অত্যধিক মোবাইল ফোন ব্যৱহাৰে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনে। ইয়াৰ ফলত ডিঙি, পিঠিৰ বিষ, চকু শুকান, অনিদ্ৰা, উদ্বেগ আদি সমস্যাৰ সৃষ্টি হয়। স্ক্ৰীণৰ নীলা পোহৰে টোপনিত ব্যাঘাত জন্মায়, আনহাতে ৩০ মিনিটতকৈ অধিক সময় ব্যৱহাৰ কৰিলে উচ্চ ৰক্তচাপ হ’ব পাৰে। আজিকালি মোবাইল অবিহনে কোনো চলিব নোৱাৰে। ই আমাৰ জীৱনৰ এটা অংশ হৈ পৰিছে। কিন্তু আপুনি জানেনে স্মাৰ্টফোনে পুৰুষসকলৰ পিতৃ হোৱাৰ স্বপ্ন দূৰ কৰিব পাৰে।
বিশেষজ্ঞসকলে কয় যে, মোবাইল ফোন পকেটত ৰখাৰ ফলত পুৰুষৰ পিতৃ হোৱাৰ স্বপ্ন ভংগ হৈছে।
Gynecologist কয় যে, শুক্ৰাণুৱে তাপ সহ্য নকৰে। গতিকে পুৰুষৰ যৌনাংগ ক্ষতি কৰাৰ সম্ভাৱনা থাকে। কোনো কাৰণত চৌপাশৰ উষ্ণতা অত্যধিক বৃদ্ধি পালে পুৰুষৰ বীৰ্য উৎপাদনত প্ৰভাৱ পৰে।
মোবাইল ফোনত নিজস্ব উষ্ণতা থাকে। আকৌ ইয়াৰ পৰা এক প্ৰকাৰৰ ‘ৰশ্মি’ নিৰ্গত হয়। ইয়াৰ ফলত ফোনটো জেপত ৰাখিলে স্বাভাৱিকতে আমাৰ শৰীৰত প্ৰভাৱ পৰিব। মোবাইল ফোনত যি ধৰণৰ তাপ উৎপন্ন হয়, তাৰ ফলত পুৰুষৰ বীৰ্যৰ গুণাগুণ আৰু পৰিমাণ দুয়োটাতে নেতিবাচক প্ৰভাৱ পৰে।
এই সমস্যাৰ পৰা হাত সাৰিবলৈ কেতিয়াও মোবাইল ফোনটো পেণ্টৰ জেপত ৰাখিব নালাগে। ইয়াৰোপৰি কিছুমানে কোলাত লেপটপ বা টেবলেট লৈ ঘণ্টাৰ পিছত ঘণ্টা কাম কৰাও দেখা যায়। এই অভ্যাস তৎক্ষণাত এৰি দিয়াটো জৰুৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















