শনিৰ নক্ষত্ৰত দেৱগুৰু৷ জুনৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, আপোনাৰ ঘৰলৈ লক্ষ্মী আহিব নেকি? আকাশৰ গ্ৰহ নক্ষত্ৰত চলনে মাজে মাজে আমাৰ জীৱনৰ মোৰ সলনি কৰি দিয়ে৷ তেনে এক মাহেন্দ্ৰক্ষণ আহি আছে৷ আগন্তুক ১৮ জুনৰ নিশা ৯বাজি ৩২ মিনিটত দেৱগুৰু বৃহস্পতিয়ে প্ৰৱেশ কৰিছে শনিৰ প্ৰিয় পুষ্য নক্ষত্ৰত৷ জ্যোতিষশাস্ত্ৰত শনি আৰু বৃহস্পতিৰ এই সমীকৰণ অত্যন্ত তাৎপৰ্যপূৰ্ণ৷ আগন্তুক ১৯ আগষ্ট ২০২৬ পৰ্যন্ত গুৰুগ্ৰহই এই নক্ষত্ৰতেই বিৰাজ কৰিব৷ এই নক্ষত্ৰ সলনিয়ে ৪ৰাশিৰ জাতকৰ জীৱনত সাফল্যৰ নতুন দুৱাৰ খুলিব পাৰে৷ হ’ব অৰ্থবৃষ্টি, লাভ কৰিব মান সন্মান৷ জানি থওক সেই তালিকাত আপুনি আছেনে?
কৰ্কট ৰাশি
আপোনাৰ বাবে বৃহস্পতিৰ এই গোচৰ যেন আশীৰ্বাদ হৈ আহিছে৷ এই সময়ত আপোনাৰ আৰ্থিক লাভৰ পথ প্ৰশস্ত হ’ব৷ বহুদিনীয়া চখ পূৰণ হ’ব পাৰে৷ নতুন বাহন বা মূল্যবান কোনো সম্পদ কিনাৰ যোগ আছে৷ চাকৰিত পদোন্নতি বা মোটা অংকৰ ইনক্ৰিমেণ্ট হ’বলৈ এতিয়া সময়ৰ অপেক্ষা৷ কেৱল সেয়াই নহয়, আপোনাৰ পাৰিবাৰিক বন্ধন আৰু মজবুত হ’ব আৰু সমাজত আপোনাৰ কদৰ বাঢ়িব৷
কন্যা ৰাশি
পিছপৰি থকা নাই কন্যা ৰাশিও৷ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ প্ৰতিপত্তিও কেইবাগুণো বাঢ়িব৷ নতুন কোনো ব্যৱসায় বা প্ৰজেক্ট আৰম্ভ কৰাৰ বাবে এই সময় শুভ৷ পৰিয়ালত সুখ শান্তি বৰ্তি থাকিব৷ যিসকলে কেৰিয়াৰক লৈ চিন্তাত আছিল তেওঁলোকৰ বাবে নতুন কোনো ডাঙৰ সুযোগে অপেক্ষা কৰিছে৷ আপোনাৰ দীৰ্ঘদিনৰ পৰিকল্পনা এইবাৰ বাস্তৱ হ’ব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ বাবে উন্নতিৰ নতুন দিগন্ত খুলিব৷ ব্যৱসায়ত বৃহৎ লাভৰ মুখ দেখিব আপুনি৷ বিশেষকৈ সমাজৰ প্ৰভাৱশালী কোনো ব্যক্তিৰ সৈতে যোগাযোগ কৰিব পাৰে যিয়ে আপোনাক ভৱিষ্যতে লাভ দিব৷ এই সময়ত ডাঙৰ কোনো সিদ্ধান্ত লোৱাৰ ফলত আপোনাৰ লাভ হ’ব৷ পৰিয়ালত কোনো শুভ সংবাদ আহিব পাৰে৷ আনন্দ বজায় ৰাখিব পাৰিব৷
মীন ৰাশি
আপোনাৰ বাবে এই সময় সকলো দিশৰ পৰা ফলদায়ক৷ ব্যৱসায়ত বৃহৎ কোনো চুক্তি চহী কৰিব পাৰে৷ যিয়ে আপোনাৰ পকেটত ধন আনি দিব৷ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে ১৯ আগষ্ট পৰ্যন্ত লাভৰেই যোগ আছে৷ শিল্প বা সৃজনশীল কামৰ সৈতে যুক্ত ব্যক্তিয়ে আকাশলঙ্ঘী সাফল্য লাভ কৰিব৷ আত্মবিশ্বাস বাঢ়িব আৰু পুৰণি কোনো শাৰীৰিক সমস্যাৰ পৰা মুক্তি লাভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















