GST on IPL Tickets: ২৮ মাৰ্চৰ পৰা Indian Premier League (IPL)ৰ ১৯ সংখ্যক ছিজন আৰম্ভ হ’ব। ইয়াৰ বাবে ক্ৰিকেট অনুৰাগীৰ মনত উৎসাহ বৃদ্ধি হৈছে। এই ঘৰুৱা টি-২০ লীগে প্ৰতি বছৰে অনুৰাগীৰ আবেগক নতুন শিখৰলৈ লৈ যায়। পিছে এইবাৰ ব্যৱসায় আৰু ৰাজহৰ ক্ষেত্ৰতো বৃদ্ধি পাইছে ক্ৰিকেটত চৰ্চা। IPL ৰ জনপ্ৰিয়তা বৃদ্ধিৰ লগে লগে টিকটৰ চাহিদা আৰু দাম দুয়োটা বৃদ্ধি পাইছে। এতিয়া চৰকাৰে মেচৰ টিকটৰ ওপৰত প্ৰায় ৪০% জিএছটি আৰোপ কৰিব। যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব দৰ্শকৰ পকেটত। পূৰ্বে ২৮% আছিল জি এছ টি। এই পৰিৱৰ্তনৰ বাবে দৰ্শকে পূৰ্বতকৈ অধিক ধন দিব লাগিব।
আই পি এলৰ মেচৰ টিকট “Entry to Sporting Events”ৰ শ্ৰেণীত পৰে, যিটো জি এছ টিৰ অধীনত কৰযোগ্য সেৱা হিচাপে গণ্য কৰা হয়। ই “SAC 9996” ৰ অন্তৰ্গত, যিয়ে মনোৰঞ্জন আৰু ক্ৰীড়া সম্পৰ্কীয় সেৱাসমূহ সামৰি লয়। ২০২৫ চনৰ ২২ ছেপ্টেম্বৰত কাৰ্যকৰী হোৱা নতুন নিয়ম অনুসৰি আই পি এলৰ টিকটৰ বাবে ৪০% জি এছ টি লগোৱা হয়। এই হাৰ যথেষ্ট বেছি আৰু ইয়াক বিলাসী বা হাই টেক্স হিচাপে শ্ৰেণীভুক্ত কৰা হয়।

টিকটৰ মূল্যত কি প্ৰভাৱ পৰে?
জি এছ টি বৃদ্ধিয়ে প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় চূড়ান্ত টিকটৰ মূল্যত। যদি টিকটৰ ভিত্তি মূল্য ১০০০ টকা হয়, তেন্তে ৪০% জি এছ টি যোগ কৰাৰ পিছত এজন দৰ্শকে ১৪০০ টকা পৰ্যন্ত দিব লাগিব। অৰ্থাৎ আগৰ তুলনাত ষ্টেডিয়ামত খেল এখন চোৱাৰ খৰচ যথেষ্ট বৃদ্ধি পাইছে, যাৰ ফলত দৰ্শকৰ বাবে লাইভ মেচ চোৱাটো অধিক ব্যয়বহুল হৈ পৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













