১৫ জানুৱাৰীত মকৰ সংক্ৰান্তি৷ উৎসৱৰ এমাহ পাছত অৰ্থাৎ ১৭ ফেব্ৰুৱাৰী ২০২৬ ত প্ৰথম সূৰ্যগ্ৰহণ হব৷ হিন্দু পঞ্চাঙ্গ অনুসৰি এই সূৰ্য গ্ৰহণ কুম্ভ ৰাশি এৰি ধনিষ্ঠা নক্ষত্ৰত হ’ব৷ জ্যোতিষমতে এইয়া বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, যিয়ে ৩ৰাশিৰ বাবে একেবাৰেই ভাল নহয় বুলি ধাৰণা কৰা হৈছে৷ এই তিনি ৰাশিয়ে বিভিন্ন ধৰণৰ সমস্যাত পৰিব পাৰে৷ জানি থওক বছৰৰ প্রথম সূৰ্যগ্ৰহণে কোন কোন ৰাশিৰ বাবে প্ৰতিকূল প্ৰভাৱ কঢ়িয়াই আনিব৷
সিংহ ৰাশি
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ সিংহ ৰাশিৰ জাতকৰ বাবে চেলেঞ্জপূৰ্ণ হব৷ সংঘৰ্ষৰ মুখামুখি হ’ব আপুনি৷ খং, মতিভ্ৰমৰ কাৰণে আপুনি নিজৰ ডাঙৰ লোকচান কৰিব পাৰে৷ কৰ্মস্থানত অশান্তি হ’ব পাৰে৷ স্বাস্থ্য বেয়া হ’ব পাৰে৷ বিশেষকৈ ক্লান্ত আৰু দুৰ্বল বোধ কৰিব পাৰে৷ পাৰিবাৰিক বাতাবৰণ অশান্তিৰে ভৰা হব এই সময়ত খং আৰু অহংকাৰ নিয়ন্ত্ৰণত ৰাখক৷ শব্দৰ ব্যৱহাৰ ভাৱিচিন্তি কৰক৷ কোনো কাজিয়া অশান্তিত সোমাই নপৰিব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকৰ বাবে এই সূৰ্য গ্ৰহণ বৰ বিশেষ ভাল নহয়৷ আৰ্থিক দিশৰ পৰা সাৱধানে থাকক৷ আপোনাৰ অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে৷ কাকো ধন ধাৰলৈ নিদিব৷ ধন ধাৰে দিলে উভতাই পোৱাৰ আশা কম৷ এই সময়ত লেনদেন এৰাই চলক৷ মানসিক অশান্তিত থাকিব৷ কোনো সিদ্ধান্ত খৰধৰকৈ নল’ব৷ বৃহৎ লোকচান হব পাৰে৷ আঘাত দুৰ্ঘটনাৰ পৰা সাৱধানে থাকক৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ বাবে এই সময় বেছ সংবেদনশীল থাকিব৷ কেৰিয়াৰ, আৰ্থিক আৰু পাৰিবাৰিক ক্ষেত্ৰত খুবেই সাৱধান হৈ থাকক৷ বন্ধু আৰু আত্মীয় স্বজনৰ সৈতে সম্পৰ্ক বেয়া হব পাৰে৷ ভুল বুজাবুজিৰ কাৰণে সম্পৰ্কত তিক্ততা বাঢ়িব৷ আচৰণ খিংখিঙিয়া হৈ থাকিব৷ ক্লান্ত বোধ কৰিব৷ মনত অসামঞ্জস্য থাকিব৷ যাৰ ফলত সিদ্ধান্ত লোৱাটো কঠিন হব৷ দাম্পত্য জীৱনত সমস্যাই দেখা দিব৷ কোনো কাজিয়া আপোনাল লোকচানৰ কাৰণ হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















