প্ৰেমৰ বাবে মানুহে সকলো কৰিব বিচাৰে। প্ৰেম হৈছে এক অপাৰ্থিৱ সুখৰ অনুভূতি, য’ত প্ৰেমিক বা প্ৰেমিকাই নিজৰ সকলো দি দিব বিচাৰে। প্ৰেম কিমান বিশেষ সেয়া আমি ছহজাহান-মমতাজ, আকবৰ-অনাৰকলি আৰু জয়মতী-গদাপানিৰ কাহিনীৰ পৰা গম পোৱা যায়।
পিছে এইবাৰ প্ৰেমে চৰ্চালৈ আনিছে ক্ৰিষ্টিয়ান ৰ’নাল্ডোক। সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে যে ৰ’নাল্ডোৱে প্ৰেমিকা জৰ্জিনা ৰড্ৰিগেজক এক বিৰল উপহাৰ দিয়াৰ কথা। সেই উপহাৰৰ কথা জানিলে আপোনাৰো চকু কপালত উঠিব! ৰ’নাল্ডোৱে প্ৰেমিকাক আকাশৰ তৰা উপহাৰ হিচাপে দিয়া বুলি চৰ্চা চলিছে। সঁচাকৈয়ে জৰ্জিনাই পালে নেকি আকাশৰ তৰা?
সাধাৰণ প্ৰেমিকে যিদৰে প্ৰমিকাক আকাশৰ জোন-তৰা আনি দিয়াৰ কথা কয়, ঠিক তেনেদৰে ৰ’নাল্ডোৱেও নিজৰ প্ৰেমিকাক সুখী কৰাৰ চেষ্টা কৰিছে। সামাজিক মাধ্যমত ভাইৰেল হোৱা খবৰ অনুসৰি সেই উপহাৰৰ মূল্য ৩৭.৫ নিযুত ডলাৰ। কিন্তু ইয়াৰ সত্যতা কিমান জানক…
এতিয়ালৈকে ৰ’নাল্ডো বা জৰ্জিনাৰ ফালৰ পৰা এই বিষয়ে কোনো আনুষ্ঠানিক মন্তব্য কৰা হোৱা নাই। বহু সংবাদ মাধ্যমে ইয়াক এক অপপ্ৰচাৰ বা উৰাবাতৰি বুলিও অভিহিত কৰিছে।
তৰা ক্ৰয়ৰ আইনগত বৈধতা
আকাশৰ কোনো তৰা কোনো ব্যক্তিয়ে ব্যক্তিগতভাৱে ক্ৰয় বা বিক্ৰয় কৰিব নোৱাৰে। কিছুমান ব্যক্তিগত সংস্থাই ‘তৰা নামকৰণ’ (Star Naming) সেৱা আগবঢ়ায় যদিও ইয়াৰ কোনো বৈজ্ঞানিক বা আইনী স্বীকৃতি নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














