‘হুম এক বাৰ জিতে হে, এক বাৰ মৰ্তে হে… ঔৰ প্যাৰ ভি এক হি বৰ হোতা হে৷’ ‘কুচ কুচ হৌতা হে’ ছবিখনত ৰাহুলে অঞ্জলিৰ আগত কোৱা এই সংলাপ শুনি নব্বৈৰ দশকৰ যুৱক-যুৱতীসকলে প্ৰেমক তেনেকৈয়ে লৈছিল৷ কিন্তু বাস্তৱ জীৱন সঁচাকৈয়ে চিনেমাৰ দৰে নেকি? আধুনিক ডেটিং তত্ত্বই তাক অনুসৰণ কৰেনে? মনোবিজ্ঞানীসকলে অৱশ্যে প্ৰেমৰ কোনো নিৰ্দিষ্ট সীমা নাই বুলি কয়। বৰঞ্চ ইয়াৰ বহু স্তৰ আছে।
প্ৰেমৰ বিৱৰ্তন
মনোবিজ্ঞানীসকলে কয় যে বয়সৰ লগে লগে আমাৰ প্ৰেমৰ ধৰণ সলনি হয়। উদাহৰণ স্বৰূপেঃ
- ডেকা প্ৰেমঃ জীৱনৰ আৰম্ভণিতে প্ৰেম অতি তীব্ৰ, আবেগিক, আৰু জুইৰ দৰে। বহুতে হয়তো ইয়াক বোৱতী নদী বুলিও কয়। তাত হেৰুওৱাৰ ভয় আৰু ভালপোৱা মানুহজনৰ ওচৰত থকাৰ ইচ্ছাই আটাইতকৈ ডাঙৰ।
- পৰিপক্ক প্ৰেমঃ বয়স বঢ়াৰ লগে লগে জীৱনে আমাক বহু কথা শিকাই। অভিজ্ঞতাৰ ভঁৰালটো অলপ অলপকৈ ভৰিবলৈ আৰম্ভ কৰে। তেতিয়া প্ৰেম শান্ত, স্থিৰ আৰু বহুত গভীৰ হৈ পৰে। ইয়াত পাৰস্পৰিক সন্মান, নিৰাপত্তা আৰু ইজনে সিজনক বুজিব পৰা ক্ষমতা গুৰুত্বপূৰ্ণ হৈ পৰে।
বাৰে বাৰে প্ৰেমত পৰাটো ব্যৰ্থতা নেকি?
মনোবিজ্ঞানে কয় যে, বাৰে বাৰে প্ৰেমত পৰাটো বিফলতাৰ লক্ষণ নহয়। বৰঞ্চ মনৰ স্থিতিস্থাপকতাৰ প্ৰমাণ। মানুহ হিচাপে আমি কিমান ইতিবাচক আৰু নতুন কাৰোবাক গ্ৰহণ কৰিবলৈ আমাৰ হৃদয় এতিয়াও সাজু নেকি তাৰেই প্ৰমাণ।
অৱশ্যে এটা জনপ্ৰিয় তত্ত্ব আছে যে মানুহে জীৱনত তিনিবাৰ প্ৰেমত পৰে।
১/ প্ৰথম প্ৰেমঃ যিটো সাধুকথাৰ দৰে লাগে।
২/ কঠিন প্ৰেমঃ যিয়ে আমাক জীৱন কি শিকাই আৰু এই প্ৰেম প্ৰায়ে যন্ত্ৰণাদায়ক।
৩) অপ্ৰত্যাশিত প্ৰেমঃ যিটো কোনো পৰিকল্পনা অবিহনে আহে আৰু বেছিভাগ ক্ষেত্ৰতে দীৰ্ঘদিন ধৰি থাকে।
প্ৰেমক সংখ্যাৰে জুখিব নোৱাৰি। মনোবিজ্ঞানীসকলৰ মতে আমি যিমানেই প্ৰেমত পৰিছো সিমানেই আমাৰ আৱেগিক অভিজ্ঞতা পৰিপক্ক হৈ উঠো। আমি কি লাগে আৰু ক’ত সীমা নিৰ্ধাৰণ কৰিব লাগে সেই কথা বুজিবলৈ শিকো। পৰিপক্ক প্ৰেম কেৱল শাৰীৰিক আকৰ্ষণ, ৰোমাঞ্চ নহয়, ইজনে সিজনৰ অস্তিত্বক আনন্দ আৰু সহজে গ্ৰহণ কৰাৰ ক্ষমতাও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















