কোমোৰা স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ই শৰীৰৰ বহু উপকাৰ সাধে। এই পাচলিত প্ৰটিন, আইৰণ, জিংক আৰু কেলচিয়াম আদি বহুতো গুণ আছে যি শৰীৰৰ বাবে উপকাৰী৷ কোমোৰাত কেলৰিৰ পৰিমাণ অতি কম। প্ৰতিদিনে পুৱা খালী পেটত ইয়াৰে ৰস ১গিলাচকৈ খালে বহু উপকাৰ লাভ কৰিব আপুনি৷
ওজন হ্ৰাসত কোমোৰা
নিতৌ পুৱা খালী পেটত ১ গিলাচ কোমোৰাৰ ৰস পান কৰিলে ওজন সোনকালে হ্ৰাস পায়৷ ইয়াত কেলৰিৰ পৰিমাণ শূন্য। কোমোৰাৰ ৰস খালে শৰীৰত জমা হোৱা টক্সিন দূৰ হয়। কোমোৰাৰ ৰসত অধিক পৰিমাণত আঁহ থাকে যাৰ ফলত ভোক কমি যায় সেয়ে খাদ্য খোৱাৰ পৰিমাণো কমে ফলত ওজন কমি যায়।
হজম প্ৰক্ৰিয়াত সহায়ক
খালী পেটত এই ৰস খালে কোষ্ঠকাঠিন্য, গেছ আৰু এচিডিটিৰ সমস্যা কমে। এই ৰসে পেট পৰিষ্কাৰ কৰাত সহায় কৰে। এই ৰস সেৱন কৰিলে হজম শক্তি বৃদ্ধি পায়৷
বৃক্কত পাথৰ জমা নহয়
কোমোৰাৰ ৰসে শৰীৰক ভিটামিন বি আৰু চি যোগান ধৰে। এই দুয়োটা ভিটামিনেই বৃক্ক সুস্থ ৰখাত সহায়ক হয়৷ এই ভিটামিনে বৃক্কত হোৱা পাথৰৰ সমস্যাৰ পৰাও সকাহ দিয়ে। এই ৰসে বৃক্কৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে৷
শৰীৰ দুৰ্বল লগাৰ সমস্যা দূৰ কৰে
কোমোৰাত কেলচিয়াম, জিংক, ফছফৰাছ আৰু বহুতো ভিটামিনৰ উৎস থাকে। দৈনিক এগিলাচ এই ৰস খালে দুৰ্বল শৰীৰৰ সমস্যা কমে৷ এসপ্তাহৰ ভিতৰতে আপুনি নিজকে ফিট আৰু সুস্থ অনুভৱ কৰিব। কোমোৰাত থকা থাইয়ামিন আৰু ৰাইব’ফ্লেভিন উপাদানে মানসিক চাপ আৰু ভাগৰ দূৰ কৰাত সহায় কৰে।
কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ
কোমোৰাৰ ৰস সেৱনে শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিত নিয়ন্ত্ৰণ আনে৷ ইয়াৰ ৰস খালে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হয়। হাইড্ৰেচন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। বেয়া কলেষ্টেৰল হ্ৰাস পায়৷
কেনেকৈ তৈয়াৰ কৰা হয় এই জুছ?
ইয়াৰ বাবে আপুনি কোমোৰাটো প্ৰথমে সৰু সৰুকৈ কাটিব লাগিব। এই টুকুৰাসমূহ এটা গ্ৰাইণ্ডাৰ মেচিনত পিহি লওক। ইয়াৰ পিছত পদিনা আৰু কেইটামান জালুক দি পুনৰ পিহি লওক। এই জুছখিনি চেকি ল’ব যাতে কেৱল ৰসখিনি উলাই আহে। প্ৰতিদিনে নিয়মিতভাৱে এই ৰস সেৱন কৰিলে আপুনি বহু উপকাৰ লাভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















