NEET প্ৰশ্নকাকত ফাদিলৰ পিছতে অধিক সতৰ্ক হৈছে কেন্দ্ৰীয় চৰকাৰ কাৰণ NEET প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ পিছতে কক্ৰোচ জনতা পাৰ্টীয়ে যিদৰে গণ আন্দোলনৰ জৰিয়তে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰি আহিছে তাৰ পিছত পুনৰাই NEET পৰীক্ষা আয়োজন কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিস্ক ল’ব বিচৰা নাই চৰকাৰে। সেয়ে কেন্দ্ৰীয় চৰকাৰে মেছেজিং প্লেটফৰ্ম টেলিগ্ৰামৰ ওপৰত সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। NEET (UG) ২০২৬-ৰ পুনঃপৰীক্ষাক সুকলমে, নিৰপেক্ষভাৱে আৰু সুৰক্ষিতভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই স্বাগতম জনাইছে।
কেতিয়ালৈ আৰু কিয় আৰোপ কৰা হ’ল এই নিষেধাজ্ঞা
ইলেক্ট্ৰ’নিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি ভাৰতত টেলিগ্ৰামৰ সেৱা ২২ জুন ২০২৬ পৰ্যন্ত সাময়িকভাৱে বন্ধ থাকিব। উল্লেখ্য যে NEET (UG) ২০২৬-ৰ পুনঃপৰীক্ষা ২১ জুনত অনুষ্ঠিত হ’ব। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ মতে, পৰীক্ষাৰ প্ৰশ্নপত্ৰ, গুজৱ আৰু ভুৱা তথ্যৰ প্ৰচাৰ ৰোধ কৰাত এই সিদ্ধান্ত সহায়ক হ’ব। সংস্থাটোৱে কয় যে পৰীক্ষা ব্যৱস্থাৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা বজাই ৰখাটো তেওঁলোকৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই লগতে উল্লেখ কৰে যে বিগত কেইবছৰমানত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সময়ত সামাজিক মাধ্যম আৰু মেছেজিং প্লেটফৰ্মৰ জৰিয়তে ভুৱা তথ্য আৰু পৰীক্ষা সম্পৰ্কীয় সামগ্ৰী প্ৰচাৰৰ অভিযোগ উত্থাপিত হৈছিল। সেই পৰিপ্ৰেক্ষিতত সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ পৰীক্ষাৰ্থীলৈ কি আহ্বান?
পুনঃপৰীক্ষাত অংশগ্ৰহণ কৰিবলগীয়া প্ৰাৰ্থীসকলক ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই কেৱল চৰকাৰী ৱেবছাইট আৰু চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ দ্বাৰা অনুমোদিত তথ্য-মাধ্যমসমূহৰ ওপৰতহে ভৰসা কৰিবলৈ আহ্বান জনাইছে। লগতে যিকোনো অপ্ৰমাণিত তথ্য বা গুজৱৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
Telegram reopen হ’লেও বন্ধ থাকিব সম্পাদনাৰ সুবিধা
ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই লগতে বিবৃতিযোগে সদৰী কৰিছে যে তথ্য প্ৰযুক্তি আইন, ২০০০ৰ ধাৰা ৬৯-A অনুসৰি টেলিগ্ৰামৰ ওপৰত এই সাময়িক নিষেধাজ্ঞা আৰোপ কৰা হৈছে, যি ২২ জুন ২০২৬ পৰ্যন্ত বলবৎ থাকিব। ইয়াৰ উপৰিও আন এটা নিৰ্দেশনা অনুসৰি টেলিগ্ৰামে ভাৰতত ইতিমধ্যে পঠোৱা বাৰ্তা সম্পাদনা কৰাৰ সুবিধা ৩০ জুন ২০২৬ পৰ্যন্ত স্থগিত ৰাখিব লাগিব। এই ব্যৱস্থাৰ উদ্দেশ্য হৈছে পৰীক্ষাৰ পিছত ভুৱা ‘পেপাৰ লিক’ৰ প্ৰমাণ তৈয়াৰ কৰাৰ দৰে অসৎ কাৰ্যকলাপ ৰোধ কৰা। চৰকাৰৰ মতে, এই দুয়োটা পদক্ষেপৰ মূল উদ্দেশ্য হৈছে জনশৃংখলা অক্ষুণ্ণ ৰখা আৰু NEET (UG) ২০২৬-ৰ পুনঃপৰীক্ষাৰ্থীসকলক বিপথে পৰিচালিত কৰাৰ অপচেষ্টা কৰা দুষ্ট চক্ৰসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















