নক্ষত্ৰলোকৰ খেলত এইবাৰ সকলোবোৰ সালসলনি হ’ব৷ জ্যোতিষমতে মহাকাশৰ দুই প্রভাৱশালী সদস্য বুধ আৰু মঙ্গলে একেলগে যুঁটি বান্ধিৱ ৰেৱতী নক্ষত্ৰত৷ জ্যোতিষশাস্ত্ৰৰ হিচাপত এই মিলন মুঠেও সাধাৰণ নহয়৷ এফালে বুদ্ধিৰ প্ৰতীক বুধ আৰু অন্যহাতে অদম্য সাহস আৰু জেদৰ প্ৰতীক মঙ্গল৷ আগন্তুক ২২ এপ্ৰিলত বুধৰ ৰেৱতী নক্ষত্ৰত প্ৰৱেশৰ ঠিক ৪৮ ঘণ্টাৰ পাছতেই তালৈ আহিব মঙ্গল৷ আৰু এই দুই বিপৰীত শক্তিৰ যুগলবন্দীয়ে কপাল খুলিব ৪ ৰাশিৰ জাতক জাতিকাৰ৷
মেষ ৰাশি
মেষ ৰাশিৰ বাবে এই সময়ত বহু দিন ধৰি হেৰুওৱা সাম্ৰাজ্য উভতাই পোৱাৰ দৰে৷ জ্যোতিষশাস্ত্ৰই কৈছে মঙ্গলৰ শক্তি আৰু বুধৰ বিচক্ষণতাই আপোনাৰ মনত এক ভাৰসাম্য তৈয়াৰ কৰিব যাৰ বাবে শত্ৰুপক্ষই আপোনাক ভয় কৰিব৷ কৰ্মক্ষেত্ৰত আপুনি লাভৰ মুখ দেখিব৷
মিথুন ৰাশি
আপোনাৰ যদি হাতত আলাদিনৰ চাকি নাথাকেও তথাপিও এই সময় আপোনাৰ বাবেই৷ এই এপ্ৰিলৰ শেষতেই আপুনি লাভ কৰিব বহু পৰিমাণৰ অৰ্থসুখ৷ বিশেষকৈ যিসকলে সৃজনশীল কাম বা বিপণনৰ সৈতে যুক্ত তেওঁলোকৰ বাবে এই সময় সপোনৰ দৰে৷ নতুন কোনো বৃহৎ ডিল বা প্ৰজেক্ট লাভৰ ইংগিতো আছে৷
বৃশ্চিক ৰাশি
নিজৰ বহুদিনীয়া সপোন পূৰণ হব৷ এই মহাজাগতিক সংযোগে বৃশ্চিক ৰাশিৰ জাতকৰ বাবে আশীৰ্বাদ হৈ থিয় দিব৷ বিনিয়োগৰ পৰা মোটা অংকৰ ৰিটাৰ্ণ লাভ কৰিব৷ সামাজিক প্ৰতিপত্তিও কেইবাগুণো বাঢ়ি যোৱাৰ সম্ভাৱনা৷ পৰিয়ালৰ কোনো পুৰণি বিবাদ দূৰ হব৷ মানসিক শান্তি উভতি আহিব৷
মীন ৰাশি
যিহেতু ৰেৱতী নক্ষত্ৰত এই মহাজাগতিক পৰিবৰ্তন ঘটিছে সেয়ে সেই নক্ষত্ৰৰ ঘৰ হৈছে মীন ৰাশি৷ সেয়ে সকলোতকৈ বেছি লাভৱান হ’ব মীনৰ জাতকেই৷ আপোনাৰ আত্মবিশ্বাস আকাশলংঘী হব৷ যিকোনো জটিল সমস্যাৰ সমাধান হব৷ ব্যৱসায়ত লাভ বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















