প্ৰেমত ঘূৰিছে ভূ-মণ্ডল, প্ৰেমত ফুলিছে শতদল। প্ৰেমে নামানে বয়সৰ বাধা, প্ৰেমে নিচিনে সংসাৰৰো মায়া। এতিয়া ঠিক এনেকুৱাই হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ কলবাৰী পঞ্চায়তৰ এগৰাকী সদস্যাৰ ক্ষেত্ৰত। মাত্ৰ এমাহ আগতে লগ পোৱা স্বামীৰ এজন বন্ধুৰ সৈতে মন মিলিল এইগৰাকী জনপ্ৰতিনিধিগৰাকীৰ। তাৰ পিছত আৰু কি? য’ত যেনেকৈ পাৰি সামৰি সুতৰি ১৩ বছৰীয়া সংসাৰ আৰু ১২ বছৰীয়া সন্তানৰ মায়া এৰি পলায়ন কৰিলে স্বামী বন্ধুৰ সৈতে। এমহীয়া প্ৰেমৰ আগত যেন সকলো নিমিত্তহে মাত্ৰ। জনপ্ৰতিনিধিৰ স্বামীবন্ধুৱে কি যাদু কৰিলে সেয়া যেন একমাত্ৰ তেওঁহে জানিব। এয়া যেন বৰদৈচিলাৰহে কাহিনী। বৰদৈচিলাই যেনেকৈ গছ-বন, ঘৰ-দুৱাৰ বিধ্বস্ত কৰি থৈ গুছি যায়, আমাৰ জনপ্ৰতিনিধিয়েও তেনেকৈ প্ৰেমিকৰ সৈতে যোৱাৰ সময়ত বিধ্বস্ত কৰি থৈ গল সকলোকে। এয়াই অভিযোগ উঠিছে প্ৰেমত হাবুডুবু খোৱা আমাৰ জনপ্ৰতিধিনিধিগৰাকীৰ বিৰুদ্ধে। স্বামীবন্ধুৰ প্ৰেমত মতলীয়া প্ৰেমিকাই এটা আত্মসহায়ক গোটৰ নামত প্ৰৱঞ্চনাৰে ৫ লাখ টকা সৰকোৱাৰ উঠিছে গুৰুতৰ অভিযোগ। কেৱল এয়াই নহয় স্বামীৰ ভগ্নীৰ পৰা ২.৬ লাখ টকা লুটি নিয়াৰো আন এটা অভিযোগ জনপ্ৰতিনিধিৰ বিৰুদ্ধে। পিছে এতিয়া বিপাঙত পৰিছে ‘প্ৰতিবাদ’ নামৰ আত্মসহায়ক গোটৰ ১০গৰাকীকৈ সদস্যা। কেৱল এয়াই নহয় প্ৰেমত হাবুডুবু খোৱা জনপ্ৰতিনিধিগৰাকীৰ বিৰুদ্ধে উঠিছে অভয়াপুৰী SBI শাখাৰ পৰা চহী জালিয়াতি কৰি টকা উলিওৱাৰো অভিযোগ। এই ঘটনাত বেংকটোৰ কৰ্মচাৰীও জড়িতৰ অভিযোগ উত্থাপন কৰিছে আত্মসহায়ক গোটটোৰ সদস্যাসকলে. ইপিনে ‘প্ৰতিবাদ’ নামৰ আত্মসহায়ক গোটৰ মহিলাসকলে বেংক কৰ্তৃপক্ষক তদন্তৰ বাবে আবেদন কৰিছে যদিও অভয়াপুৰী SBI শাখাই এই সন্দৰ্ভত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। আনহাতে ভুক্তভোগী পৰিয়ালৰ লোকে অভয়াপুৰী আৰক্ষী থানাত ন্যায় বিচাৰি এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত অভয়াপুৰী আৰক্ষীয়ে প্ৰেমত হাবুডুবু খোৱা জনপ্ৰতিনিধিগৰাকীৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















