আগন্তুক ১৪ জানুৱাৰীত সূৰ্যই গোচৰ কৰি মকৰ ৰাশিত প্ৰৱেশ কৰিব আৰু ১৩ ফেব্ৰুৱাৰী পৰ্যন্ত তাতেই অৱস্থান কৰিব৷ এই সময়ত বৃহস্পতি গ্ৰহ মিথুন ৰাশিত থাকিব৷ ইয়াৰোপৰি বুধ, শুক্ৰ, মঙ্গলে মকৰ ৰাশিলৈ আহি সূৰ্যৰ সৈতে যুঁটি তৈয়াৰ কৰিব৷ সকলো মিলি এই এমাহত যি গ্ৰহগত পৰিস্থিতি তৈয়াৰ হব সেই যোগে কেইবাটাও ৰাশিৰ জাতকৰ বাবে অত্যন্ত ভাল খবৰ কঢ়িয়াই আনিব৷ জানুৱাৰীত সূৰ্যৰ গোচৰ অৰ্থাৎ মকৰ সংক্ৰান্তিৰ পৰা কোন কোন ৰাশিৰ ভাল সময় আৰম্ভ হ’ব?
মেষ ৰাশি
সূৰ্যৰ এই গোচৰে মেষ ৰাশিৰ জাতকৰ জীৱনলৈ অপ্ৰত্যাশিত লাভ আনি দিব পাৰে৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কামসমূহ সম্পন্ন হব৷ যিসকল বেকাৰ তেওঁলোকৰ বাবেও চাকৰিৰ সুযোগ তৈয়াৰ হব আৰু নতুন কৰ্মসংস্থান পাব পাৰে৷ চৰকাৰী ক্ষেত্ৰৰ সৈতে যুক্ত ব্যক্তিৰ বাবে এই সময় বিশেষভাৱে শুভ৷ আয়ৰ পৰিমাণ বাঢ়িব আৰু আৰ্থিক অৱস্থাৰ উন্নতি হব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ অধিপতি হৈছে সূৰ্য আৰু এই ৰাশিৰ জাতকৰ ওপৰত বৰ্তমান শনিৰ ঢাইয়া আছে৷ এই পৰিস্থিতিত সূৰ্যৰ শনিত অৱস্থান সিংহ ৰাশিৰ জাতকৰ বাবে শনিজনিত কষ্টৰ পৰা কিছু স্বস্তি পাব৷ আত্মবিশ্বাস বাঢ়িব৷ সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু দৃঢ় হব৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ফলত সাফল্য আহিব আৰু পৈতৃক সম্পত্তিৰ পৰা লাভৰ যোগ আছে৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকৰ ক্ষেত্ৰত ৰৈ থকা অৰ্থ উভতাই পোৱাৰ ফলত আৰ্থিক পৰিস্থিতি উন্নত হব৷ হঠাৎ বেংক বেলেন্স বাঢ়িব পাৰে৷ দীৰ্ঘদিন ৰৈ থকা কামে আকৌ নতুন গতি পাব৷ কোনো গুৰুত্বপূৰ্ণ প্ৰকল্প দ্ৰুত আগুৱাব৷ উচ্চপদস্থ ব্যক্তিৰ সৈতে যোগাযোগ তৈয়াৰ হব আৰু বিদেশলৈ যোৱা বা বিদেশত পঢ়াশুনাৰ সপোন পূৰণ হব পাৰে৷
মকৰ ৰাশি
সূৰ্যই মকৰ ৰাশিত অৱস্থান কৰিব৷ ইয়াৰ ফলত মকৰ ৰাশিৰ জাতকে বিশেষ উপকাৰ পাব৷ পদোন্নতিৰ সম্ভাৱনা আছে৷ যিসকল বেকাৰ তেওঁলোকৰ চাকৰি লাভৰ যোগ তৈয়াৰ হব আৰু নতুন কামৰ সুযোগ আহিব পাৰে৷ ভাগ্যৰ সহায়তা পাব আৰু জীৱনত কোনো শুভ সংবাদ আহিব পাৰে, যাৰ ফলত আনন্দ বাঢ়িব৷
জানুৱাৰীৰ সূৰ্যৰ গোচৰ তথা মকৰ সংক্ৰান্তিয়ে একাধিক ৰাশিৰ জীৱনলৈ সৌভাগ্যৰ নতুন অধ্যায় খুলিব পাৰে৷ গ্ৰহসমূহৰ শক্তিশালী যুঁটি আৰু অনুকূল অৱস্থানৰ ফলত কৰ্মজীৱন, অৰ্থনীতি আৰু ব্যক্তিগত জীৱনলৈ ইতিবাচক পৰিবৰ্তনৰ যোগ স্পষ্ট৷ দীৰ্ঘদিনৰ বাধা দূৰ হব৷ নতুন সুযোগ আহিব আৰু আত্মবিশ্বাস বাঢ়িব৷ যিসকলে পৰিশ্ৰম কৰি সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব তেওঁলোকৰ বাবে এই সময়ে উন্নতি আৰু সাফল্যৰ খবৰ কঢ়িয়াই আনিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















