গৰ্ভপাতৰ অধিকাৰ, স্ত্ৰী ধনৰ প্ৰতি অধিকাৰৰ পৰা পণপ্ৰথাৰ বিৰুদ্ধে অভিযোগত জনাই যে ভাৰতৰ প্ৰতিগৰাকী বিবাহিত মহিলাৰ এই ৬ আইনী অধিকাৰ আছে৷ যি জানি ৰখা অত্যন্ত জৰুৰী৷
বিবাহ সূত্ৰে পোৱা ঘৰত থকাৰ অধিকাৰ
এগৰাকী পত্নীয়ে যিকোনো পৰিস্থিতিতেই বিবাহ সূত্ৰে তেওঁ যি ঘৰলৈ আহিছিল সেই ঘৰত থকাৰ সম্পূৰ্ণ আইনী অধিকাৰ আছে৷ আনকি স্বামীৰ মৃত্যুৰ পাছতো তেওঁ সেই অধিকাৰ লাভ কৰে৷ বিবাহবিচ্ছেদৰ ক্ষেত্ৰতো অন্য কোনো স্থানত উপযুক্ত থকাৰ ব্যৱস্থা নোহোৱা পৰ্যন্ত এগৰাকী মহিলাই তেওঁৰ বিবাহসূত্ৰে পোৱাৰ ঘৰত থকাৰ সিদ্ধান্ত ল’ব পাৰে৷ তেওঁ বিচাৰিলে আইনমতে সেই ঘৰতেই থাকিব পাৰে৷
বিবাহবিচ্ছেদৰ অধিকাৰ
পৰকীয়া, নিষ্ঠুৰতা, শাৰীৰিক আৰু মানসিক নিৰ্যাতনসহ বিভিন্ন কাৰণত এগৰাকী মহিলাই স্বামীৰ সন্মতি অবিহনে আইনমতে বিবাহবিচ্ছেদৰ আবেদন কৰিব পাৰে৷ হিন্দু মেৰিজ এক্ট ১৯৯৫ৰ ১৩ নম্বৰ ধাৰাত এই অধিকাৰ দিয়া হৈছে৷
গৰ্ভপাতৰ অধিকাৰ
মেডিকেল টাৰ্মিনেছন অফ প্ৰেগনেন্সি আইন ২০১১ অনুসৰি এগৰাকী মহিলাই ২৪ সপ্তাহ পৰ্যন্ত যিকোনো সময়ত গৰ্ভপাত কৰিব পাৰে৷ বিশেষ কিছু ক্ষেত্ৰত আদালতে ২৪ সপ্তাহৰ পাছতো গৰ্ভপাতৰ অনুমতি দিয়ে৷
স্ত্ৰী ধনৰ অধিকাৰ
হিন্দু উত্তৰাধিকাৰ আইন, ১৯৫৬ৰ ১৪ নম্বৰ ধাৰা আৰু হিন্দু মেৰিজ এক্ট ১৯৫৫ৰ ২৭ নম্বৰ ধাৰা অনুসৰি এগৰাকী মহিলাই স্ত্ৰীধনৰ একমাত্ৰ বৈধ মালিক হিচাপে দাবী জনাব পাৰে৷ তেওঁৰ এই অধিকাৰ অস্বীকাৰ কৰিলে তেওঁৰ প্ৰটেকছন অফ উইমেন ফ্ৰম ডমেষ্টিক ভায়োলেন্স এক্টৰ ১৯এ ধাৰাত অভিযোগো দাখিল কৰিব পাৰে৷
পণপ্ৰথাৰ বিৰুদ্ধে অভিযোগ জনোৱাৰ অধিকাৰ
ডাউৰি প্ৰহিবিছন এক্ট ১৯৬১ অনুসৰি বিবাহত পণৰ লেনদেন হ’লে এগৰাকী মহিলাই তেওঁৰ পিতৃ মাতৃ আৰু শহুৰেকৰ ঘৰ দুই পক্ষৰ বিৰুদ্ধেই অভিযোগ জনাব পাৰে৷
স্ত্ৰী ধনৰ অধিকাৰ
হিন্দু উত্তৰাধিকাৰ আইন ১৯৫৬ৰ ১৪ নম্বৰ ধাৰা আৰু হিন্দু মেৰিজ এক্ট ১৯৫৫ৰ ২৭ নম্বৰ ধাৰা অনুসৰি এগৰাকী মহিলাই স্ত্ৰীধনৰ একমাত্ৰ বৈধ মালিক হিচাপে দাবী জনাব পাৰে৷ এই অধিকাৰ অস্বীকাৰ কৰিলে তেওঁ প্ৰটেকছন অফ উইমেন ফ্ৰম ডমেষ্টিক ভায়োলেন্স এক্টৰ ১৯ এ ধাৰাত অভিযোগ দাখিল কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ