ফিক্সড ডিপজিট এতিয়া তেওঁলোকৰ বাবে অন্যতম জনপ্ৰিয় বিনিয়োগৰ মাধ্যম, যিসকলে নিৰাপদ আৰু নিশ্চিত আয়ৰ সন্ধান কৰি আছে৷ বিশেষকৈ অৱসৰপ্ৰাপ্ত ব্যক্তি আৰু ধন হেৰুওৱাবলৈ ভয় কৰা বিনিয়োগকাৰীৰ ওচৰত বেংক এফ ডিত নিয়মিত মাহিলী আয়ৰ এক ভৰষাযোগ্য উৎস হিচাপে বিবেচিত হয়৷ কাৰণ ইয়াত বজাৰৰ ওঠানমাৰ প্ৰভাৱ নপৰে৷
FD ৰ পৰা প্ৰতিমাহে ১০,০০০ টকা আয় কৰিব খুজিলে বছৰি সুদৰ পৰা মুঠ আয় হ’ব ১,২০,০০০ টকা৷ বেছিভাগ বেংক FD ত মাহিলী ত্ৰিমাহিক, অৰ্থবাৰ্ষিক বা বাৰ্ষিক সুদ পোৱাৰ অপশ্ব্যন থাকে৷
নন কিউমুলেটিভ FD কি?
নন-কিউমুলেটিভ ফিক্সড ডিপোজিটত সুদৰ টকা মূলধনৰ সৈতে যোগ কৰি পুনৰায় বিনিয়োগ কৰা নহয়৷ বৰং নিৰ্দিষ্ট সময়ৰ অন্তৰত সেই সুদেই বিনিয়োগকাৰীৰ বেংক একাউণ্টলৈ পঠিয়াই দিয়া হয়৷ মূলধন সম্পূৰ্ণ সুৰক্ষিত থাকে৷ সেই কাৰণেই নিয়মিত আয় বিচৰা মানুহৰ মাজত এফ ডি খুবেই জনপ্ৰিয়৷
প্ৰতিমাহে ১০,০০০ টকা আয়ৰ বাবে কিমান বিনিয়োগ কৰিব?
নন কিউমুলেটিভ এফ ডিৰ পৰা প্ৰতিমাহে ১০,০০০ টকা পাবলৈ হ’লে কিমান টকা বিনিয়োগ কৰিব লাগিব সেয়া নিৰ্ভৰ কৰে বেংকৰ সুদৰ হাৰৰ ওপৰত৷ দেশৰ বৃহৎ বেংকসমূহ যেনে HDFC Bank, State Bank of India, ICICI Bank আৰু Axis Bank য়ে সাধাৰণতে ৬শতাংশৰ পৰা ৭.২৫শতাংশ পৰ্যন্ত সুদ দিয়ে৷ অন্যহাতে চিনিয়ৰ চিটিজেনে সাধাৰণ গ্ৰাহকৰ তুলনাত প্ৰায় ০.৫০ শতাংশ অতিৰিক্ত সুদ পায়৷ ইয়াৰোপৰি কিছু স্মল ফাইনেন্স বেংকে আৰু বেছি ৰিটাৰ্ণো অফাৰ কৰে৷
সুদৰ হাৰৰ ভিত্তিত আনুমানিক বিনিয়োগ ৬শতাংশ সুদঃ প্ৰায় ২০ লাখ টকা বিনিয়োগ কৰিব লাগিব
৭শতাংশ সুদ দিলেঃ প্ৰায় ১৭.১৪ লাখ টকা লাগিব
৮শতাংশ সুদ দিলেঃ প্ৰায় ১৫ লাখ টকা বিনিয়োগ কৰিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ