জ্যোতিষশাস্ত্ৰত শনিদেৱৰ স্থান অত্যন্ত গুৰুত্বপূৰ্ণ৷ শনিয়ে যেতিয়া তাৰ চলন পৰিবৰ্তন কৰে তেতিয়া ১২টা ৰাশিৰ জাতক জাতিকাৰ জীৱনতেই কমবেছি প্ৰভাৱ পৰে৷ ২০২৬চনত শনিয়ে পুনৰায় বক্ৰী হ’ব৷ যাৰ প্ৰভাৱ থাকিব বছৰজুৰি৷ জ্যোতিষী গণনাত দেখা গৈছে ২০২৬ চনৰ দীপাৱলি পৰ্যন্ত এই সময় তিনি ৰাশিৰ বাবে স্বৰ্ণ যুগ হ’ব৷ এই সময়ত শনিৰ আশীৰ্বাদত মিথুন, তুলা আৰু ধনু ৰাশিৰ জাতকৰ ভাগ্যৰ চকা ১৮০ ডিগ্ৰি ঘুৰি যাব পাৰে৷ ৰৈ থকা কাম দ্ৰুত গতিত সম্পন্ন হ’ব৷ হঠাৎ বিপুল অৰ্থপ্ৰাপ্তিৰো যোগ তৈয়াৰ হৈছে৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে শনিৰ এই বক্ৰী দশাই কৰ্মক্ষেত্ৰত বিশাল সাফল্য কঢ়িয়াই আনিব৷ কৰ্মজীৱীসকলৰ পদোন্নতি আৰু ব্যৱসায়ীসকলৰ ক্ষেত্ৰত কোনো ডাঙৰ লগ্নিৰ সুযোগ এই সময়ত আহিব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ ওপৰৰ পৰাও দূৰ হ’ব শনিৰ নেতিবাচক ছায়া৷ দীপাৱলি পৰ্যন্ত এই ৰাশিৰ ব্যক্তিৰ পুৰণি কোনো পাৰিবাৰিক বিবাদ দূৰ হৈ ঘৰলৈ শান্তি উভতিব৷ ইয়াৰোপৰি নতুন কোনো সম্পত্তি বা যানবাহন ক্ৰয়ৰ পৰিকল্পনা থাকিলে সেয়া বাস্তবায়িত হোৱাৰ এয়াই সঠিক সময়৷ দীৰ্ঘদিন অৰ্থনৈতিক কোনো কাম ৰৈ থাকিলে সম্পন্ন হ’ব৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ বাবে ২০২৬ চনৰ এই সময় আশীৰ্বাদৰ দৰে৷ কৰ্মক্ষেত্ৰত মান-সন্মান বৃদ্ধিৰ লগে লগে ডাঙৰ কোনো দায়িত্ব আপোনাৰ কান্ধত আহিব পাৰে৷ বিশেষকৈ যিসকলে চৰকাৰী চাকৰিৰ প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই সময় অত্যন্ত শুভ৷
জ্যোতিষবিদৰ মতে, শনিদেৱ যিহেতু কৰ্মফলৰ দেৱতা৷ সেয়ে এই এই তিনি ৰাশিৰ ব্যক্তিয়ে যদি সততাৰ সৈতে কাম কৰে তেন্তে ২০২৬ চনত দীপাৱলিৰ পূৰ্বে তেওঁলোকৰ জীৱন এক নতুন উচ্চতালৈ যাব৷ সাফল্যৰ সৈতে বিলাসী জীৱন কটোৱাৰ সুযোগ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















