বলীউডৰ অভিনেত্ৰী নীনা গুপ্তাক অভিনয়ৰ লগতে স্পষ্টবাদীতাৰ বাবে সকলোৱে জানে। শেহতীয়াকৈ ৬৬ বছৰ বয়সত গৰ্ভধাৰণৰ কৰা খবৰে সামজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰিছিল। বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মণ্ডন্নাৰ বিয়াৰ অভ্যৰ্থনাত যেতিয়া নীনাই শাৰী পিন্ধি প্ৰৱেশ কৰে তেতিয়া ছ’চিয়েল মিডিয়াত একাংশই সমালোচনা কৰিবলৈ ধৰিলে যে, তেওঁ গৰ্ভৱতী নেকি!
এই চৰ্চাৰ অন্তত নীনাই কয় যে, ‘মোৰ শাৰীখন অলপ ডাঠ আছিল, ফলত পেটটো অলপ ডাঙৰ যেন লাগিছিল।’ তেওঁ লগতে কয়, ‘এই বয়সত গৰ্ভধাৰণৰ উৰাবাতৰি শুনিলে হাঁহি উঠে। ইয়াৰ পৰাই বুজা যায় যে এনেবোৰ কথাকলৈ আমাৰ সমাজখনৰ মানসিকতা কিমান সলনি হৈছে।’
নীনা গুপ্তা এগৰাকী সাহসী নাৰী। ১৯৮০ চনত ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট কিংবদন্তি বিভিয়ান ৰিচাৰ্ডছৰ সৈতে তেওঁৰ চৰ্চা চলিছিল। সেই সময়ত বিভিয়ান বিবাহিত আছিল যদিও নীনা তেওঁৰ প্ৰেমত পৰিছিল। বহু বিতৰ্কৰ অন্তত ১৯৮৯ চনত তেওঁলোকৰ কন্যা মাছাবাৰ জন্ম হয়। তেওঁ সমাজৰ কটু কথা শুনি বিবাহিত নোহোৱাকৈ কন্যাক ডাঙৰ-দীঘল কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













