নেদাৰলেণ্ডছৰ ৰাইনষ্টেট হাস্পতালৰ পৰা এক চাঞ্চল্যকৰ আৰু মৰ্মান্তিক ঘটনা সন্মুখলৈ আহিছে৷ হাস্পতালখনৰ এক তদন্তত প্ৰকাশ পাইছে যে ১৯৭০ৰ পৰা ১৯৮০ৰ দশকত এতিয়া কৰ্মৰত প্ৰাক্তন স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ আলেকজেণ্ডাৰ শ্মাউটজিগাৰে সম্ভাৱ্য পিতামাতাৰ অজানিতে তেওঁলোকৰ সন্মতি অবিহনেই নিজৰ শুক্ৰাণু ব্যৱহাৰ কৰি অন্তত ১৬ টা সন্তানৰ জন্ম দিছিল৷
এই শিশুকেইটাক কৃত্ৰিম প্ৰজননৰ মাধ্যমেৰে জন্ম দিছিল৷ য’ত পিতৃ-মাতৃয়ে জনাইছে যে এজন অজ্ঞাত দাতাৰ শুক্ৰাণু ব্যৱহাৰ কৰা হৈছে৷ হাস্পতালখনে ২০২৬ চনৰ ১০ মাৰ্চত তেওঁলোকৰ আনুষ্ঠানিক প্ৰতিবেদন প্ৰকাশ কৰি জনায় যে চিকিৎসকে স্বীকাৰ কৰিছে যে তাজা শুক্ৰাণু নোপোৱাৰ বাবে তেওঁ নিজৰ শুক্ৰাণু ব্যৱহাৰ কৰিছিল৷ সেই ঘটনা এতিয়া আলোচনাৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে৷
চিকিৎসকেই এতিয়া ১৬ টা সন্তানৰ পিতৃ৷ তেওঁ কেতিয়াও কিন্তু নিজৰ শুক্ৰাণু ব্যৱহাৰৰ কথা প্ৰকাশ কৰা নাছিল৷ ডি এন এ পৰীক্ষাত এতিয়া পৰ্যন্ত ১৬টা শিশুৰ পৰিচয় তেওঁৰ সৈতে মিলি গৈছে৷ যিসকলৰ জৈৱিক পিতৃ সেই চিকিৎসকেই৷ প্ৰতিবেদনত হাস্পতালৰ বোৰ্ড সদস্য হান্স শ্বোৱে কৈছে, ‘তৎকালীন পৰিস্থিতিতো চিকিৎসকৰ এই কাৰ্য গ্ৰহণযোগ্য নহয়৷ শুক্ৰাণুৰ ব্যৱহাৰৰ নিয়ম লঙ্ঘিত হৈছে৷ সম্প্ৰতি চিকিৎসকে এক ডি এন এ পৰীক্ষাত অংশ লৈ স্বীকাৰোক্তি দিয়াৰ পাছতেই এই বিষয় চৰ্চালৈ আহিছে৷
ফিওমৰ দৰে সংস্থাৰ সহায়তাত বহু শিশু আৰু মাতৃয়ে তেওঁলোকৰ জন্মদাতা পিতৃৰ সন্ধান কৰিছে৷ চিকিৎসকৰ নাম প্ৰকাশ্যে অহাৰ লগে লগেই বহু নাৰী হতবাক হৈ পৰে৷ কোনো কোনোৱে থানাত গৈ চিকিৎসকৰ বিৰুদ্ধে অভিযোগো দাখিল কৰিছে৷ চিকিৎসকৰ বিৰুদ্ধে প্ৰতাৰণা, সন্মতি অবিহনে চিকিৎসাগত হস্তক্ষেপ আৰু নৈতিক লঙ্ঘনৰ অভিযোগত এক গোচৰ দাখিল কৰিছে৷
এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও এনে কেলেংকাৰী ঘটিছে৷ নেদাৰলেণ্ডছত এয়া চতুৰ্থ বা পঞ্চম এনে ডাঙৰ কেলেংকাৰী৷ ইয়াৰ পূৰ্বে ইয়ান কাৰবাত নিজৰ শুক্ৰাণু ব্যৱহাৰ কৰি ৪৯ জনতকৈ বেছি সন্তান জন্ম দিছিল৷ ইয়োছ বিক ২১ জনৰ আৰু ইয়ান ভিল্ডশ্বুটে ১৭ জনৰ জন্ম দিছিল৷ কিন্তু ৰাইনষ্টেটৰ ঘটনাটো অনন্য৷ কাৰণ চিকিৎসক জীৱিত আছে আৰু স্বীকাৰোক্তিও দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ