• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

2 months ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

30 minutes ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

1 hour ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

2 hours ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

2 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

4 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

4 hours ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

4 hours ago
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

6 hours ago
কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

6 hours ago
ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

7 hours ago
এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

8 hours ago
কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

বিতৰ্ক আৰু আন্দোলনৰ পিছতে শিৰনত পাক চৰকাৰ

editor by editor
June 18, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা, স্বাস্থ্য
0
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’
0
SHARES
281
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ আৰ্থিক অৱস্থা যে দীৰ্ঘদিনৰ পৰা লাওলোৱা অৱস্থা হৈ আছে সেয়া সকলোৱে জানে। ৰাজহ বৃদ্ধি কৰি চৰকাৰ চলোৱাৰ উদ্দেশ্যে দেশখনত বিভিন্ন ধৰণৰ কৰ আৰোপ কৰা হৈছিল। তেনে এক বিতৰ্কিত ব্যৱস্থা আছিল মহিলাসকলৰ ঋতুস্ৰাৱৰ সৈতে জড়িত স্বাস্থ্যসামগ্ৰীৰ ওপৰত আৰোপ কৰা তথাকথিত ‘পিৰিয়ড টেক্স’ বা ঋতুস্ৰাৱ কৰ। দীৰ্ঘ সময় ধৰি পাকিস্তান চৰকাৰে চেনিটাৰী পেড আৰু অন্যান্য ঋতুস্ৰাৱজনিত স্বাস্থ্যসামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰি আহিছিল। পাকিস্তান চৰকাৰে আৰোপ কৰা এই কৰক সাধাৰণতে ‘পিংক টেক্স’ বা ‘পিৰিয়ড টেক্স’ বুলিও কোৱা হৈছিল। পাকিস্তানত দেশীয়ভাৱে উৎপাদিত সামগ্ৰীৰ ওপৰত ১৮% বিক্ৰী কৰ (Sales Tax) আৰু আমদানিকৃত সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫% শুল্ক আৰোপ কৰা হৈছিল। সমান্তৰালভাৱে মহিলা অধিকাৰ সংগঠনসমূহে এই ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰি দীৰ্ঘ সময়ৰ পৰা কৈ আহিছিল যে- ঋতুস্ৰাৱজনিত স্বাস্থ্যসামগ্ৰী কোনো বিলাসী বস্তু নহয়; এইবোৰ মহিলাসকলৰ মৌলিক প্ৰয়োজনীয়তা। সেয়েহে এনে সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰাটো মহিলাসকলৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা জাপি দিয়াৰ সমান।

আইনী প্ৰত্যাহ্বান আৰু গণ আন্দোলনে সলনি কৰিলে পৰিস্থিতি

‘পিৰিয়ড টেক্স’ৰ বিৰুদ্ধে জনসাধাৰণৰ এই ক্ষোভ আৰু প্ৰতিবাদক আদালতৰ মজিয়ালৈ নিয়ে পাকিস্তানৰ দুজন যুৱ অধিবক্তা ক্ৰমে মাহনুৰ ওমৰ আৰু আহচান জাহাংগীৰ খানে। তেওঁলোকে পৰিয়ড টেক্স সন্দৰ্ভত এখন আবেদন প্ৰস্তুত কৰি পাকিস্তানৰ সৰ্বোচ্চ আদালতত দাখিল কৰে। অধিবক্তা দুজনে আবেদনখনত যুক্তি দি কৈছিল যে-ঋতুস্ৰাৱজনিত স্বাস্থ্যসামগ্ৰীক অত্যাৱশ্যকীয় সামগ্ৰীৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা উচিত। লগতে মহিলাসকলৰ স্বাস্থ্য, মৰ্যাদা আৰু সমাজত পুৰুষৰ সমানে অংশগ্ৰহণ নিশ্চিত কৰিবলৈ এনে সামগ্ৰী সুলভ মূল্যত উপলব্ধ হোৱাটো অতি প্ৰয়োজনীয়। লগতে আবেদনত এই কথাও উল্লেখ কৰা হৈছিল যে পাকিস্তানৰ বহু মহিলা আৰু কিশোৰীয়ে ব্যয়বহুল চেনিটাৰী সামগ্ৰী কিনিব নোৱাৰি কাপোৰ বা ঘৰুৱা অস্বাস্থ্যসন্মত বিকল্প ব্যৱহাৰ কৰে, যাৰ ফলত বিভিন্ন ধৰণৰ সংক্ৰমণ আৰু স্বাস্থ্যজনিত সমস্যাৰ আশংকা বৃদ্ধি পায়। ইয়াৰ সমান্তৰালভাৱে পাকিস্তানৰ ছ’চিয়েল মিডিয়াতো এই সন্দৰ্ভত ব্যাপক জনসচেতনতামূলক অভিযান আৰম্ভ হয়। হাজাৰ হাজাৰ লোকে এই প্ৰতিবাদী কাৰ্যসূচীৰ সপক্ষে ছ’চিয়েল মিডিয়াত সমৰ্থন জনায়। ফলত মহিলাসকলৰ স্বাস্থ্য আৰু অৰ্থনৈতিক অধিকাৰক কেন্দ্ৰ কৰি সমগ্ৰ পাকিস্তানতে এই সন্দৰ্ভত প্ৰতিবাদৰ জোৱাৰ উঠে।

চৰকাৰে অৱশেষত বাতিল কৰিলে ‘পিৰিয়ড টেক্স’

বিতৰ্ক আৰু আন্দোলন ক্ৰমাৎ বৃদ্ধি পোৱাৰ পিছতে পাকিস্তান চৰকাৰে নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ বাধ্য হয়। দেশখনৰ বিত্তমন্ত্ৰী মুহাম্মদ ঔৰংজেৱে বাজেট ভাষণত ঘোষণা কৰে যে চেনিটাৰী সামগ্ৰী মহিলাসকলৰ স্বাস্থ্য আৰু মৰ্যাদাৰ সৈতে জড়িত এক অত্যাৱশ্যকীয় বস্তু। সেইবাবে ইয়াৰ ওপৰত আৰোপ কৰা ১৮% বিক্ৰী কৰ বাতিল কৰা হ’ব। ইয়াৰ লগতে গৰ্ভনিৰোধক সামগ্ৰীৰ ওপৰত থকা কৰো প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হয়। চৰকাৰৰ মতে, এই পদক্ষেপে জনস্বাস্থ্য সুৰক্ষা আৰু পৰিয়াল পৰিকল্পনাৰ লক্ষ্য অধিক শক্তিশালী কৰি তুলিব। চৰকাৰৰ এই সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ পিছত পাকিস্তানৰ বজাৰত ঋতুস্ৰাৱজনিত স্বাস্থ্যসামগ্ৰীৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

‘পিৰিয়ড টেক্স’ বাতিলৰ সিদ্ধান্তৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ

‘পিৰিয়ড টেক্স’ বাতিল হোৱাটো পাকিস্তানৰ লাখ লাখ মহিলা আৰু কিশোৰীৰ বাবে এক স্বস্তিদায়ক খবৰ। ইয়াৰ ফলত ঋতুস্ৰাৱজনিত স্বাস্থ্যসামগ্ৰী অধিক সুলভ আৰু সহজলভ্য হ’ব। বিশেষকৈ পাকিস্তানৰ নিম্ন আয়ৰ পৰিয়ালসমূহে ইয়াৰ পৰা সৰ্বাধিক লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। UNICEFৰ তথ্য অনুসৰি, পাকিস্তানত এতিয়াও সীমিত সংখ্যক মহিলা আৰু কিশোৰীয়ে বাণিজ্যিকভাৱে উৎপাদিত চেনিটাৰী সামগ্ৰী ব্যৱহাৰ কৰে। ইয়াৰ অন্যতম কাৰণ হৈছে উচ্চ মূল্য। বহুতে এতিয়াও কাপোৰ বা অন্যান্য ঘৰুৱা বিকল্পৰ ওপৰত নিৰ্ভৰশীল, যাৰ ফলত স্বাস্থ্যজনিত জটিলতাৰ আশংকা বৃদ্ধি পায়।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট
বাণিজ্য

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

August 22, 2026
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!
জীৱনশৈলী

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

August 22, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

August 22, 2026
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য
জীৱনশৈলী

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

August 22, 2026
Next Post
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.