মাঘৰ শুক্লপক্ষৰ পঞ্চমী তিথিত পালিত হয় সৰস্বতী পূজ৷ সৰস্বতী পূজাৰ ওপৰিও এই দিনটোক বসন্ত পঞ্চমী বুলিও কোৱা হয়৷ কাৰণ এই দিনটোতেই ঋতুৰাজ বসন্তৰো আবিৰ্ভাৱ ঘটে৷ ধাৰণা কৰা হয় এই দিনটোত আবিৰ্ভূতা হৈছিল জ্ঞান, বিদ্যা, শিল্পকলাৰ দেৱী সৰস্বতী৷ এই বছৰ কেতিয়া সৰস্বতী পূজা? সেই বিষয়ক লৈ বহুতেই বিমোৰতো পৰিছে৷ কোনদিনা দেৱী সৰস্বতীক আৰাধনা কৰিব?
প্ৰতিবছৰে মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত বসন্ত পঞ্চমী উৎসৱ পালিত হয়৷ হিন্দু পঞ্জিকা অনুসৰি এই বছৰ ২৩ জানুৱাৰীত বসন্ত পঞ্চমী৷ পৌৰাণিক বিশ্বাস আৰু ঐতিহ্য অনুসৰি বসন্ত পঞ্চমীত কিছু শুভ কৰ্ম আৰম্ভ কৰিব পাৰি৷ যিহেতু বসন্ত পঞ্চমী জ্ঞান আৰু প্ৰজ্ঞাৰ দেৱী সৰস্বতীৰ উদ্দেশ্যে উৎসৰ্গীকৃত সেয়ে এই দিনটোত বিদ্যাৰ দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিলে শুভ ফল লাভ হয় বুলি বিশ্বাস৷
বসন্ত পঞ্চমীক শিক্ষা-দীক্ষাৰ বাবে অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ বিশ্বাস কৰা হয় যে এই দিনটোত শিশুসকলে শিক্ষাগ্ৰহণ কৰিলে ভৱিষ্যতে শিক্ষা-দীক্ষাৰে সেই শিশু উজলি উঠে৷
এইদিনটোত শিশুসকলক শিক্ষা আৰম্ভ কৰোৱাৰ এটা দিন হিচাপে ল’ব পাৰে৷ বিশ্বাস কৰা হয় যে এই দিনটোত বিদ্যাৰম্ভ শিশুসকলৰ বুদ্ধিমত্তাক তীক্ষ্ণ কৰি তোলে আৰু তেওঁলোকে সমগ্ৰ জীৱন দেৱী সৰস্বতীৰ আশীৰ্বাদ লাভ কৰে৷
বিবাহৰ ক্ষেত্ৰতো প্ৰায়েই শুভ নক্ষত্ৰ আৰু তাৰিখৰ প্ৰয়োজন হয়৷ বসন্ত পঞ্চমীৰ সম্পূৰ্ণ দিনটোকেই এইক্ষেত্ৰত ভাল দিন বুলি ধৰিব পাৰে৷ যদি বিবাহ বন্ধনত আৱদ্ধ হোৱাৰ পৰিকল্পনা কৰে তেন্তে এই দিনটো আদৰ্শ৷ কোৱা হয় এই দিনটোত বিবাহ কৰিলে প্ৰেম আৰু সম্প্ৰীতিৰে পৰিপূৰ্ণ হৈ থাকিব৷
নতুন ঘৰ ক্ৰয়, নিৰ্মাণ কাৰ্যৰ আৰম্ভণি, ঘৰ লোৱা আদি অনুষ্ঠান আয়োজনৰ বাবেও বসন্ত পঞ্চমীৰ দিনটো শুভ৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই দিনটোত ভূমি পূজা কৰিলে সুখ, সমৃদ্ধি আৰু মানসিক শান্তি আহে৷
আপুনি যদি নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব খোজে বা ষ্টাৰ্টআপ আৰম্ভ কৰিব খোজে তেন্তে এই দিনটো শুভ দিন৷ ইয়াৰোপৰি এই দিনটোত আপুনি তীৰ্থযাত্ৰাও কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















