আগন্তুক ১১ জুন ২০২৬ৰ দুপৰীয়া ২ বাজি ১১ মিনিটত পুষ্য নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই৷ ২২ জুন পৰ্যন্ত তাতেই থাকিব এই গ্ৰহ৷ ২৩ জুনৰ নিশা ২বাজি ১২মিনিটত শুক্ৰই পুষ্য নক্ষত্ৰ এৰি অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ পুষ্য নক্ষত্ৰৰ অৱস্থানৰ এই ১২ দিন সতৰ্ক থাকিব লাগিব ৫ৰাশিৰ জাতক৷ পুষ্য নক্ষত্ৰৰ অধিপতি গ্ৰহ শনি৷ জানি থওক শনিৰ ঘৰত শুক্ৰৰ অৱস্থান কালত বিপদ আহিব পাৰে কাৰ কাৰ?
মেষ ৰাশি
পুষ্য নক্ষত্ৰত শুক্ৰৰ গোচৰত বৃহৎ আৰ্থিক ক্ষতি হ’ব পাৰে মেষ ৰাশিৰ জাতকৰ৷ নিজৰ কষ্টাৰ্জিত অৰ্থ আপুনি অপচয় কৰিব৷ ইয়াৰ ফলত আপোনাৰ বাজেট নষ্ট হ’ব আৰু বৃহৎ আৰ্থিক ক্ষতিৰ মুখত পৰিব৷ দাম্পত্য জীৱনত অশান্তি আৰু ভুল বুজাবুজি বাঢ়িব৷ কষ্ট কৰি দিন কটাব মেষৰ জাতকে৷
কৰ্কট ৰাশি
১১ জুনৰ পৰা ২৩ জুনৰ ভিতৰত কাৰোবাৰ পৰা টকা ধাৰ নকৰিব বা কাকো টকা ধাৰলৈ নিদিব কৰ্কট ৰাশিয়ে৷ এই সময়ত টকা ধাৰলৈ দিলে আৰু উভতাই নাপায়৷ মাটি সংক্ৰান্তিয় বিষয়ত অৰ্থৰ অপচয় হ’ব পাৰে৷ সম্পত্তিগত ক্ষতি হ’ব পাৰে৷ ব্যৱসায়ীয়েও ক্ষতিৰ মুখত পৰিব৷
সিংহ ৰাশি
শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তনৰ প্ৰভাৱত বেয়া সময় আহিছে সিংহ ৰাশিৰ জাতকৰ বাবে৷ এই ৰাশিৰ জাতকে একো নভৱাকৈয়ে ধন খৰচ কৰিব৷ ইয়াৰ বাবে বন্ধুৰ পৰা টকা ধাৰ কৰিবও পাৰে৷ চেষ্টা কৰক খৰচ কমাবলৈ৷ কৰোবালৈ ফুৰিবলৈ গলেও আৰ্থিক ক্ষতিৰ মুখত পৰিব৷
বৃশ্চিক ৰাশি
শনিৰ ঘৰত শুক্ৰৰ গোচৰৰ কাৰণে বৃশ্চিক ৰাশিৰ জাতকৰ পাৰিবাৰিক জীৱনত অশান্তি বাঢ়িব৷ ব্যৱসায়ীসকলেও আৰ্থিক সমস্যাত পৰিব৷ ৰৈ থকা ধন উদ্ধাৰ কৰিবলৈ গৈ এটাৰ পাছত আনটো বাধা আহিব৷ বিনিয়োগ কৰিবলৈ গৈ আৰ্থিক ক্ষতি হ’ব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকে এই সময়ত মোটা অংকৰ বিনিয়োগ এৰাই চৰা উচিত৷ সহকৰ্মীসকলক টকা ধাৰলৈ নিদিব৷ এই টকা আৰু উভতাই নাপায়৷ সন্তানৰ শৰীৰ বেয়া হ’ব পাৰে৷ চিকিৎসাৰ নামত অতিৰিক্ত খৰচ হ’ব পাৰে৷ জীৱনসংগীৰ স্বাস্থ্যক লৈ উদ্বেগ বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















