৮জুনত সূৰ্যই ৰোহিনী নক্ষত্ৰ এৰি মৃগশিৰা নক্ষত্ৰত গোচৰ কৰিব৷ সূৰ্যৰ নক্ষত্ৰ সলনি জ্যোতিষ গণনা অনুসৰি কোনো কোনো ৰাশিৰ জাতকৰ বাবে অত্যন্ত সুখৰ হ’ব৷ আৰ্থিক লাভ, কেৰিয়াৰত উন্নতি আৰু পাৰিবাৰিক সুখ লাভ কৰিব এই সকলো ৰাশিৰ জাতকে৷ ২২ জুন পৰ্যন্ত সূৰ্য মৃগশিৰা নক্ষত্ৰতেই থাকিব৷ মৃগশিৰাৰ অধিপতি গ্ৰহ মঙ্গল৷ অৰ্থাৎ ৰঙা গ্ৰহৰ ঘৰলৈ আহিব সূৰ্য৷ সূৰ্য আৰু মঙ্গল পৰস্পৰৰ শত্ৰু গ্ৰহ৷ মঙ্গলৰ ঘৰত সূৰ্যৰ অৱস্থানৰ ফলত সাহস, আত্মবিশ্বাস আৰু এনাৰ্জি বৃদ্ধিৰ প্ৰৱণতা দেখা যাব৷ জানি থওক সূৰ্যই মৃগশিৰা নক্ষত্ৰলৈ অহাত সাফল্য লাভ কৰিব কোন কোন ৰাশিয়ে?
মেষ ৰাশি
মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ আকৌ মৃগশিৰা নক্ষত্ৰৰ অধিপতি মঙ্গল৷ সেই কাৰণেই সূৰ্যৰ গোচৰ বিশেষ লাভজনক হ’ব মেষ ৰাশিৰ বাবে৷ এই সময়ত আপোনাৰ সাহস আৰু বীৰত্ব উল্লেখযোগ্যভাৱে বৃদ্ধি পাব৷ চাকৰি আৰু ব্যৱসায়ত নজৰকাঢ়া উন্নতি কৰিব পাৰে৷ সাফল্য লাভ কৰাৰ সুযোগ পাব৷ সকলো কামত সৌভাগ্যক নিজৰ কাষত পাব৷
বৃষ ৰাশি
৮জুনৰ পৰা ভাল সময় আহিছে বৃষ ৰাশিৰ জাতকৰ বাবে৷ ব্যৱসায়ীসকলে বিদেশী বিনিয়োগৰ পৰা উল্লেখযোগ্যভাৱে লাভ পাব৷ চাকৰিয়ালে পদোন্নতি কৰিব পাৰে৷ কোনো ডাঙৰ কোম্পানীৰ পৰা নতুন চাকৰি পোৱাৰ যোগ আছে৷ পূৰ্বে পৰা পৰিশ্ৰমৰ সুফল আপুনি পাব৷ সূৰ্যৰ প্ৰভাৱত সম্পদ বৃদ্ধি হ’ব বৃষৰ জাতকৰ৷
সিংহ ৰাশি
সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ সূৰ্যৰ নক্ষত্ৰ সলনি সেইকাৰণেই লাভজনক হ’ব সিংহ ৰাশিৰ জাতকৰ বাবে৷ অফিচত প্ৰমোছন পাব পাৰে৷ দৰমহা বৃদ্ধিও হ’ব পাৰে৷ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷
ধনু ৰাশি
সূৰ্যৰ গোচৰে ধনু ৰাশিৰ জাতকৰ সন্মুখত উন্নতিৰ নতুন পথ খুলি দিব৷ অতিৰিক্ত উপাৰ্জনৰ সুযোগ পাব এই ৰাশিৰ জাতকে৷ সম্পদৰ পৰিমাণ বাঢ়িব৷ ব্যক্তিগত জীৱনত সুখ স্বাচ্ছন্দ্য বাঢ়িব৷ দাম্পত্য জীৱন অত্যন্ত সুখেৰে কটাব ধনু ৰাশিৰ জাতকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















