ছয় বছৰীয়া প্ৰেমে পূৰ্ণতা পোৱাৰ পথত ধাক্কা খাইছে৷ স্থগিত হৈ গ’ল স্মৃতি মান্ধানা আৰু পলাশ মুচ্ছলৰ বিবাহ৷ ইয়াৰ মাজতেই ভাইৰেল হৈ পৰিছে পলাশৰ সৈতে মেৰি ডিকোস্তা নামৰ এগৰাকী মহিলাৰ চাট৷ নেটিজেনসকলৰ ধাৰণা যে পলাশে স্মৃতিৰ মন ভাঙিছে৷ স্মৃতিক চিট কৰিছে নেকি পলাশে? এই বিষয়ে অৱশ্যে স্মৃতি বা পলাশ কোনোৱে মুখ খোলা নাই৷ কিন্তু এই চিটিং বা প্ৰতাৰণা বিষয়টো সমাজত নতুন নহয়৷ কেৱল তাৰকাই নহয়, সাধাৰণ মানুহেও কেতিয়াবা কেতিয়াবা এই সমস্যাত পৰে৷ কাৰোবাক ঠগাৰ অৰ্থ, সেই মানুহৰ বিশ্বাসৰ সৈতে খেলা কৰা৷ কিন্তু পুৰুষ নে মহিলা কোনে বেছি চিট কৰে পাৰ্টনাৰক?
কোনে বেছি প্ৰতাৰণা কৰে?
সম্প্ৰতি গ্লিডেন নামৰ ভাৰতীয় এক ডেটিং এপে ২০ লাখ মানুহৰ মাজত সমীক্ষা চলাইছে৷ বিচাৰি ওলিয়াইছে কোনে বেছি প্ৰতাৰণাৰ চিকাৰ হয় আৰু কোনে বেছি প্ৰতাৰণা কৰে৷ পুৰুষ বনাম মহিলাৰ মাজত কৰা সমীক্ষাত আগুৱাই আছে পুৰুষহে৷ সেই সমীক্ষাৰ পৰা জনা গৈছে যে ৬৪ শতাংশ পুৰুষে কেতিয়াবা নহয় কেতিয়াবা সংগীক ঠগিছে বা ঠগাৰ চেষ্টা কৰিছে৷ অন্যহাতে ৫৫শতাংশ মহিলাই কেতিয়াবা কেতিয়াবা ভাৱিছে যে তেওঁ সংগীক ঠগিছে বা ঠগোৱাৰ চেষ্টা কৰিছে৷
পুৰুষৰ মাজত সংগীক ঠগোৱাৰ প্ৰৱণতা কিয় বেছি?
সমীক্ষাই কৈছে পুৰুষৰ মাজত চিট কৰাৰ প্ৰৱণতা বেছি হোৱাৰ আঁৰত বহু বেছি কাৰণ আছে৷ সমাজে তৈয়াৰ কৰা এটা ধাৰণা হৈছে পুৰুষ মানেই যি ইচ্ছা তাকেই কৰিব পাৰে৷ এই ধাৰণাই তেওঁলোকৰ মাজত সংগীক ঠগোৱাৰ প্ৰৱণতা বঢ়ায়৷ ক’ব পাৰে যে ইচ্ছাকৃতভাৱেই সংগীক চিট কৰে পুৰুষে৷ ইয়াৰোপৰি পুৰুষক শিকোৱা নহয় যে কেনেকৈ প্ৰত্যাখানৰ মুখামুখি হ’ব লাগে আৰু কেনেকৈ সম্পৰ্কত সমস্যাৰ সমাধান কৰিব লাগে৷ এইসমূহে পুৰুষৰ মাজত সংগীক ঠগোৱাৰ প্ৰৱণতা বঢ়াই তোলে বুলি ধাৰণা কৰিছে সমীক্ষাৰ গৱেষকে৷
অন্যহাতে মহিলাসকলে একাকিত্বৰ পৰা মুক্তি বিচাৰি, দীৰ্ঘদিন ধৰি সম্পৰ্কত সুখী নহলে সংগীক ঠগোৱাৰ সিদ্ধান্ত লয়৷ ভাৰতৰ বেছিভাগ মহিলাই এনে এজন সংগী বিচাৰে যিয়ে তেওঁক বুজিব পাৰে, তেওঁ ভালপোৱা কথাবোৰক প্ৰাধান্য দিয়ে৷ এনেকুৱা সম্পৰ্ক এটা গঢ়ি নুঠিলেই মহিলাই আন সম্পৰ্কত মন মেলে৷ অৱশ্যে কোনো মানুহে কিয় চিট কৰে তাৰ সঠিক উত্তৰ আজিলৈকে কোৱো গৱেষণাতেই লাভ কৰিব পৰা হোৱা নাই৷ আনকি বহু মানুহেই হয়তো নাজানে যে তেওঁলোকে এই কাম কিয় কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















