মানুহৰ জীৱনৰ প্ৰথম প্ৰয়োজন হ’ল অক্সিজেন আৰু হাওঁফাওঁ অক্সিজেনৰ বাবে প্ৰথমখন প্ৰৱেশ দুৱাৰ৷ যদি কোনো ব্যক্তিৰ বুকুৰ অবিৰত বিষ হয় আৰু উশাহ-নিশাহ লোৱাত অসুবিধা হয়, তেন্তে চিকিৎসকে প্ৰায়ে বুকুৰ এক্স-ৰে বা চিটি স্কেনৰ প্ৰেছক্ৰিপচন দিয়ে। এই পৰীক্ষাত হাওঁফাওঁত তৰল পদাৰ্থ জমা হোৱা দেখা যায়। ই কিমান বিপজ্জনক বিশেষজ্ঞৰ পৰা জানো আহক।
দিল্লীৰ মূলচান্দ হাস্পতালৰ পাল্মন’লজী বিভাগৰ ডাঃ ভগৱান মন্ত্ৰীয়ে বুজাইছে যে হাওঁফাওঁত তৰল পদাৰ্থ জমা হোৱাটো চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা পালমোনাৰী ইডিমা বুলি জনা যায়। বিভিন্ন কাৰণত এনে হয়। ইয়াৰ প্ৰত্যক্ষ সম্পৰ্ক হাওঁফাওঁৰ লগত নহয় , বৰঞ্চ হৃদযন্ত্ৰৰ লগতহে। যেতিয়া হৃদযন্ত্ৰই সঠিকভাৱে কাম নকৰে তেতিয়া ইয়াৰ ফলত তেজৰ ক্ৰিয়া বেয়া হ’ব পাৰে।
হাওঁফাওঁত পানী জমা হোৱাটো কিয় বিপদজনক?
হাওঁফাওঁত তৰল পদাৰ্থ জমা হোৱাটো বিপদজনক কাৰণ ই হৃদযন্ত্ৰ আৰু হাওঁফাওঁ দুয়োটাতে প্ৰভাৱ পেলায়। হৃদযন্ত্ৰ বিকল হোৱাৰ আশংকা থাকে, হাওঁফাওঁত তৰল পদাৰ্থ জমা হ’লে উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাৰ লগতে অক্সিজেনৰ অভাৱ হ’ব পাৰে। যদিহে তৰল পদাৰ্থ যথেষ্ট জমা হয় আৰু সময়মতে চিকিৎসা গ্ৰহণ কৰা নহয় তেন্তে এই অৱস্থা মাৰাত্মক হ’ব পাৰে। এই সমস্যাৰ লক্ষণসমূহ আগতীয়াকৈ চিনাক্ত কৰি চিকিত্সা লব লাগে।
হাওঁফাওঁত পানী জমা হোৱাৰ লক্ষণসমূহ কি কি?
- ঔষধ খোৱাৰ পিছতো কাহ নকমা
- বুকুৰ তীব্ৰ বিষ
- শ্বাস-প্ৰশ্বাসজনিত অসুবিধা
- বমি অনুভৱ কৰা
নিজকে ৰক্ষা কৰিবলৈ কি কৰিব?
- যদি আপুনি টিবি ৰোগত আক্ৰান্ত, তেন্তে উপযুক্ত চিকিৎসা লওক।
- কলেষ্টেৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখক
- ধাৰাবাহিক কাহক ইয়াক সহজভাৱে ল’ব নালাগে।
- যদি আপুনি হাওঁফাওঁত কোনো সংক্ৰমণ অনুভৱ কৰে, তেন্তে পৰীক্ষা কৰাওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















