জ্যোতিষশাস্ত্ৰ অনুসৰি শক্তি, সাহস আৰু আত্মবিশ্বাসৰ কাৰক গ্ৰহ মঙ্গল৷ আগন্তুক ১৬ জুন মঙ্গলবাৰে পুৱা ৯.৪০ মিনিটত কৃত্তিকা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ ৫ জুলাই পৰ্যন্ত এই নক্ষত্ৰতেই অৱস্থান কৰিব৷ এই সময় অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হৈছে৷ ইয়াৰ প্ৰভাৱত ৰাশিচক্ৰৰ কেইবাটাও ৰাশিৰ জীৱনলৈ ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ বিশেষকৈ কৰ্মজীৱন অৰ্থনৈতিক অৱস্থা আৰু ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত উল্লেখযোগ্য উন্নতিয়ে দেখা দিব৷ কোন কোন লাভৱান হ’ব?
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে মঙ্গলৰ গোচৰ অত্যন্ত শুভ বুলি ধাৰণা কৰিছে জ্যোতিষীয়ে৷ আত্মবিশ্বাস আৰু শাৰীৰিক শক্তি বৃদ্ধি পাব৷ চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত আকস্মিক লাভৰ সুযোগ তৈয়াৰ হ’ব পাৰে৷ দীৰ্ঘদিনৰ ৰৈ থকা কাম সম্পন্ন হোৱাৰ সম্ভাৱনাও প্ৰৱল৷ এই সময়ত ডাঙৰ কোনো সাফল্য লাভৰ যোগ আছে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে এই সময়ত সৌভাগ্য উদয় হোৱাৰ সময়৷ ৰৈ থকা কাম সহজে সম্পন্ন হ’ব৷ যিকোনো কামত জীৱনসংগীৰ পূৰ্ণ সহযোগিতা পাব৷ ধৰ্মীয় আৰু আধ্যাত্মিক কামত আগ্ৰহ বাঢ়িব৷ কৰ্মক্ষেত্ৰত নেতৃত্বৰ দক্ষতা আৰু উন্নত হ’ব৷ আয়ৰ নতুন উৎস তৈয়াৰ হ’ব পাৰে৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকৰ বাবে মঙ্গলৰ কৃত্তিকা নক্ষত্ৰত প্ৰৱেশে ইতিবাচক প্ৰভাৱ পেলাব৷ জীৱনত নতুন উদ্দীপনা আহিব৷ আত্মবিশ্বাস বাঢ়িব৷ এই সময়ত কোনো বিষয়ত দ্ৰুত সিদ্ধান্ত নোলোৱাই ভাল৷ আকস্মিক আৰ্থিক লাভৰো সম্ভাৱনা আছে৷ যিয়ে অৰ্থনৈতিক অৱস্থাক শক্তিশালী কৰিব৷ ব্যক্তিগত সম্পৰ্কতো মধুৰতা বৰ্তি থাকিব৷ শিক্ষাৰ্থীসকলৰ বাবে এই সময় অনুকূল হ’ব৷
মীন ৰাশি
মীন ৰাশিৰ জাতকৰ জীৱনলৈ শুভ পৰিবৰ্তন আহিব৷ এই সময়ত অৰ্থপ্ৰবাহ বাঢ়িব পাৰে৷ বিনিয়োগ সংক্ৰান্তিয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সুযোগ আহিব৷ কৰ্মক্ষেত্ৰত প্ৰশংসা পোৱাৰ সম্ভাৱনা আছে৷ বিদেশত কাম বা ব্যৱসায়ৰ সৈতে যুক্ত ব্যক্তিয়ে বিশেষ লাভ পাব পাৰে৷ স্বাস্থ্যৰ উন্নতি হ’ব, দীৰ্ঘদিনৰ ৰৈ থকা কামসমূহ ধীৰে ধীৰে শেষ হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















