চিনেমাৰ নায়কৰ পৰা তেওঁ এতিয়া ৰাজনেতা৷ তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিছে অভিনেতাৰ পৰা নেতা হোৱা থালাপতি বিজয়ে৷ ২০২৬ চনত তামিলনাডুৰ মুখ্যমন্ত্ৰী হৈছে ছুপাৰষ্টাৰ থালাপতি বিজয়৷ এই জয় জানো এদিনতে আহিছে৷ এই জয়ৰ আঁৰত আছে বহু বছৰীয়া প্ৰচেষ্টা৷ চিনেমাৰ জগতত ৰাজনৈতিক প্ৰসংগ অহাৰ পৰা আৰম্ভ কৰি সামাজিক অবিচাৰৰ বিৰুদ্ধে বিনাদ্বিধাই জঁপিয়াই পৰালৈকে৷ লাহে লাহে তেওঁ অভিনেতাৰ পৰা নেতা হোৱাৰ দিশেৰে এনেকৈয়ে যাত্ৰা আৰম্ভ কৰিছিল৷
এজন শিল্পী হিচাপে ২০২৪ চনত তেওঁ শেষবাৰ কেমেৰাৰ সন্মুখত থিয় দিছিল৷ দ্যা গ্ৰেটেষ্ট অফ অল টাইম এই ছবিত নায়কৰ ভূমিকাত অভিনয় কৰিছিল থালাপতি বিজয়ে৷ তাৰপিছতেই তেওঁ ঘোষণা কৰিছিল যে তেওঁ আৰু চিনেমা জগতত নাথাকে৷ কিন্তু কোনোৱে ভৱা নাছিল এই চিনেমাত তেওঁ ব্যৱহাৰ কৰা বাহনত থকা বিশেষ নম্বৰৰ বিশেষ দিনটোতেই যে তেওঁ তামিলনাডুৰ মুখ্যমন্ত্ৰী হ’ব৷ অভিনয়ক বিদায় দিলেও এনেকৈ ৰাজনীতিত দল খুলি বিজয়ৰ উত্থান ঘটিব সেয়া সপোনৰো অগোচৰ আছিল চিনেমাৰ সৈতে জড়িত প্ৰায়সকল ব্যক্তিৰেই৷ কিন্তু বিজয়ে চিনেমাত তেওঁ ব্যৱহাৰ কৰা বিশেষ নম্বৰপ্লেটৰ দিনটোতেই তামিলনাডুৰ মুখ্যমন্ত্ৰী হৈ দেখুৱালে৷ বিজয় মুখ্যমন্ত্ৰী হোৱাৰ এই খবৰে সেয়ে সুখী কৰিছে তেওঁ কৰা শেষ চিনেমাৰ পৰিচালক ভেংকট প্ৰভুকো৷ সেয়ে বিজয়ে কৰা শেষ চিনেমাৰ বিশেষ চৰ্চিত নম্বৰ প্লেট হাতত লৈ তেওঁ উপস্থিত হৈছে বিজয়ৰ বাসগৃহত৷
https://x.com/vp_offl/status/2056345278178054359?s=20
সোমবাৰে ভেংকটে বিজয়ক উপহাৰ হিচাপে দিছে বিজয়ৰ ঐতিহাসিক ৰাজনৈতিক ইনিংছৰ বিশেষ দিনটো সম্বলিত থকা এসই নম্বৰপ্লেট৷ নিজহাতে গ্ৰেটেষ্ট অফ গ’ডৰ পৰিচালকে বিজয়ৰ হাতত তুলি দিছে সেই বিশেষ নম্বৰপ্লেট TN-07-CM-2026, বিজয়ে মুখ্যমন্ত্ৰী পদ লাভ কৰাৰে পৰাই চৰ্চাত আছিল এই বিশেষ নম্বৰ প্লেটখন৷ ছচিয়েল মিডিয়াত বিজয়ৰ হাতত এই নম্বৰপ্লেটখন তুলি দি তেওঁ লিখিছে, ‘এক ইতিহাস ৰচিত হ’ল৷ এটা ভাৱনাৰ পৰা সপোন আৰু অৱশেষত এয়া বাস্তৱত আমি এই স্থানত থিয় হৈছো৷ মাননীয় মুখ্যমন্ত্ৰী বিজয়ৰ হাতত এই ফলক তুলি দিব পাৰি মই আনন্দিত৷ এয়াতো আৰম্ভণিহে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















