পুৱাই টোপনিৰ পৰা উঠি প্ৰস্ৰাৱ কৰাৰ সময়ত মনোযোগ দিয়েনে? আপোনাৰ প্ৰস্ৰাৱতো ফেন দেখা পাইছে নেকি? পানীৰ ওপৰিভাগত ফেন জমা হৈছে নেকি? বহুতেই ধাৰণা কৰে যে কিডনিৰ কোনো সমস্যা হ’লেহে এই সমস্যা হয়৷ চিকিৎসকৰ মতে প্ৰস্ৰাৱত সামান্য ফেন কেতিয়াবা কেতিয়াবা স্বাভাৱিক হ’ব পাৰে৷ কিন্তু যদি সেই ফেন বহু বেছি হয় বা বহু সময় ধৰি থাকি যায় তেতিয়া এই বিষয়ক সাধাৰণভাৱে লোৱা উচিত নহয়৷ প্ৰস্ৰাৱ মূলত শৰীৰৰ এক বৰ্জ্য পদাৰ্থ৷ কিডনিয়ে শৰীৰৰ বিভিন্ন বিপাকীয় বৰ্জ্য পদাৰ্থৰ পৰা প্ৰস্ৰাৱৰ মাধ্যমেৰে বাহিৰ কৰি দিয়ে৷ সাধাৰণ অৱস্থাত প্ৰস্ৰাৱত খুবেই সামান্য পৰিমাণে প্ৰটিন থাকে যি স্বাভাৱিক সীমাৰ ভিতৰত থাকে৷ কিন্তু যেতিয়া প্ৰস্ৰাৱত প্ৰটিনৰ মাত্ৰা বাঢ়ি যায় তেতিয়াই প্ৰস্ৰাৱত ফেন তৈয়াৰ হ’ব পাৰে৷
প্ৰস্ৰাৱত ফেন উঠাৰ কাৰণ
চিকিৎসকৰ মতে প্ৰস্ৰাৱত ফেন হোৱাৰ এক প্ৰধান কাৰণ হৈছে প্ৰটিন লিকেজ বা প্ৰটিনিউৰিয়া৷ কিডনিৰ ফিল্টাৰিং ইউনিট বা গ্লোমেৰুলাছে ঠিকভাৱে কাম নকৰিলে শৰীৰৰ প্ৰটিন প্ৰস্ৰাৱৰ সৈতে বাহিৰলৈ আহিবলৈ আৰম্ভ কৰে৷ সেই প্ৰটিনেই প্ৰস্ৰাৱত ফেন তৈয়াৰ কৰে৷ বহু সময়ত এই ফেন ফ্লাছ কৰাৰ পাছতো সম্পূৰ্ণৰূপে গুচি নাযায়৷ কিছুক্ষণ ধৰি থাকিয়েই যায়৷ সকলো সময়তে যে প্ৰটিনৰ বাবে প্ৰস্ৰাৱত ফেন হয় তেনে নহয়৷ বহু সময়ত প্ৰস্ৰাৱত ফছফেট, ইউৰেট বা অন্য কিছু ৰাসায়নিক উপাদানৰ মাত্ৰা বেছি থাকিলেও ফেন দেখা যাব পাৰে৷ কেৱল সেয়া দেখি আতংকিত নহৈ সঠিক পৰীক্ষা কৰোৱাই সকলোতকৈ গুৰুত্বপূৰ্ণ৷
কি কি পৰীক্ষা কৰিব?
চিকিৎসকৰ পৰামৰ্শ অনুসৰি যদি নিয়মিত প্ৰস্ৰাৱত ফেন দেখা যায় তেতিয়া প্ৰথমেই এজন নেফ্ৰোলজিষ্টৰ পৰামৰ্শ লোৱা উচিত৷ সাধাৰণতে পুৱাৰ প্ৰথম প্ৰস্ৰাৱৰ নমুনা লৈ Albumin-Creatinine Ratio (ACR) টেষ্ট কৰা উচিত৷ ইয়াৰোপৰি ২৪ ঘণ্টাৰ প্ৰস্ৰাৱ সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ এক নিৰ্ভৰযোগ্য পদ্ধতি৷ যাক গোল্ড ষ্টেণ্ডাৰ্ড টেষ্ট বুলি কোৱা হয়৷ এই পৰীক্ষাসমূহৰ মাধ্যমেৰে বুজা যায় শৰীৰৰ পৰা ঠিক কিমান প্ৰটিন বাহিৰ হৈছে৷ যদি পৰীক্ষাত দেখা যায় যে প্ৰস্ৰাৱত প্ৰটিনৰ মাত্ৰা স্বাভাৱিক, তেতিয়া চিন্তাৰ তেনে কোনো কাৰণ নাথাকে৷ কিন্তু যদি প্ৰটিনৰ মাত্ৰা বেছি থাকে তেন্তে তাৰ পিছত থকা কাৰণ বিচাৰি বাহিৰ কৰা জৰুৰী৷ ডায়বেটিছ, উচ্চ ৰক্তচাপ, গ্লোমেৰুলোনেফ্ৰাইটিছ বা অন্যান্য কিডনি ৰোগৰ কাৰণে এনে হ’ব পাৰে৷ বহু সময় দীৰ্ঘদিনৰ অনিয়ন্ত্ৰিত ছুগাৰ বা ব্লাড প্ৰেছাৰৰ ফলতো কিডনি ক্ষতিগ্ৰস্থ হৈ প্ৰস্ৰাৱৰ মাধ্যমেৰে প্ৰটিন বাহিৰ হ’বলৈ আৰম্ভ কৰে৷
প্ৰস্ৰাৱত ফেন কিডনিৰ বাবে ক্ষতিকৰ?
এই সমস্যাত কিছু জীৱনযাপনৰ বিষয়তো গুৰুত্ব দিবলৈ কয় চিকিৎসকে৷ ইয়াৰ বাবে পৰ্যাপ্ত টোপনি জৰুৰী৷ প্ৰতিদিনে অন্তত ৬ৰ পৰা ৮ঘণ্টা গভীৰ টোপনি নহ’লে শৰীৰৰ স্নায়ুতন্ত্ৰৰ ভাৰসাম্য নষ্ট হ’ব পাৰে৷ যাৰ প্ৰভাৱ কিডনিৰ ওপৰতো পৰে৷ বহু ক্ষেত্ৰত দেখা যায় ACE inhibitor বা angiotensin receptor blocker ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়৷ যিয়ে কেৱল ৰক্তচাপেই নিয়ন্ত্ৰম নকৰে, কিডনিৰ ভিতৰৰ চাপো কমোৱাত সহায় কৰে আৰু প্ৰটিন লিকেজ কমাব পাৰে৷
সুষম আহাৰ খাওক
খাদ্যত কিছু পৰিবৰ্তন খুবেই জৰুৰী৷ অতিৰিক্ত নিমখ খালেও কিডনিৰ বাবে ক্ষতিকৰ হ’ব পাৰে৷ নিমখে শৰীৰত পানী ধৰি ৰাখে৷ যাৰ ফলত হাত ভৰি ফুলি যোৱাৰ সমস্যা বাঢ়িব পাৰে৷ সেয়ে নিমখ কম খোৱা আৰু সুষম খাদ্য গ্ৰহণ কৰাও গুৰুত্বপূৰ্ণ৷ আকৌ যদি শৰীৰৰ পৰা অতিৰিক্ত প্ৰটিন বাহিৰ হৈ যায় তেতিয়া চিকিৎসকৰ পৰামৰ্শ অনুসৰি খাদ্যত প্ৰয়োজনীয় প্ৰটিন যোগ কৰাও দৰকাৰ হ’ব পাৰে৷ সকলো মিলি প্ৰস্ৰাৱত ফেন দেখিলে অকাৰণে ভয় খোৱাৰ প্ৰয়োজন নাই৷ বিষয়টোক অৱহেলা কৰাও ঠিক নহয়৷ নিয়মিত ফেন দেখিলে দ্ৰুত পৰীক্ষা কৰোৱা আৰু বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা সকলোতকৈ নিৰাপদ উপায়৷ কাৰণ বহু সময়ত কিডনিৰ সমস্যা আৰম্ভ হোৱাৰ প্ৰথম দিশৰ লক্ষণেই হ’ব পাৰে প্ৰস্ৰাৱত ফেন উঠা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















