• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান! এই কেইবিধ খাদ্যৰ লগত আলু একেলগে কেতিয়াও নাখাব

সাৱধান! এই কেইবিধ খাদ্যৰ লগত আলু একেলগে কেতিয়াও নাখাব

2 months ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

11 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

11 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

12 hours ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

13 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

14 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

14 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

15 hours ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

15 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

17 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

17 hours ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

18 hours ago
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাৱধান! এই কেইবিধ খাদ্যৰ লগত আলু একেলগে কেতিয়াও নাখাব

আলুৰ পৰা হ'ব পৰা সমস্যাবোৰ কি কি?

editor by editor
June 13, 2026
in খাদ্য, জীৱনশৈলী, বিবিধ, লেখা, সমীক্ষণ (আলোচনী), স্বাস্থ্য
0
সাৱধান! এই কেইবিধ খাদ্যৰ লগত আলু একেলগে কেতিয়াও নাখাব
0
SHARES
329
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ আটাইতকৈ জনপ্ৰিয় খাদ্যসমূহৰ ভিতৰত অন্যতম হৈছে আলু। আলু পিটিকা, ফ্ৰেঞ্চ ফ্ৰাইছ, চিপছ অথবা সাধাৰণভাৱে বিভিন্ন খাদ্যৰ সৈতে ৰন্ধা আলুৰ ব্যঞ্জন প্ৰায় সকলো দেশৰ খাদ্যাভ্যাসতে থাকে। কিন্তু বহুতে আলু খোৱাৰ পিছত পেট ফুলা, গেছৰ সমস্যা হোৱা বা অস্বস্তি অনুভৱ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।

কি কি খাদ্যৰ লগত আলু একেলগে খোৱাটো হানিকাৰক?

আমিষ আহাৰৰ লগত একেলগে আলু খোৱাটো পাৰ্যমানে বাৰণ কৰিব লাগে। আমিষ আহাৰ যেনে মাছ, মাংস, কণীৰ লগত একেলগে আলু খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। মাংস, মাছ আৰু কণীৰ দৰে প্ৰ’টিনসমৃদ্ধ খাদ্য সঠিকভাৱে হজম হ’বলৈ অম্লীয় পৰিবেশৰ প্ৰয়োজন হয়। আনহাতে, আলুৰ দৰে ষ্টাৰ্চসমৃদ্ধ খাদ্য হজমৰ বাবে ক্ষাৰীয় পৰিবেশ অধিক উপযোগী। এই দুয়োটা ধৰণৰ খাদ্য একেলগে গ্ৰহণ কৰিলে পাচনতন্ত্ৰই অধিক পৰিশ্ৰম কৰিবলগীয়া হয়, যাৰ ফলত বদহজম, পেট ফুলি থকা আৰু শৰীৰে অৱসাদ অনুভৱ কৰিব পাৰে। বিভিন্ন গাখীৰৰ উপাদান যেনে পনীৰ, দৈ, মাখন আদিৰ লগতো আলু একেলগে খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। গাখীৰেৰে নিৰ্মিত বিভিন্ন খাদ্যৰ লগত একেলগে আলু খালে পাচনতন্ত্ৰই খাদ্যবিধ পাচন কৰাত প্ৰয়োজনতকৈ অধিক সময় লয়। যাৰ ফলত বদহজম, গেষ্ট্ৰিকৰ দৰে সমস্যাত ভুগিব পাৰে। কল, বিলাহী আদিৰ লগতো একেলগে অধিক পৰিমাণৰ আলু খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক।

আলুৱে গেছৰ সমস্যা কৰে নেকি?

চিকিৎসা বিশেষজ্ঞসকলৰ মতে, আলু সাধাৰণতে অত্যধিক গেছ সৃষ্টি কৰা খাদ্যৰ তালিকাৰ ভিতৰত নপৰে। তথাপি কিছুমান বিশেষ পৰিস্থিতিত বা অধিক পৰিমাণে আলু খালে পেট ফুলা, অস্বাভাৱিকভাৱে পেট ভৰ্তি হৈ থকাৰ দৰে অনুভৱ হোৱা বা গেছৰ সমস্যা দেখা দিব পাৰে। আচলতে বিশেষজ্ঞৰ মতে, পেটত গেছ হোৱাৰ বিষয়টো কেৱল আলুৰ ওপৰত নিৰ্ভৰ নকৰে। খাদ্য ৰন্ধাৰ ধৰণ, খোৱাৰ পৰিমাণ আৰু শৰীৰে বিভিন্ন ধৰণৰ ষ্টাৰ্চ কেনেদৰে গ্ৰহণ কৰে—এই সকলোবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ খাদ্যত থকা কিছুমান কাৰ্বহাইড্ৰেট সৰু অন্ত্ৰত সম্পূৰ্ণৰূপে হজম নহয়। এই অৱশিষ্ট অংশ বৃহৎ অন্ত্ৰলৈ গ’লে তাত থকা বেক্টেৰিয়াই ইয়াক ভাঙিবলৈ আৰম্ভ কৰে। এই প্ৰক্ৰিয়াক ফাৰ্মেণ্টেচন বোলা হয়। ফলস্বৰূপে হাইড্ৰ’জেন, মিথেন আৰু কাৰ্বন ডাইঅক্সাইড আদি গেছ উৎপন্ন হয়। যেতিয়া এই প্ৰক্ৰিয়া অধিক হয় তেতিয়া পেট ফুলা, গেছ আৰু অস্বাভাৱিকভাৱে পেটটো ভৰ্তি ভৰ্তি লগাৰ দৰে অস্বস্তিৰ সৃষ্টি হ’ব পাৰে। আলুত মূলতঃ ষ্টাৰ্চ থাকে। ইয়াৰ অধিকাংশ অংশ শৰীৰে সহজেই হজম কৰি লয় যদিও কিছুমান অংশ হজম নোহোৱাকৈ বৃহৎ অন্ত্ৰলৈ যায়। বিশেষকৈ ‘ৰেজিষ্টেণ্ট ষ্টাৰ্চ’ নামৰ এক ধৰণৰ ষ্টাৰ্চ অন্ত্ৰৰ উপকাৰী জীৱাণুৰ খাদ্য হিচাপে কাম কৰে। এই উপকাৰী প্ৰভাৱৰ বাবে ই অন্ত্ৰৰ দীৰ্ঘম্যাদী স্বাস্থ্য উন্নত কৰাত সহায় কৰে। কিন্তু একে সময়তে ইয়াৰ ফাৰ্মেণ্টেচনৰ ফলত কিছুমান লোকৰ শৰীৰত সাময়িকভাৱে অধিক গেছ উৎপন্ন হ’ব পাৰে।

আলুৰ দৰে আৰু কোনবোৰ পাচলিয়ে এনে সমস্যাৰ সৃষ্টি কৰিব পাৰে?

আলুৰ দৰে কাৰ্বহাইড্ৰেটসমৃদ্ধ খাদ্যৰ লগতে বীন, মুলা আদি শাক-পাচলিয়েও একে ধৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে। সেয়েহে পেটত গেছ হ’লেই কেৱল আলুক দোষ দিয়াটো উচিত নহয়। বৰঞ্চ প্ৰতিজন ব্যক্তিৰ পাচন-ব্যৱস্থা বেলেগ বেলেগ হোৱাৰ বাবে খাদ্যৰ প্ৰতিক্ৰিয়াও পৃথক হয়। আনহাতে, কিছুমান ক্ষেত্ৰত আলুৰ সৈতে খোৱা আন খাদ্যই এই সমস্যা বঢ়াই তুলিব পাৰে। উদাহৰণস্বৰূপে, যদি কোনোবাই দাইল আৰু আলু একেলগে খোৱাৰ পিছত অস্বস্তি অনুভৱ কৰে, তেন্তে পৰৱৰ্তী সময়ত দুয়োটা পৃথক কৈ খাই লক্ষ্য কৰাটো উপযোগী হ’ব। তেতিয়াহে প্ৰকৃততে কোন খাদ্যই সমস্যাৰ সৃষ্টি কৰিছে সেয়া বুজি পোৱা সম্ভৱ। লেক্ট’জ অসহিষ্ণুতা থকা লোকসকলৰ ক্ষেত্ৰত দুগ্ধজাত খাদ্য খোৱাৰ পিছতো গেছ আৰু পেট ফুলাৰ সমস্যাই দেখা দিব পাৰে। তদুপৰি, বেছিকৈ ভজা আলু বা ফ্ৰেঞ্চ ফ্ৰাইছত চৰ্বিৰ পৰিমাণ অধিক হোৱাৰ বাবে এইবোৰ হজম হ’বলৈ অধিক সময় লাগে। ফলত বহু সময়লৈকে পেট ফুলি থকাৰ দৰে অস্বস্তি অনুভৱ হ’ব পাৰে। আলু নিজেই গেছৰ কাৰক নহয়। ইয়াৰ প্ৰভাৱ ব্যক্তিভেদে বেলেগ। সুষম পৰিমাণে খালে আলু এক পুষ্টিকৰ আৰু উপকাৰী খাদ্য। কিন্তু যদি কোনো বিশেষ খাদ্য খোৱাৰ পিছত পেট ফুলা বা গেছৰ সমস্যা বাৰে বাৰে দেখা দিয়ে আৰু দুই সপ্তাহতকৈ অধিক সময় ধৰি এই সমস্যা চলি থাকে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱেই উত্তম।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!
অসম

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

August 22, 2026
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ
বাণিজ্য

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

August 22, 2026
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ
জীৱনশৈলী

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

August 22, 2026
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা
অসম

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

August 22, 2026
Next Post
অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী

অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী

আমেৰিকাৰ ট্ৰাম্প চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, বিদেশীসকলৰ বাবে বন্ধ কৰিলে এই সুবিধা

আমেৰিকাৰ ট্ৰাম্প চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, বিদেশীসকলৰ বাবে বন্ধ কৰিলে এই সুবিধা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.