ব্যস্ত জীৱন আৰু বেয়া খাদ্যাভ্যাসে মানুহক অস্বাস্থ্যকৰ কৰি তুলিছে। এনে ক্ষেত্ৰত একাংশ লোকে স্বাস্থ্যসন্মত বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিছে। ইয়াত মাখানাক বহুত অগ্ৰাধিকাৰ দিয়া হৈছে। প্ৰ’টিন, কেলচিয়াম, এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে থকা বাবে মাখানাক ছুপাৰফুড বুলি গণ্য কৰা হয়। বৰ্তমান মাখানা যথেষ্ঠ জনপ্ৰিয় খাদ্য হৈ পৰিছে। নিশা মাখানা গাখীৰ সৈতে খোৱাৰ ফলত বহুতো উপকাৰ আছে জানক…
হাড় মজবুত কৰে– মাখানা আৰু গাখীৰ দুয়োবিধেই কেলচিয়াম আৰু ফছফৰাছৰ ভাল উৎস। ই হাড় আৰু গাঁঠি মজবুত কৰে আৰু বয়সৰ লগে লগে হোৱা দুৰ্বল হাড়ৰ সমস্যা ৰোধ কৰাত সহায় কৰে।
পাচনতন্ত্ৰৰ বাবে উপকাৰী– ৰাতি মাখানাৰ সৈতে গাখীৰ খালে পাচনতন্ত্ৰ সুস্থ হৈ থাকে। ইয়াত থকা আঁহে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰি পেটটো ভাল কৰি ৰাখে।
ভাল টোপনিত সহায়ক– মাখানাত চেৰ’টনিন আৰু ট্ৰিপ্ট’ফেন নামৰ যৌগ পোৱা যায়, যিয়ে মানসিক চাপ কমোৱাত আৰু ভাল টোপনি লোৱাত সহায় কৰে। ৰাতি সেৱন কৰিলে মনটো শান্ত হৈ থাকে আৰু অনিদ্ৰাৰ সমস্যাও কমি যায়।
ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ বাবে ভাল– মাখানাৰ গ্লাইচেমিক ইনডেক্স কম, যাৰ বাবে ডায়েবেটিছ ৰোগীৰ বাবেও ই নিৰাপদ। ইয়াৰ উপৰিও কলেষ্টেৰল কমোৱাত আৰু হৃদযন্ত্ৰৰ ধমনী পৰিষ্কাৰ কৰি ৰখাতো সহায় কৰে।
ছাল আৰু চুলিৰ বাবে উপকাৰী – ইয়াত থকা এন্টিঅক্সিডেন্ট আৰু এমিনো এচিডে ছালখনক উজ্জ্বল কৰি তোলে আৰু লগতে চুলিৰ বৃদ্ধিও বৃদ্ধি কৰে। বয়স বৃদ্ধিৰ চাপ কমকৈ দেখুৱাত সহায় কৰে।
মাখানা গাখীৰৰ সৈতে খোৱাৰ অসুবিধা
পেট ফুলা হ’ব পাৰে – মাখানাত অধিক পৰিমাণৰ আঁহ থাকে, গতিকে ইয়াক বৃহৎ পৰিমাণে সেৱন কৰিলে পেট গধুৰ বা পেট ফুলা অনুভৱ হ’ব পাৰে। গতিকে কম পৰিমাণে সেৱন কৰিব লাগে।
এলাৰ্জীৰ সম্ভাৱনা- কিছুমান মানুহৰ মাখানাৰ এলাৰ্জী হ’ব পাৰে, যাৰ ফলত ছালৰ প্ৰতিক্ৰিয়া বা পেটৰ সমস্যা হ’ব পাৰে। যদি আপোনাৰ ইয়াৰ লগত কোনো সমস্যা আছে তেন্তে ইয়াক খোৱাটো এৰক।
ওজন বৃদ্ধি হ’ব পাৰে- যদি আপুনি ওজন কমাব বিচাৰে তেন্তে মনত ৰাখিব যে মাখানাত কেলৰি কম থাকে, কিন্তু গাখীৰৰ লগত বেছি পৰিমাণে খালে ওজন বৃদ্ধি কৰিব পাৰে।
মাখানা গাখীৰ কেনেকৈ প্ৰস্তুত কৰিব?
কেৰাহীত ঘিউ গৰম কৰি মাখানা দি লাহে লাহে ভাজিব। এতিয়া মখানাখিনি মিক্সাৰত মোটাকৈ পিহি লওক। কেৰাহীত গাখীৰ গৰম কৰি তাত ইলাচিৰ গুড়ি আৰু ড্ৰাই ফ্ৰুইটছ দিব। এতিয়া পিহি লোৱা মাখানাখিনি গাখীৰত দি কম জুইত ৩-৪ মিনিট ৰান্ধিব। ৰুচি অনুসৰি মৌ দি গৰমে গৰমে সেৱন কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















