জ্যোতিষশাস্ত্ৰত ৰাহুক ভীষণ শক্তিশালী গ্ৰহ বুলি কোৱা হয়৷ ৰাহু এক মায়াবী আৰু ছায়া গ্ৰহ৷ আৰু ৰাহুৱে যেতিয়া কোনো ৰাশিৰ ওপৰত প্ৰসন্ন হয় তেতিয়া তেওঁলোকৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহে৷ আৰ্থিক স্থিতি ভাল হয়৷ আৰু পঞ্জিকা অনুসৰি নতুন বছৰৰ আৰম্ভণিতেই ৰাহুৱে যুৱাবস্থাত প্ৰৱেশ কৰিছে৷ আৰু এই অৱস্থাত প্ৰৱেশৰ বাবে কিছু ৰাশিৰ জাতকলৈ সমৃদ্ধিৰ বতৰাও কঢ়িয়াই আনিছে ৰাহুৱে৷
বৈদিক জ্যোতিষ অনুসৰি যেতিয়া কোনো গ্ৰহই ১২ ডিগ্ৰীৰ পৰা ১৮ ডিগ্ৰী কোণৰ মাজত থাকে সেয়া যুৱাৱস্থা বুলি কোৱা হয়৷ পঞ্জিকা অনুসৰি ৩০ ডিচেম্বৰ ২০২৫ত ৰাহুৰ যুৱাবস্থা আৰম্ভ হৈছে৷ আৰু এয়া চলিব ১৫ এপ্ৰিল ২০২৬ পৰ্যন্ত৷ আৰু এই সময়ত সুখবৰ আহিছে কোন কোন ৰাশিৰ জাতকলৈ?
ধনু ৰাশি
ৰাহুৰ এই বিশেষ অৱস্থাই ধনু ৰাশিৰ জাতকৰ কেৰিয়াৰলৈ গতি আনিব পাৰে৷ নতুন চাকৰি লাভৰ যোগ৷ ইয়াৰোপৰি বৰ্তমানৰ চাকৰিতো সন্মান আৰু পদমৰ্যাদা বাঢ়িব পাৰে৷
কুম্ভ ৰাশি
এই সময় কুম্ভ ৰাশিৰ জাতকৰ বাবেও শুভ৷ আপোনাৰ ৰৈ থকা কাম এইসময়ত সম্পূৰ্ণ হ’ব৷ চাকৰিত প্ৰমোছন হব পাৰে৷ ছেলাৰি বৃদ্ধিৰ সম্ভাৱনা আছে৷ নতুন দায়িত্বও পাব পাৰে৷ ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে৷ আৰ্থিক স্থিতি ধীৰে ধীৰে উন্নতি হব৷ বেছি খৰধৰ নকৰিব৷ খৰধৰেই উন্নতি ৰখাই দিব পাৰে৷
মীন ৰাশি
ভাল সময় কটাব মীন ৰাশিৰ জাতকেও৷ আপোনাৰ হাতলৈ ধন আহিব৷ বিনিয়োগত লাভ পাব৷ ইয়াৰোপৰি ভাৱিচিন্তি লোৱা সিদ্ধান্তত প্ৰফিট পাব৷ সামাজিক সম্পৰ্ক আগুৱাই যাব৷ ইয়াৰোপৰি এই সময়ত কিছু প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য পাব৷ যাৰ ফলত জীৱনত বহু পৰিমাণে আগুৱাই যাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















