IPL 2026: অৱশেষত ৰিয়ান পৰাগে দেখুৱালে যাদু। দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰে। দিল্লীৰ বিৰুদ্ধে মাত্ৰ ৩২টা বলত অৰ্ধশতকৰ ৰেকৰ্ড ভংগ কৰে ৰিয়ান পৰাগে। এইটোৱেই হৈছে ৰাজস্থান ৰয়েলছৰ অধিনায়কগৰাকীৰ ছিজনৰ প্ৰথম অৰ্ধশতক। এই শতকেৰে সমালোচকসকলৰ মুখ বন্ধ কৰি দিয়ে।
কিছুদিন পূৰ্বে ড্ৰেচিং ৰূমত ই-চিগাৰেট সেৱনৰ বাবে BCCI ৰ শাস্তি ভোগ কৰিবলগীয়া হৈছিল ৰিয়ানে। যাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আহিছিল ৰিয়ান পৰাগে। পঞ্জাব কিংছৰ বিৰুদ্ধে খেলৰ সময়ত তেওঁক ভেপিং কৰা দেখা গৈছিল, তাৰ পিছত বিচিচিআইয়ে বিহিছিল জৰিমণা। কিন্তু আজি এই খেলুৱৈগৰাকীৰ উৎকৃষ্ট প্ৰদৰ্শনে সকলোকে আচৰিত কৰি তুলিছে।
ৰিয়ান পৰাগৰ আচৰিত ইনিংছ
ৰিয়ান পৰাগৰ ইনিংছটো উল্লেখযোগ্য কাৰণ যশস্বী জয়ছৱাল আৰু বৈভৱ সূৰ্যবংশী আউট হোৱাৰ পিছত দিল্লীৰ বলাৰৰ বিৰুদ্ধে খেলিছিল ৰিয়ানে। প্ৰথম দুটা অভাৰত ৰাজস্থান ৰয়েলছৰ দুটা শ্ৰেষ্ঠ অ’পেনাৰ পৰাস্ত হয়। যশস্বী জয়ছৱালক মিচেল ষ্টাৰকে আৰু বৈভৱ সূৰ্যবংশীক কাইল জেমিছনে বল কৰে। ইয়াৰ পিছতে ৰিয়ান পৰাগে ধ্ৰুৱ জুৰেলৰ সৈতে শতকীয় অংশীদাৰিত্ব ভাগ কৰি ১০২ ৰান সংযোজন কৰে।
বৈভৱ সূৰ্যবংশীৰ উইকেট পতনৰ পাছত ক্ৰীজলৈ আহিছিল ৰিয়ান পৰাগ। আহিয়েই পৰাগে ভাল শ্বট খেলিবলৈ ধৰিলে। কাইল জেমিছনৰ অভাৰত তেওঁ দুটা ছয় আৰু এটা চাৰি মাৰে। ইয়াৰ পাছতে পৰাগে অক্ষৰ পেটেলৰ অভাৰত একেৰাহে দুটা ছয় কৰে। নটৰাজনৰ বলটো ছয় মাৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে। বহু প্ৰাক্তন ক্ৰিকেটাৰে পৰাগৰ ইনিংছক প্ৰশংসা কৰে। আৰ অশ্বিনে তেওঁক special player বুলি অভিহিত কৰাৰ বিপৰীতে ইৰফান পাঠানে তেওঁৰ শ্বটৰ প্ৰশংসা কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















