পুৰুষৰ নানান সমস্যাৰ কাৰণ হ’ব পাৰে অপৰিচ্ছন্ন অন্তৰ্বাস৷ পৰিসংখ্যাই কৈছে, প্ৰায় ৪৫ শতাংশ পুৰুষে নিজৰ অন্তৰ্বাসৰ পৰিচ্ছন্নতা সম্পৰ্কে সচেতন নহয়৷ ইয়াৰ ফলত নানান অসুখৰ আশংকা মাৰাত্মকভাৱে বাঢ়ি যাব পাৰে৷
কি কি সমস্যা হ’ব পাৰে ইয়াৰ ফলত?
সম্প্ৰতি আমেৰিকাৰ নেশ্ব্যনেল ইনষ্টিটিউট ফৰ হেলথ ক্লিনিকেল এক্সেলেন্সৰ এক সমীক্ষাৰ ৰিপৰ্টে জনাইছে যে অপৰিষ্কাৰ অন্তৰ্বাসৰ কাৰণে পুৰুষৰ বহু সমস্যা হ’ব পাৰে৷
মূত্ৰনলীৰ নানান ধৰণৰ সংক্ৰমণ হ’ব পাৰে৷
কিডনিৰ সমস্যা বা UTI-ৰ দৰে সমস্যা হব পাৰে৷
শুক্ৰাণু উৎপাদনৰ হাৰ কমি যাব পাৰে৷
অণ্ডকোষৰ ক্ষতি হব পাৰে ইয়াৰ ফলত৷
পুৰুষৰ যৌন ক্ষমতাও কমি যাব পাৰে ইয়াৰ ফলত৷
অন্তৰ্বাস ব্যৱহাৰৰ সময়ত কি কি কথা মনত ৰাখিব?
অপৰিচ্ছন্ন অন্তৰ্বাসৰ ব্যৱহাৰ নকৰিব৷
কপাহী কাপোৰ বা কটনৰ অন্তৰ্বাস ব্যৱহাৰ কৰক৷
ঢিলা অন্তৰ্বাস পৰিধান কৰিব৷
চিনথেটিক কাপোৰৰ অন্তৰ্বাস পৰিধান নকৰিব৷
টোপনিৰ সময়ত কেতিয়াও অন্তৰ্বাস পিন্ধি নাথাকিব৷ অন্যথা শুক্ৰাণু উৎপাদনত বাধা আহিব৷
এটা অন্তৰ্বাস নোধোৱাকৈ কিমান সময় পিন্ধিব পাৰে?
চিকিৎসকে কয় যে এটা অন্তৰ্বাস ১২ঘণ্টাতকৈ বেছি কেতিয়াও পৰিধান নকৰিব৷ অন্যথা নানান ধৰণৰ সংক্ৰমণৰ আশংকা বাঢ়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















