সূৰ্যক অৱস্থান, প্ৰতিপত্তি, সিদ্ধান্তৰ সক্ষমতাৰ প্ৰতীক হিচাপে ধৰা হয়৷ জ্যোতিষশাস্ত্ৰত ইয়াক আত্মাৰ কাৰক গ্ৰহ বুলিও কোৱা হয়৷ সূৰ্যই পৃথিৱীৰ সকলোতকৈ ডাঙৰ শক্তিৰ উৎস৷ হিন্দুধৰ্মত সূৰ্যদেৱৰ অত্যন্ত গুৰুত্বপূৰ্ণ স্থান আছে৷ ধৰ্মীয় গ্ৰন্থত তেওঁৰ মহিমাৰ ব্যাপক প্ৰশংসা কৰা হৈছে৷ প্ৰকৃতপক্ষে হিন্দুধৰ্মত সূৰ্যদেৱক শক্তি, সন্মান আৰু আত্মবিশ্বাসৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়৷ গ্ৰহৰ ৰজা সূৰ্যই প্ৰতি মাহত ৰাশিচক্ৰ পৰিবৰ্তন কৰে৷ সূৰ্যই বছৰি ১২ বাৰ তাৰ ৰাশিচক্ৰ পৰিবৰ্তন কৰে৷ যেতিয়া সূৰ্যই এক ৰাশিৰ পৰা অন্য ৰাশিত প্ৰৱেশ কৰে বা নক্ষত্ৰ পৰিবৰ্তন কৰে তেতিয়া তাৰ প্ৰভাৱ সকলো ৰাশিৰ জাতকৰ ওপৰত কম বেছি পৰে৷
১৪ এপ্ৰিলত সূৰ্যই তাৰ ৰাশি পৰিবৰ্তন কৰিব৷ জ্যোতিষীৰ মতে যেতিয়া সূৰ্যই তাৰ অৱস্থান পৰিবৰ্তন কৰে তাৰ প্ৰভাৱ সমস্ত ৰাশিৰ ওপৰতেই অনুভূত হয়৷ দৃক পঞ্চাঙ্গ অনুসৰি ১৪ এপ্ৰিলত সূৰ্যই মেষ ৰাশিত প্ৰৱেশ কৰিব৷ জ্যোতিষশাস্ত্ৰত এই নক্ষত্ৰটিক শক্তি আৰু পোহৰৰ প্ৰতীক হিচাপে গণ্য কৰা হয়৷ সূৰ্যৰ এই ৰাশি পৰিবৰ্তন আৰু নক্ষত্ৰ পৰিবৰ্তন উভয়কেই নিৰ্দিষ্ট কিছু ৰাশিৰ বাবে অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ লাকী ৰাশি কি কি?
মেষ ৰাশি
মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময় অত্যন্ত ইতিবাচক হব৷ কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ যথাযথ স্বীকৃতি বা প্ৰশংসা পাব পাৰে৷ আপুনি নতুন কোনো দায়িত্ব পাব পাৰে যিয়ে ভৱিষ্যতে আপোনাৰ বাবে ইতিবাচক সুফল কঢ়িয়াই আনিব৷ আয়ৰ পৰিমাণ বৃদ্ধিৰো স্পষ্ট ইংগিত দেখা গৈছে৷ নতুন চাকৰিৰ সুযোগো তৈয়াৰ হব পাৰে৷ পুৰণি কোনো বিনিয়োগৰ পৰা মুনাফা লাভৰ প্ৰৱল সম্ভাৱনা আছে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ এই গোচৰ স্বস্তিদায়ক প্ৰমাণিত হব৷ কৰ্মক্ষেত্ৰত সমস্যসমূহ দূৰ হব৷ চাকৰিত পদোন্নতিৰ সুযোগ আছে৷ দৰমহা বৃদ্ধিৰো ইংগিত পোৱা গৈছে৷ যিসকল ব্যৱসায়ৰ সৈতে যুক্ত তেওঁলোকে ভাল মুনাফা অৰ্জন কৰিব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ বাবে এই সময়ে প্ৰগতিৰ বাৰ্তা কঢ়িয়াই আনিব পাৰে৷ পদোন্নতিৰ সম্ভাৱনা প্ৰৱল৷ কৰ্মক্ষেত্ৰত সাফল্য লাভৰ যোগ আছে৷ যিসকল সৃজনশীল কাম আৰু শিক্ষা সংক্ৰান্তিয় পেছাৰ সৈতে যুক্ত তেওঁলোক বিশেষভাৱে উপকৃত হব৷ আপুনি লোৱা সিদ্ধান্তসমূহ সঠিক আৰু সুচিন্তিত প্ৰমাণিত হব৷ ইয়াৰোপৰি বাহন বা যানবাহন কিনাৰ দৰে ডাঙৰ কোনো ক্ৰয় বিক্ৰয়ৰ সম্ভাৱনা আছে৷
সূৰ্যক শক্তিশালী কৰাৰ উপায়
প্ৰতিদিনে পুৱা সূৰ্যোদয়ৰ সময়ত এক তামৰ পাত্ৰত ৰঙা ফুল অথৱা সেন্দুৰ মিশ্ৰিত পানী লৈ সূৰ্যদেৱক অৰ্পন কৰক৷ পুৱাই অৰ্পণৰ সময়ত ওম সূৰ্যায় নমঃ অথৱা ওম ঘৃণি সূৰ্যায় নমঃ মন্ত্ৰ জপ কৰক৷ দেওবাৰে উপবাসে থকা বা সূৰ্যদেৱৰ বিশেষ পূজা আৰাধনা কৰাটো অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ ইতিবাচক শক্তি সঞ্চাৰৰ বাবে প্ৰতিদিনে পুৱা সূৰ্যৰ পোহৰ লওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















