২০২৬ চনৰ ষষ্ঠ মাহ জুন জ্যোতিষশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা অত্যন্ত ঐতিহাসিক আৰু অলৌকিক হ’ব৷ এই মাহত গ্ৰহৰ এক বিৰল সংস্থান বা বিন্যাস ঘটিব যিয়ে বহু ৰাশিৰ জাতক জাতিকাৰ সুপ্ত ভাগ্যক জগাই তুলিব পাৰে৷ জুন মাহত ধন সম্পদৰ দেৱতা বৃহস্পতি, শুক্ৰ, গ্ৰহৰাজ সূৰ্য, শক্তিৰ কাৰক মঙ্গল আৰু বুদ্ধিৰ দাতা বুধ এই গুৰুত্বপূৰ্ণ গ্ৰহসমূহৰ উল্লেখযোগ্য গোচৰ বা অৱস্থান পৰিবৰ্তনো দেখা যাব৷
গ্ৰহৰ এই বিশাল পৰিবৰ্তন বা গোচৰৰ ফলত এই মাহত তিনিটা অত্যন্ত শক্তিশালী আৰু শুভ যোগ সৃষ্টি হ’ব৷ গজলক্ষ্মী যোগ, হংস ৰাজযোগ আৰু ৰুচক ৰাজযোগ৷ এই যোগসমূহৰ প্ৰভাৱত নিৰ্দিষ্ট কিছু ৰাশিৰ জাতক জাতিকাই কৰ্মজীৱনত অভূতপূৰ্ব সাফল্য, পদোন্নতি, ব্যৱসায়ত বিপুল লাভ আৰু আকস্মিক আৰ্থিক প্ৰাপ্তিৰ যোগ আছে বুলি আশা কৰা হৈছে৷ জানি থওক প্ৰধান গ্ৰহগত পৰিবৰ্তনৰ প্ৰভাৱ মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিৰ ওপৰত কেনে হ’ব পাৰে?
মেষ ৰাশি
সাৱধানে ভৰি দিয়াৰ সময়৷ ২০২৬ চনৰ জুন মাহ মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে মিশ্ৰ অভিজ্ঞতাৰ মাহ হ’ব৷ ৰাহু আৰু কেতুৰ অৱস্থানৰ কাৰণে আপুনি কিছু খিঙখিঙীয়া মেজাজৰ বা ক্ৰুদ্ধ হৈ উঠিব পাৰে৷ এই প্ৰৱণতা এৰাই চলিব৷ অৱশ্যে এই সময়ত আপুনি আধ্যাত্মিক আৰু ধৰ্মীয় কামৰ প্ৰতি অধিক আগ্ৰহী হৈ উঠিব৷
কৰ্মজীৱন আৰু ব্যৱসায়ত চাপ সামান্য বৃদ্ধি পাব পাৰে৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ সুফল পাবলৈ কিছু পলম হ’ব পাৰে৷ সেয়ে ঊৰ্ধ্বতন কৰ্তৃপক্ষ আৰু সহকৰ্মীসকলৰ সৈতে সুসম্পৰ্ক বা সমন্বয় বজায় ৰখাৰ চেষ্টা কৰক৷ অৰ্থ সংক্ৰান্তিয় বিষয়সমূহত আপুনি কিছু সতৰ্ক হৈ থাকিব লাগিব৷ হঠাৎ কিছু ডাঙৰ খৰচ আহিব পাৰে৷ যিয়ে আপোনাৰ পূৰ্বনিৰ্ধাৰিত বাজেটক খেলিমেলি কৰিব পাৰে৷ অপ্ৰয়োজনীয় বিলাসিতামূলক খৰচ এৰাই চলক৷
জীৱনসংগীৰ সৈতে তৰ্ক বিতৰ্ক হ’ব পাৰে৷ সেয়ে ধৈৰ্য্যশীল হৈ থাকক৷ নিজৰ মেজাজ শান্ত ৰাখক আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতেও শান্ত আৰু সংযতভাৱে কথাবাৰ্তা পাতক৷ মানসিক চাপ, শাৰীৰিক দুৰ্বলতাৰ সমস্যাই দেখা দিব পাৰে৷ শাৰীৰিকভাৱে সুস্থ সতেজ থাকিবলৈ যোগব্যায়াম আৰু ধ্যানৰ অভ্যাস কৰক৷
বৃষ ৰাশি
ভাগ্য সুপ্ৰসন্ন হ’ব৷ উল্লেখযোগ্য প্ৰাপ্তি৷ বৃষ ৰাশিৰ জাতকৰ বাবে জুন মাহ অত্যন্ত ইতিবাচক আৰু শুভ ফলদায়ক হিচাপে প্ৰমাণিত হব৷ শনি আৰু বৃহস্পতি গ্ৰহৰ শুভ অৱস্থানৰ ফলত আপোনাৰ জীৱনত বহু গুৰুত্বপূৰ্ণ আৰু ইতিবাচক পৰিবৰ্তন সূচিত হ’ব৷
যিসকলে চাকৰি কৰিছে তেওঁলোকে এই মাহত কৰ্মক্ষেত্ৰত নতুন আৰু অত্যন্ত আকৰ্ষণীয় সুযোগ সুবিধা বা প্ৰস্তাব পাব পাৰে৷ ব্যৱসায়ীয়ে কোনো ডাঙৰ বা অত্যন্ত লাভজনক চুক্তি বা ডিল চূড়ান্ত কৰিবলৈ সক্ষম হ’ব পাৰে৷ কামৰ প্ৰয়োজনত বা পেছাগত কাৰণত ভ্ৰমণ কৰিব পাৰে৷ যি আপোনাৰ বাবে অত্যন্ত সুফলদায়ক হ’ব৷
আৰ্থিক বা অৰ্থনৈতিক দিশৰ পৰা এই সময় আপোনাৰ বাবে অত্যন্ত চমৎকাৰ আৰু শুভ৷ হঠাৎ আৰ্থিক লাভ আৰু সঞ্চয় বৃদ্ধিৰ প্ৰৱল সম্ভাৱনা আছে৷ প্ৰেম আৰু দাম্পত্য জীৱনত সুখ আহিব৷ পাৰিবাৰিক পৰিবেশ আনন্দদায়ক আৰু সহযোগিতামূলক থাকিব৷ এই মাহত আপোনাৰ আত্মবিশ্বাস আৰু কৰ্মশক্তি বা এনাৰ্জিৰ মাত্ৰ বাঢ়িব৷ শৰীৰ স্বাস্থ্য ভালেই থাকিব৷ কেৱল নিজৰ খাদ্যভাষ সুষম ৰখাৰ চেষ্টা কৰক৷
মিথুন ৰাশি
উন্নতিৰ সৈতে সন্মান আৰু মৰ্যাদা বাঢ়িব৷ ২০২৬ চনৰ জুন মাহ মিথুন ৰাশিৰ বাবে বেছ অনুকূল হ’ব পাৰে৷ যদিও কামৰ চাপ কিছু বৃদ্ধি পাব কিন্তু বুধ গ্ৰহৰ কৃপাত আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু আত্মবিশ্বাস উল্লেখযোগ্যভাৱে বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত আপুনি বিশেষ সন্মান আৰু কদৰ লাভ কৰিব৷ যিসকলে চাকৰিত কৰ্মৰত আছে তেওঁলোকে পদোন্নতি বা নতুন কোনো দায়িত্ব পোৱাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত নতুন নতুন সুযোগৰ দ্বাৰ উন্মুক্ত হব৷ মানসিক চাপক নিজৰ ওপৰত পৰিবলৈ নিদিব৷ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি ঘটিব৷ পুৰণি কোনো বিনিয়োগৰ পৰা বা পৈতৃক সম্পত্তিৰ পৰা উল্লেখযোগ্য পৰিমাণে অৰ্থ লাভৰ সম্ভাৱনা আছে৷ গৃহস্থালি বা পাৰিবাৰিক প্ৰয়োজনত খৰচ কিছু বাঢ়িব পাৰে৷ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু গভীৰ হ’ব৷ অহংকাৰ বা ক্ৰোধক দূৰৈত ৰখাটো অত্যন্ত জৰুৰী৷ অন্যথা পাৰিবাৰিক সুখ শান্তি বিঘ্নিত হ’ব৷ পৰিয়ালৰ আভ্যন্তৰত সৰু সৰু মতবিৰোধে দেখা দিব পাৰে৷ যিয়ে আপুনি নিজৰ বিচক্ষণতাৰে সমাধান কৰিব পাৰিব৷ কামৰ অত্যধিক চাপৰ কাৰণে আপোনাৰ কান্ধ, ডিঙি কিংবা ভৰিত বিষ অনুভূত হ’ব পাৰে৷ যোগব্যায়াম বা নিয়মিত শৰীৰচৰ্চা কৰিলে উপশম পাব৷
কৰ্কট ৰাশি
সাফল্য আহিব৷ জুন মাহ কৰ্কট ৰাশিৰ বাবে মিশ্ৰ অভিজ্ঞতাৰ মাহ হ’বষ পূৰ্বৰ বিভিন্ন সমস্যা আৰু সংকটৰ পৰা এই মাহত আপুনি স্বস্তি লাভ কৰিব৷ শনি গ্ৰহৰ প্ৰভাৱত মাহৰ আৰম্ভণিৰ দিশত আপোনাৰ কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনত কিছু উত্থান পতন দেখা পাব৷ কৰ্মক্ষেত্ৰত আপোনাৰ বদলি বা চাকৰি পৰিবৰ্তনৰ সম্ভাৱনা আছে৷ যিসকলে দীৰ্ঘদিন ধৰি বিদেশলৈ যোৱাৰ সপোন দেখিছে তেওঁলোকৰ সেই সপোন এই মাহত পূৰণ হ’ব পাৰে৷ ১৫ জুনৰ পৰবৰ্তী সময়ত আপোনাৰ কৰ্মজীৱনৰ বাবে অধিকতৰ শুভ আৰু অনুকূল হ’ব আৰু নতুন নতুন সুযোগ আহিব৷ আৰ্থিক অৱস্থা যদি চাই তেন্তে দ্বিতীয়াৰ্ধত খৰচ হঠাৎ বাঢ়ি যাব পাৰে৷ যিয়ে আপোনাৰ মাহিলী বাজেটৰ ওপৰত কিছু চাপ সৃষ্টি কৰিব৷ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰাটো জৰুৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















