেশ্য হৈছে বেংক একাউণ্ট হেকিংসহ বিভিন্ন ধৰণৰ জালিয়াতি কমোৱা আৰু ডিজিটেল বেংকিং ব্যৱস্থাক শক্তিশালী কৰা৷ এই পদক্ষেপসমূহৰ মাধ্যমেৰে কেন্দ্ৰীয় বেংকে বেংকিং ব্যৱস্থাত থকা ত্ৰুটিসমূহ দূৰ কৰিব পাৰিব আৰু গ্ৰাহকৰ বাবে উন্নত সুৰক্ষা আৰু পৰিসেৱা নিশ্চিত কৰিব খুজিছে৷
নতুন নিৰ্দেশিকা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা তিনি ধৰণৰ নিৰ্দিষ্ট বেংক একাউণ্ট বন্ধ কৰি দিয়া হব পাৰে৷ কেনেধৰণৰ একাউণ্ট প্ৰভাৱিত হ’ব আৰু কিয়? জানি থওক সবিশেষ৷
ডৰমেণ্ট একাউণ্ট
যি একাউণ্টত দুবছৰ বা তাতকৈ বেছি সময় ধৰি কোনো ধন জমা কৰা বা তোলা হোৱা নাই তেনে একাউণ্টত ডৰমেণ্ট একাউণ্ট বুলি কোৱা হয়৷ এই ধৰণৰ একাউণ্টসমূহ সহজেই হেকাৰৰ টাৰ্গেট হৈ পৰে৷ কাৰণ এইসমূহ সক্ৰিয়ভাৱে পৰ্যবেক্ষণ কৰা নহয়৷ গ্ৰাহকৰ সুৰক্ষা দিবলৈ আৰু জালিয়াতি কমাবলৈ আৰবিআইয়ে সিদ্ধান্ত লৈছে যে এই একাউণ্টসমূহ অব্যৱহৃত থাকিলে বন্ধ কৰি দিয়া হব পাৰে৷
ইনএক্টিভ একাউণ্ট
ইনেক্টিভ একাউণ্ট হৈছে সেই একাউণ্ট যিসমূহত দীৰ্ঘ সময় ধৰি সাধাৰণতে ১২ মাহ বা তাতকৈ বেছি সময় ধৰি কোনো লেনদেন হোৱা নাই৷ এই একাউণ্টসমূহৰ অপব্যৱহাৰৰ আশংকা বেছি থাকে৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন নিয়ম অনুসৰি একাউণ্টধাৰকে সময়মতে একাউণ্টটো পুনৰায় সক্ৰিয় নকৰিলে এই ধৰণৰ একাউণ্ট বন্ধ কৰি দিয়া হব পাৰে৷ সৰু লেনদেন কৰিও একোটা একাউণ্ট সক্ৰিয় ৰখা সম্ভৱ৷
জিৰো বেলেন্স একাউণ্ট
যিসমূহ বেংক একাউণ্টত দীৰ্ঘ সময় ধৰি শূন্য বেলেন্স থাকে, সেইসমূহ একাউণ্টো বন্ধ কৰি দিব পাৰে৷ আৰ বি আইয়ে এই ধৰণৰ একাউণ্টৰ অপব্যৱহাৰ বন্ধ কৰিবলৈ আৰু আৰ্থিক প্ৰতাৰণা কমাব খুজিছে৷ এই পদক্ষেপত গ্ৰাহকে তেওঁলোকৰ একাউণ্ট সক্ৰিয় ৰাখিবলৈ উৎসাহিত কৰে আৰু বেংকসমূহত কেৱাইচি বিৱৰণী সঠিক আছে নে নাই সেয়া নিশ্চিত কৰাত সহায় কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















