অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়াত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। গৰম চাম্বৰৰ পাত্ৰত পৰি এগৰাকী মহিলাৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নি*হত মহিলাগৰাকীৰ নাম সুজাথা বুলি জানিব পৰা গৈছে। তেওঁ বিজয়াৱাড়াৰ চিত্তনগৰৰ বাসিন্দা আছিল। জানিব পৰা মতে, বিনায়ক চতুৰ্থী উপলক্ষে বিজয়াৱাড়াত এক খাদ্য দান কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। এই কাৰ্যসূচীত খাদ্য ৰন্ধা-বঢ়াৰ দায়িত্বত আছিল সুজাথা।
খাদ্য প্ৰস্তুত কৰি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। খবৰ অনুসৰি, সুজাথাই এটা বাটি ৰাখিবলৈ তললৈ হাউলি পৰিছিল । সেই সময়তে হঠাতে তেওঁৰ ভাৰসাম্য নোহোৱা হয় আৰু তেওঁ গৰম চাম্বৰেৰে ভৰ্তি পাত্ৰ এটাত পৰি যায়। ফলত তেওঁৰ শৰীৰৰ বিভিন্ন অংশ গুৰুতৰভাৱে অগ্নিদগ্ধ হয়।
ঘটনাৰ পিছতে ততাতৈয়াকৈ সুজাথাক বিজয়াৱাড়াৰ এখন চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে তেওঁক বচাবলৈ যথাসাধ্য চেষ্টা কৰে যদিও অৱশেষত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃ*ত্যু হয়। এই কৰুণ দুৰ্ঘটনাটো ঘটনাস্থলীত স্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী হৈছে। চিচিটিভি ফুটেজত দেখা গৈছে যে সুজাথাই তললৈ হাউলি এটা বাটি ৰাখিবলৈ চেষ্টা কৰাৰ সময়তে হঠাতে ভাৰসাম্য হেৰুৱাই পেলায়। তাৰ পিছতে তেওঁ গৰম সাম্বৰৰ পাত্ৰটোত পৰি যায়।
ইফালে, ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে গোচৰ ৰুজু কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। চিচিটিভি ফুটেজৰ লগতে অন্যান্য তথ্যও পৰীক্ষা কৰি ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















