বৈদিক জ্যোতিষ অনুসৰি অভিজিৎ নক্ষত্ৰ অত্যন্ত শুভ ফলদায়ী৷ ২৮ তম এই নক্ষত্ৰ জয়ৰ প্ৰতীক৷ এই গ্ৰহৰ অধিপতি দেৱ বিষ্ণু৷ সাহস আৰু শক্তিৰ কাৰক গ্ৰহ মঙ্গলে আজি ২৪ জানুৱাৰী সন্ধিয়া ৬ বাজি ১৭ মিনিটত অভিজিৎ নক্ষত্ৰত প্ৰৱেশ কৰিছে৷ ৩০ জানুৱাৰী শুকুৰবাৰে পুৱা ৪বাজি ৩ মিনিট পৰ্যন্ত ইয়াতেই থাকিব ৰঙা গ্ৰহ মঙ্গল৷ জানি থওক অভিজিৎ নক্ষত্ৰত মঙ্গলৰ গোচৰৰ প্ৰভাৱত লাভৱান হব কোন কোন ৰাশি?
মেষ ৰাশি
মঙ্গল হৈছে মেষ ৰাশিৰ অধিপতি গ্ৰহ৷ ৰঙা গ্ৰহ অভিজিৎ নক্ষত্ৰলৈ গলে মেষ ৰাশিৰ জাতকৰ সৌভাগ্যত উন্নতিৰ জোৱাৰ উঠিব৷ আত্মবিশ্বাস বাঢ়িব৷ সম্পদ লাভ হব৷ বহুদিন ধৰি কোনো কাম বাকী থাকিলে সেয়া সম্পূৰ্ণ হব পাৰে৷ কৰ্মক্ষেত্ৰত নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ নতুন মাটি কিনিব পাৰে৷
সিংহ ৰাশি
অভিজিৎ নক্ষত্ৰত মঙ্গলৰ গোচৰ লাভজনক হব সিংহ ৰাশিৰ জাতকৰ বাবে৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ অফিচত আপুনি আৰু চিৰিয়াছ হৈ কাম কৰিব৷ কৰ্মক্ষেত্ৰত আপোনাৰ পজিছন আৰু দায়িত্ব বাঢ়িব৷ আপুনি লোৱা আৰ্থিক সিদ্ধান্ত সঠিক প্ৰমাণিত হব৷
বৃশ্চিক ৰাশি
মঙ্গলৰ গোচৰৰ প্ৰভাৱত বৃশ্চিক ৰাশিৰ জাতকৰ সন্মুখত উন্নতিৰ পথ খুলি যাব৷ আত্মবিশ্বাস বাঢ়িব৷ ইয়াৰ ফলত কঠিন পৰিস্থিতিটো আপুনি থিয় হব পাৰিব৷ কৰ্মক্ষেত্ৰত আপোনাৰ সাহসী সিদ্ধান্ত লাভজনক হব৷ চিকিৎসাশাস্ত্ৰৰ সৈতে যুক্তসকলে উল্লেখযোগ্য সাফল্য পাব৷ আৰ্থিক উন্নতি কৰিব পাৰিব৷ মানসিক চাপ কমিব৷
মীন ৰাশি
অভিজিৎ নক্ষত্ৰত মঙ্গলৰ গোচৰে শুভ ফল কঢ়িয়াই আনিব মীন ৰাশিৰ জাতকৰ বাবে৷ কঠোৰ পৰিশ্ৰমে শুভ ফল দিব৷ কেৰিয়াৰত উন্নতিৰ শিখৰলৈ যাব পাৰে৷ অফিচত ডাঙৰ কামৰ দায়িত্ব পাব৷ নতুন প্ৰকল্পত কাম আৰম্ভ কৰিব পাৰে৷ আৰ্থিক পৰিস্থিতি মজবুত হব৷ পাবলগীয়া ধন হাতলৈ আহিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















