যদি কোনোৱে নিশ্চিত ৰিটাৰ্নসহ নিৰাপদ বিনিয়োগত নিজৰ অৰ্থ বৃদ্ধি কৰিব খোজে তেন্তে UCO বেংকৰ ফিক্সড ডিপোজিট স্কিম এক নিৰ্ভৰযোগ্য বিকল্প হব পাৰে৷ এই পাব্লিক চেক্টৰৰ বেংকে তেওঁলোকৰ FD একাউণ্টসমূহত চমৎকাৰ সুদৰ হাৰ অফাৰ কৰিছে৷ UCO বেংকৰ FD ত সুদৰ হাৰে বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰিছে৷ এই স্কিমৰ অধীনত ৭ দিনৰ পৰা ১০ বছৰ পৰ্যন্ত সময়কালৰ বাবে বিনিয়োগ কৰিব পাৰে৷ আৰু এক নিৰ্দিষ্ট সময়কালত উল্লেখযোগ্য সুদো অৰ্জন কৰিব পাৰে৷

UCO বেংকৰ FD স্কিমৰ বিশেষত্ব কি?

UCO বেংকে তেওঁলোকৰ গ্ৰাহকসকলৰ FDত ২,৯০ শতাংশৰ পৰা ৭.৯৫ শতাংশ পৰ্যন্ত সুদৰ হাৰ অফাৰ কৰে৷ এই সুদৰ হাৰ বিনিয়োগৰ সময়কাল আৰু বিভাগৰ ওপৰত নিৰ্ভৰ কৰে৷ সকলোতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে যে UCO বেংকে তেওঁলোকৰ গ্ৰাহকক ৪৪৪ দিনৰ বিশেষ FD স্কিমে সৰ্বোচ্চ সুদৰ হাৰ অফাৰ কৰিছে৷

সাধাৰণৰ নাগৰিকসকলৰ বাবে ৪৪৪ দিনৰ FD ৰ সুদৰ হাৰ প্ৰায় ৬.৪৫ শতাংশ৷ য’ত চিনিয়ৰ চিটিজেনে ৬.৯৫ শতাংশ সুদ পায়৷ UCO বেংকৰ অৱসৰপ্ৰাপ্ত চিনিয়ৰ চিটিজেনৰ কৰ্মচাৰীসকলৰ বাবে এই হাৰ আৰু বেছি৷ ৭.৯৫ শতাংশ৷ যি বৰ্তমান কোনো চৰকাৰী বেংকৰ ভিতৰত সকলোতকৈ আকৰ্ষণীয় বুলি বিবেচিত হয়৷

১ লাখ টকা জমাৰ ওপৰত কিমান সুদ পোৱা যাব?

যদি এজন সাধাৰণ গ্ৰাহক হয় আৰু পাঁচ বছৰৰ বাবে UCO বেংকত ১০০,০০০ টকা জমা কৰে তেতিয়া ম্যাদপূৰ্তিৰ পাছত মুঠ আনুমানিক ১,৩৫,৩৫১ টকা পাব পাৰে যাৰ অৰ্থ ৩৫,৩৫১ টকাৰ এক নিৰ্দিষ্ট ৰিটাৰ্ণ পাব পাৰে৷ যদি এজন ছিনিয়ৰ চিটিজেন হয় তেতিয়া পাঁচ বছৰৰ সময়কালত ১,৩৮,৭২৩ টকাৰ এক নিৰ্দিষ্ট সুদ পাব৷ যাৰ মাজত ৩৮,৭২৩ টকাৰ এক নিৰ্দিষ্ট সুদ অন্তৰ্ভুক্ত৷ অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰীসকলৰ বাবে এই পৰিমাণ আৰু বেছি হব পাৰে৷ কাৰণ তেওঁলোক নিয়মিত গ্ৰাহকৰ তুলনাত ১.২৫ শতাংশৰ পৰা ১.৫০শতাংশ বেচি সুদ পাব পাৰে৷