• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

3 months ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

47 minutes ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

1 hour ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

3 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

11 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

11 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

12 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

12 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

13 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

14 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

15 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

editor by editor
April 14, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক
0
SHARES
28
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যজুৰি ৰঙালীৰ উছাহ। ব’হাগৰ এই সুন্দৰ বতৰত ৰঙালীৰ ৰঙত মতলীয়া হৈছে প্ৰতিগৰাকী অসমীয়া। কাইলৈ ৰঙালী বিহুৰ দ্বিতীয়টো দিন। ঢোল, পেঁপা, গগণাৰ মাতত মুখৰিত হৈ পৰিছে ৰাজ্য। ঘৰে ঘৰে গৈ হুঁচৰি মাৰিবলৈ, ঢোলৰ চাপৰত কঁকাল ঘূৰাই নাচিবলৈ সাজু হৈছে ডেকা–গাভৰুসকল। কাইলৈ অসমীয়া নৱবৰ্ষৰ প্ৰথম মাহ ব’হাগৰ ১ তাৰিখ। পৰম্পৰা অনুসৰি পহিলা ব’হাগত অসমবাসীয়ে মানুহ বিহু পালন কৰি আহিছে। আজি পুৱাই মাহ-হালধি সানি গা-পা ধুই গোসাঁইক সেৱা কৰি ৰাইজে বছৰটোলৈ ঘৰখনৰ কুশল মংগল কামনা কৰে।

পহিলা ব’হাগ বা মানুহ বিহুৰ দিনা পুৱা গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৰ উপহাৰ দিয়ে। নতুন বছৰ উপলক্ষে অসমীয়া সমাজত আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰৰ আদান-প্ৰদান হয়। এনে উপহাৰকে ‘বিহুৱান’ বোলে। ‘বিহুৱান’ বুলিলে সাধাৰণতে গামোচাকে বুজায় যদিও বিহু উপলক্ষে দিয়া প্ৰায়বোৰ উপহাৰকে ‘বিহুৱান’ আখ্যা দিয়া হয়। প্ৰকৃততে এই বিহুৱান বা ফুলাম গামোচাখনহে সন্মানৰ বস্ত্ৰ। গামোচাখন সাধাৰণতে দৈনিক কামৰ কাৰণে ব্যৱহাৰ কৰা বস্ত্ৰ। বিহু, বিবাহ অনুষ্ঠান বা অন্যান্য যিকোনো সামাজিক অনুষ্ঠানত বিহুৱানক সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। অসমৰ সকলো শ্ৰেণীৰ জাতি-জনজাতিয়েই গামোচা ব্যৱহাৰ কৰে। অসমৰ বিহু উৎসৱৰ লগত গামোচাৰ বিশেষ সম্পৰ্ক আছে। বিহু নৃত্যৰ সময়ত যুৱকসকলে ফুলাম গামোচা মূৰত মাৰি বিহু নৃত্যত অংশ গ্ৰহণ কৰে। বিহুৱানত থকা ফুলবোৰৰ বিশেষ মহত্ত্ব আছে। এই ফুলবোৰ প্ৰেম আৰু সন্মানৰ লগতে বসন্ত ঋতুৰ প্ৰতীক।

আমাৰ সমাজত বিহুৱানৰ এক সুকীয়া মৰ্যাদা আৰু সন্মান আছে। এই দিনটোতে ব্ৰাহ্মণ-দৈৱজ্ঞৰ ওচৰত কৰ্মফল গণনা কৰি কিবা দোষ থাকিলে শান্তিৰ ব্যৱস্থা কৰা হয়।

তিতা খোৱাৰ পৰম্পৰা

মানুহ বিহুৰ দিনাই ৰাতিপুৱা নিমপাত চোবাই খোৱাৰ এটা প্ৰথা আছে যাতে গোটেই বছৰটোৰ বাবে ৰোগমুক্ত হৈ থাকে। এই দিনটোতেই ৰাইজ নামঘৰলৈ গৈ চাকি-বন্তি জ্বলায় আৰু নতুন বছৰটো শুভ হোৱাৰ কামনা কৰে। এইদিনাই পৰিয়ালৰ সকলো একেলগ হৈ জা-জলপান,পিঠা-পনা খায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?
বিনোদন

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

July 16, 2026
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য
জীৱনশৈলী

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

July 16, 2026
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত
বিনোদন

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

July 16, 2026
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

July 16, 2026
Next Post
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.