জ্যোতিষশাস্ত্ৰ অনুসৰি, ৯গ্ৰহৰ মাজত বৃহস্পতিক দেৱতাসকলৰ গুৰু হিচাপে বিবেচনা কৰা হয়৷ সেই কাৰণেই এই গ্ৰহক দেৱতাসকলৰ গুৰু বুলি কোৱা হয়৷ জ্যোতিষশাস্ত্ৰত বৃহস্পতিৰ আশীৰ্বাদপ্ৰাপ্ত ব্যক্তিসকল বুদ্ধিমত্তা, আয় আৰু দাম্পত্য জীৱনত সফল হয় বুলি কোৱা হয়৷ যাৰ ৰাশিচক্ৰত বৃহস্পতিৰ অৱস্থান শক্তিশালী হয় তেওঁলোকে অপ্ৰত্যাশিত সুবিধা পায়৷ বৃহস্পতি, ধনু আৰু মীন ৰাশিৰ অধিপতি৷
জ্যোতিষশাস্ত্ৰত দেৱগুৰু বৃহস্পতিক জ্ঞান, সৌভাগ্য, ধনসম্পদ, বিবাহ আৰু সমৃদ্ধিৰ কাৰক গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ যেতিয়া বৃহস্পতিয়ে তাৰ ৰাশি বা নক্ষত্ৰ পৰিবৰ্তন কৰে তেতিয়া তাৰ এক সুদূৰপ্ৰসাৰী প্ৰভাৱ সমগ্ৰ জাতি আৰু বিশ্বৰ ওপৰত পৰে৷ ইয়াৰ সৈতে ১২ ৰাশিৰ ওপৰতেই পৰে ইয়াৰ প্ৰভাৱ৷
২০২৬ চনৰ জুন মাহত এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শুভ গ্ৰহ গোচৰ বা অৱস্থান পৰিবৰ্তন ঘটিব৷ জুন মাহৰ আৰম্ভণিতে অৰ্থাৎ ২ জুনত বৃহস্পতিয়ে মিথুন ৰাশি ত্যাগ কৰি তাৰ ৰাশি কৰ্কটত প্ৰৱেশ কৰিব৷ জানি থওক কোন কোন ৰাশিৰ জাতকৰ সুসময় আৰম্ভ হ’ব?
কৰ্কট ৰাশি
কৰ্কট ৰাশিত বৃহস্পতিৰ এই গোচৰ অত্যন্ত শক্তিশালী হিচাপে গণ্য কৰা হয়৷ কাৰণ এই ৰাশিতেই বৃহস্পতিয়ে তাৰ সৰ্বোচ্চ শক্তিসম্পন্ন অৱস্থানত থাকে৷ জুন মাহতেই বৃহস্পতিয়ে শনিৰ নক্ষত্ৰ পুষ্যতো প্ৰৱেশ কৰিব৷ যি এক অসাধাৰণ আৰু বিৰল সংযোগৰ সৃষ্টি কৰিব৷ এই দ্বৈত পৰিবৰ্তন বা অৱস্থান সলনি চাৰি নিৰ্দিষ্ট ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হ’ব৷ উন্নতিৰ নতুন নতুন দ্বাৰ উন্মোচন কৰিব৷
কন্যা ৰাশি
বৃহস্পতিৰ এই গোচৰ যিহেতু আপোনাৰ নিজৰ ৰাশিতেই ঘটিছে সেয়ে ইয়াৰ সকলোতকৈ শুভ আৰু প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ ওপৰতেই অনুভূত হ’ব৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস ব্যাপকভাৱে বৃদ্ধি পাব৷ দীৰ্ঘকাল ধৰি ৰৈ থকা স্থবিৰ হৈ পৰা কামে পুনৰায় গতি লাভ কৰিব৷ আপোনাৰ চিন্তাশক্তি আৰু বিচাৰ বিশ্লেষণ কৰাৰ ক্ষমতা আৰু বাঢ়িব৷ এই সময়ত ব্যৱসায় বা কৰ্মজীৱন সংক্ৰান্তিয় যিসমূহ সিদ্ধান্ত আপুনি গ্ৰহণ কৰিব সেয়া অত্যন্ত সঠিক আৰু ফলপ্ৰসূ প্ৰমাণিত হ’ব৷ সমাজত আৰু কৰ্মক্ষেত্ৰত আপোনাৰ মান মৰ্যাদা আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ মানুহে আপোনাৰ পৰামৰ্শ আৰু মতামতক বিশেষ গুৰুত্ব দিব৷
ধনু ৰাশি
ধনু ৰাশিৰ অধিপতি গ্ৰহ হৈছে স্বয়ং বৃহস্পতি৷ সেয়ে বৃহস্পতিয়ে যেতিয়া তাৰ তুংগত থকা ৰাশিত প্ৰৱেশ কৰিব তেতিয়া সেই অৱস্থান পৰিবৰ্তন আপোনাৰ বাবে সৰ্বতোভাৱে কল্যাণকৰ আৰু সুফলদায়ক প্ৰমাণিত হ’ব৷ কৰ্মক্ষেত্ৰত বিদ্যমান বিভিন্ন সমস্যা আৰু ৰাজনৈতিক বা আভ্যন্তৰীণ জটিলতাসমূহ সুস্থভাৱে সমাধান হৈ পৰিব৷ আপুনি যদি পদোন্নতি কিংবা নিজৰ পছন্দমতে স্থান বদলিৰ অপেক্ষাত আছে তেন্তে জুন মাহে আপোনাৰ বাবে সুসংবাদ কঢ়িয়াই আনিব পাৰে৷
মীন ৰাশি
মীন ৰাশিৰ জাতকৰ বাবে বৃহস্পতিৰ এই নক্ষত্ৰ আৰু ৰাশি পৰিবৰ্তনে পাৰিবাৰিক সুখ আৰু মানসিক শান্তি কঢ়িয়াই আনিব৷ পৰিয়ালৰ আভ্যন্তৰত বিদ্যমান যিকোনো মত পাৰ্থক্য বা উত্তেজনা দূৰ হব৷ পাৰস্পৰিক ভালপোৱা আৰু সম্প্ৰীতি বৃদ্ধি পাব৷ ভাগ্যৰ সহায়তা থাকিব৷ আপুনি পৰিকল্পিত কামসমূহ যথাসময়ত সম্পন্ন হব আৰু আপোনাক মানসিক তৃপ্তি আনি দিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















