ফেইচল খান ওৰফে খান ছাৰৰ কোচিং চেণ্টাৰত আক্ৰমণ প্ৰসংগক লৈ আজিও উত্তাল হৈ পৰে বিহাৰৰ ৰাজধানী পাটনা। খান ছাৰৰ কোচিং চেণ্টাৰত আক্ৰমণ প্ৰসংগত কাৰাগাৰত থকা জ্ঞান বিন্দু কোচিং চেণ্টাৰৰ ডায়ৰেক্টৰ ৰৌশন আনন্দক বিনাচৰ্তে মুক্তিৰ দাবীত কোচিং চেণ্টাৰটোৰ ছাত্ৰ-ছাত্ৰীসকলে আজি পুনৰ পাটনাৰ ৰাজপথ উত্তাল কৰি তোলে। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে পাটনা কলেজৰ সন্মুখত উত্তপ্ত কৰি তোলে পৰিস্থিতি। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মোতায়েন কৰা হয় শতাধিক নিৰাপত্তাৰক্ষী। কেৱল এয়াই নহয় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৱাটাৰ কেননৰ বাহন, কন্দুৱা গেছো আৰক্ষীয়ে মজুত কৰি ৰাখিছিল যদিও অৱশ্যে সেয়া ব্যৱহাৰ কৰিবলগীয়া নহ’ল। প্ৰতিবাদকাৰীয়ে তদন্ত কমিটীৰ তদন্ত অবিহনে কাৰোবাক এনেকৈ কাৰাৰুদ্ধ কৰাটো সম্পূৰ্ণ বেআইনী বুলিও শ্লোগান দিয়ে। খান ছাৰ কোচিং চেণ্টাৰ আক্ৰমণ ঘটনাৰ তদন্তৰ বাবে চৰকাৰৰ পোনপটীয়া হস্তক্ষেপো দাবী কৰে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে।
অগ্ৰিম জামিন পাবনে খান ছাৰে?
ইপিনে আজি আদলতে খাৰিজ কৰে ৰৌশন আনন্দৰ জামিনৰ আবেদন। সমান্তৰালভাৱে খান ছাৰৰ অগ্ৰিম জামিনৰ আবেদন সন্দৰ্ভতো আদালতত শুনানি সম্পন্ন হয়। সম্প্ৰতি খান ছাৰ ওৰফে ফেইচল খানৰ গ্ৰেপ্তাৰত বাধা আৰোপ কৰি আদালতে আৰক্ষীক নিৰ্দেশ দিয়ে যে আগন্তুক শুনানিলৈ ঘটনাৰে জড়িত অভিযুক্ত কোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা আৰোপ নকৰে যেন। খান ছাৰৰ অগ্ৰিম জামিন সন্দৰ্ভত ২০ জুনত পুনৰ শুনানি সম্পন্ন হ’ব।
ইপিনে সোমবাৰে কাৰাগাৰত থকা খান ছাৰৰ দুই নিৰাপত্তাৰক্ষী দীপক কুমাৰ আৰু তালেবৰ সিঙৰো জামিনৰ শুনানি সম্পন্ন হয়। দুই নিৰাপত্তাৰক্ষীৰ জামিন সন্দৰ্ভত আদালতে ১০ জুনত ৰায় দিব। ৪ জুনত গ্ৰেপ্তাৰ হৈছিল খান ছাৰৰ দুই নিৰাপত্তাৰক্ষী দীপক কুমাৰ আৰু তালেবৰ সিং।
অভিযোগ অনুসৰি বিগত ২ জুনত ফেইচল খানৰ খান গ্লোবেল ষ্টাডিজত সংঘটিত হৈছিল আক্ৰমণৰ ঘটনা। নিশা প্ৰায় ১০.১০ বজাত ১৫ৰ পৰা ২০জন আক্ৰমণকাৰীয়ে খান গ্লোবেল ষ্টাডিজত শিলাবৰ্ষণ কৰে আৰু কোচিং চেণ্টাৰটো ভাঙি চূৰমাৰ কৰে। ৮ৰপৰা ১০ ৰাউণ্ড গুলী*বৰ্ষণৰ অভিযোগ উত্থাপন কৰে খান ছাৰে আৰু জ্ঞান বিন্দু কোচিং চেণ্টাৰৰ বিৰুদ্ধে এই আক্ৰমণৰ অভিযোগ আনে। অৱশ্যে ৩ জুনত বিহাৰ আৰক্ষীয়ে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত গুলী*বৰ্ষণৰ অভিযোগক নস্যাৎ কৰে। উক্ত দিনাই জ্ঞান বিন্দু কোচিং চেণ্টাৰৰ ডায়ৰেক্টৰ ৰৌশন আনন্দসহ প্ৰিন্স গৌৰৱ আৰু অভিষেক নামৰ ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰে
এই প্ৰতিবেদন যুগুত কৰিছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ